• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ প্ৰকৃত ছবিখন জনতাই নুবুজিলে ২৪ত পুনৰ শাসনলৈ আহিব নেকি বিজেপি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
December 14, 2023 2:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি কোনে দিশে? সকলোৱে ভাবি আছিল যে পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ অন্ততঃ তিনিখনত কংগ্ৰেছে ভাল ফল দেখুৱাব আৰু ই দেশৰ আগন্তুক ৰাজনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। বাস্তৱত তাৰ ঠিক ওলোটাটোহে হ’ল। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত কংগ্ৰেছৰ মূৰত যেন সৰগহে ভাগি পৰিল। কংগ্ৰেছৰ নেতা, কৰ্মী সকলোকে হতাশাই ছানি ধৰিলে। বিজেপিয়ে হেটট্ৰিক ঘোষণা কৰিলে, অৰ্থাৎ ছট্টিছগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশত যিহেতু তেওঁলোকে নিৰ্বাচন জিকিছে তেওঁলোকে ২০২৪ৰ সাধাৰণ নিৰ্বাচন জিকাটো এতিয়া নিশ্চিত হ’ল।

তাৰপিছত,  দিয়ক উচ্চতম ন্যায়ালয়ে জন্মু-কাশ্মীৰৰ ক্ষেত্ৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা সন্দৰ্ভত ৰায়। বচ, বিজেপিক আৰু কি লাগে? তেওঁলোকৰ পূৰা ধিনিকি ধিন দাও অৱস্থা। তাতে আহিল ঝাৰখণ্ডৰ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ প্ৰতিষ্ঠান Boundh Distillery Private Limitedত আয়কৰ বিভাগৰ তালাচী। টকা গণি বোলে মানুহ ভাগৰি পৰিছে। গণি আছে, গণি আছে। গণি গণি শেষ কৰি পালে ৩৫১ কোটি টকা। এইবাৰ আৰু বিজেপিক কোনে পায়? কংগ্ৰেছ কিমান দুৰ্নীতি পৰায়ণ ইয়াতকৈ আৰু কিবা বেছি প্ৰমাণ লাগেনে? বজোৱা বজোৱা, চাৰিওফালে কংগ্ৰেছৰ বিৰুদ্ধে ৰণ-দুন্দুভি বজোৱা।

Apply Now

হিন্দী বলয়ৰ তিনি ৰাজ্যত হাৰি এনেয়ে কংগ্ৰেছৰ অৱস্থা কাহিল, তাতে আকৌ ধীৰাজ চাহু আহি ভূতৰ ওপৰত দানহ পৰিলহি। কংগ্ৰেছ হতাশ, মানে বৰ বেয়াকৈয়ে হতাশ হ’ল। কংগ্ৰেছ জয় পৰি গ’ল। ইণ্ডিয়া এলায়েঞ্চৰ মাত বোল নোহোৱা হ’ল। বিৰোধীক সমৰ্থন দিয়া নাগৰিক সমাজ, মানে ইংৰাজীত যাক Civil Society বুলি কোৱা হয়, তেওঁলোকেও চকুৰে সৰিয়হ ফুল দেখিলে। মানে বিজেপি বিৰোধী শিবিৰটোৰ একো নাই অৱস্থা! এইবোৰকে সম্বল কৰি বিজেপি আৰু তেওঁলোকৰ পোহনীয়া আৰু ভেৰোণীয়া প্ৰচাৰ মাধ্যমে কংগ্ৰেছ, বিৰোধী পক্ষ আৰু যিসকল নিৰ্দলীয় ব্যক্তিয়ে নীতিগতভাবে বিজেপিৰ বিৰোধিতা কৰিছিল তেওঁলোকৰ বিৰুদ্ধে, তেওঁলোকৰ ওপৰত এটা মানসিক চাপ সৃষ্টি কৰি তেওঁলোকক উদ্যমহীন কৰি নিচিহ্ন কৰি পেলাব বিচাৰিলে।

কিন্তু, বাস্তৱ পৰিস্থিতিটো কি? বিৰোধী পক্ষৰ কাৰণে পৰিস্থিতি সঁচাকৈয়ে ইমান বেয়ানে? কংগ্ৰেছ, বিৰোধী ৰাজনৈতিক দল বা তেওঁলোকৰ সমৰ্থনত থকা নাগৰিক সমাজবোৰ এনেদৰে ভাগি পৰাটো বাস্তৱসন্মত হৈছেনে? প্ৰথম কথা- ঠিক আছে তেওঁলোকে তিনি ৰাজ্যৰ নিৰ্বাচনত জিকিল। কিন্তু সেই তিনিখন ৰাজ্যত মুখ্যমন্ত্ৰী নিৰ্বাচনত তেওঁলোকে কিয় বাৰ দিন লগাব লগা হ’ল? ই কি এটা কাঢ়া অনুশাসন থকা বা শৃংখলাবদ্ধ ৰাজনৈতিক দলৰ লক্ষণ? এইটোৱে কি বুজায়? ই এইটোকে বুজায় যে কংগ্ৰেছৰ দলাদলি বিজেপিতো আছে। কেন্দ্ৰত বিজেপি চৰকাৰ থকা কাৰণেহে তেওঁলোকে কোনো ৰকম বিজেপিত সকলোকে থুপিথাপি ৰাখিব পাৰিছে। কেন্দ্ৰত ক্ষমতা গ’লে চাব, কোনে তেওঁলোকক এক কৰি ৰাখে?

তাৰপিছত আহোঁ, আমি আচল কথাটোলৈ। হয়, এই তিনিখন ৰাজ্যত কংগ্ৰেছ জিকিলে কংগ্ৰেছ বা ইণ্ডিয়া এলায়েঞ্চৰ মাজত বেলেগ উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি হ’লহেঁতেন? কিন্তু, পূৰ্বৰ তথ্যই আমাক কি কয়? যোৱা মানে ২০১৯ৰ সাধাৰণ নিৰ্বাচনত এই তিনিখন ৰাজ্যৰ সংসদীয় নিৰ্বাচনত কোন দলে কিমান আসন পাইছিল? মধ্যপ্ৰদেশৰ আসন আছিল ২৯ খন, তাৰে ২৮ খন পাইছিল বিজেপিয়ে আৰু মাত্ৰ এখন পাইছিল কংগ্ৰেছে। ৰাজস্থানৰ ২৫খন আসনৰ ২৪খনে পাইছিল বিজেপিয়ে আৰু শূন্যখন পাইছিল কংগ্ৰেছে। বাকী এখনত আছিল অন্য কোনোবা। ছত্তীশগড়ত বিজেপিয়ে পাইছিল ৯খন আৰু কংগ্ৰেছে পাইছিল মাত্ৰ ২খন। তেন্তে, এই তিনিখন ৰাজ্যত বিজেপি বা কংগ্ৰেছৰ জয় পৰাজয়ে আগন্তুক লোকসভা নিৰ্বাচন কেনেকৈ প্ৰভাৱিত কৰিব? এই ৰাজ্য কেইখনত কংগ্ৰেছৰ হেৰুৱাব লগা আছে মাত্ৰ তিনিখন আখন আৰু তাৰ বিপৰীতে বিজেপিৰ হেৰুৱাবলৈ আছে ৬১খন আখন। গতিকে লোকসভাৰ নিৰ্বাচন সম্পৰ্কে ভয় কোনে খাব লাগে? বিজেপি নে কংগ্ৰেছে?

তাৰপিছত আহিল সংবিধানৰ ৩৭০ৰ কথা। ভাৰতৰ স্বাধীনতা আন্দোলন, ১৯৫৩ চনৰ ভাষা ভিত্তিক ৰাজ্য পুনৰগঠন আয়োগৰ প্ৰতিবেদন আৰু পৰামৰ্শৰ ভিত্তিত ভাৰতৰ ৰাজ্য সমূহ পুনৰ গঠিত হৈছিল। এতিয়া যদি কেন্দ্ৰীয় চৰকাৰে নিজৰ মৰ্জি মতে ৰাইজৰ মতামতক, ৰাজ্য চৰকাৰৰ মতামতক কোনো গুৰুত্ব নিদিয়াকৈ ৰাজ্য ভঙাপতা কৰে আৰু উচ্চতম ন্যায়ালয়ে তাত অনুমোদন জনায়, তেন্তে আমি কি কৰিব পাৰোঁ? আমি তাৰ যুক্তিযুক্ততা ৰাইজক ক’ব পাৰোঁ। সেই ৰায় উচিত অনুচিত সেই কথা ৰাইজক জনাব পাৰোঁ। ই যে যু্ক্তৰাষ্টীয় পদ্ধতিৰ ওপৰতে কুঠাৰাঘাত সেইটো আমি মানুহক ক’ব পাৰোঁ।

শেষত আহিল তৃতীয় কথাটো – মানে ধীৰাজ চাহু। কোনো অৰ্থনৈতিক অপৰাধীক প্ৰশ্ৰয় দিয়াৰ কথা নহয়। ধীৰাজ চাহুৱে দোষ কৰিলে তেওঁ শাস্তি পাওক। কিন্তু, ধীৰাজ চাহুৰ প্ৰতিষ্ঠানত পোৱা নগদ ধনৰ কিমানখিনি বৈধ কিমানখিনি অবৈধ সেই প্ৰশ্নৰ উত্তৰ আমি এতিয়াও পোৱা নাই। তাৰ উত্তৰ আহোঁতে অতি কমেও এক/ডেৰ বছৰ লাগিব। সেইটো মই কোৱা কথা নহয়, অৰ্থনৈতিক অপৰাধ বিশেষজ্ঞই কোৱা কথা। কিন্তু, আপোনালোকে ওৱাচিং পাউদাৰ নিৰ্মাৰ কথা কিয় পাহৰি গৈছে? মোদীয়ে এন চি পিৰ বিৰুদ্ধে ৭০হাজাৰ কোটিৰ অৰ্থনৈতিক কেলেংকাৰীৰ কথা কৈছিলনে নাই? তেন্তে সেই এন চি পিৰ অজিত পাৱাৰ, চগন ভূজপালৰ লগত কেনেকৈ বিজেপিয়ে চৰকাৰ কৰিলে? এন চি পি, শিৱসেনা আৰু কংগ্ৰেছে লগ কৰি মহাৰাষ্ট্ৰত চৰকাৰ কৰা সময়ত চগন ভূজপালক জেলত দিয়া হৈছিল আৰু এতিয়া যেতিয়া তেওঁলোকে বিজেপিৰ চৰকাৰত সোমাল সেইবোৰ সাত খুন মাফ হ’ল। শেহতীয়া খবৰটো কি জানেনে? আজি তিনি দিন নে চাৰিদিন আগতে  চগন ভূজপালৰ বিৰুদ্ধে থকা অভিযোগ ইডিয়ে উঠাই ল’লে। এই হৈছে বিজেপিৰ নিকা চৰকাৰ। আৰু কি?  দুনীয়াৰ দুৰ্নীতি কৰা আৰু ইলেকচন বণ্ডৰ দ্বাৰা বিজেপিক পইছা দিয়া, সকলো খালাচ। আৰ বি আইৰ পূৰ্বৰ গবৰ্ণৰ ৰঘুৰাম ৰাজনে তাকেইতো কৈছে।

কথা হ’ল, বিজেপি নিৰ্বাচনতহে জিকিছে। দেশখন তেওঁলোকে ক’লৈ লৈ গৈছে? আমি সকলোৱে দেখিছোঁ। কংগ্ৰেছ, বিৰোধী পক্ষ, নাগৰিক সমাজ যদি হতাশাত নিমজ্জিত হৈ থাকে, কোনে এইবোৰ কথা ৰাইজক ক’ব? নিজৰ মাজতে সভা কৰি থাকিলে তেওঁলোক হতাশ হ’বই। কংগ্ৰেছ, বিৰোধী পক্ষ, নাগৰিক সমাজ প্ৰথম নিজে সংহত আৰু সংগঠিত হ’ব লাগিব আৰু তাৰ পিছত তেওঁলোক ৰাইজৰ ওচৰলৈ যাব লাগিব। ঘৰে ঘৰে গৈ মানুহৰ কথা শুনিব লাগিব। মানুহক দেশৰ প্ৰকৃত ছবিখনৰ কথা ক’ব লাগিব। সেই সাহস গোটাব নোৱাৰিলে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত বিনা যুঁজে বিজেপিক এৰি দিয়া হ’ব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd