• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি পি সিঙৰ প্ৰত্যাহ্বান গ্ৰহণ আলফা (স্বাধীন)ৰ: বান্ধি দিলে দুটা চৰ্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2023 5:01 pm
GP Singh ULFA-I
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)- এ গ্ৰহণ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জনোৱা প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান গ্ৰহণৰ ক্ষেত্ৰত নিষিদ্ধ বিদ্ৰোহী সংগঠনটোৱে জি পি সিঙক দিছে দুটা চৰ্ত।

এক প্ৰেছ বিজ্ঞপ্তি যোগে আলফা (স্বাধীন)- এ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানজনলৈ দিছে সকীয়নি। উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা উজনি অসমত বৃদ্ধি পাইছে সংগঠনটোৰ কুচকাৱাজ।

Apply Now

শেহতীয়াকৈ যোৰহাটস্থিত এক সেনা চাউনিত হোৱা বিস্ফোৰণৰ দায়িত্বও স্বীকাৰ কৰিছিল সংগঠনটোৱে। ইয়াৰ পিছতে জি পি সিঙে আলফা (স্বাধীন)ক জনাইছিল প্ৰত্যাহ্বান।

আলফাক প্ৰত্যাহ্বান জনাই সিঙে কৈছিল যে কাহিলীপাৰা তেওঁৰ আৱাসিক ঠিকনা আৰু তেওঁৰ কাৰ্যালয়ৰ ঠিকনা উলুবাৰী। প্ৰয়োজন হ’লে তেওঁক টাৰ্গেট কৰিবলৈ আলফাক প্ৰত্যাহ্বান জনাইছিল তেওঁ।

জি পি সিঙৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আলফা (স্বাধীন)- এ আজি এক বিজ্ঞপ্তি জাৰি কৰে। বিজ্ঞপ্তিটোত সংগঠনটোৱে সিঙক তেখেতৰ গাড়ী চালকৰ লগতে নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰি অহা থলগিৰি জোৱানসকলক বাদ দিবলৈ চৰ্ত আৰোপ কৰিছে।

সংগঠনটোৰ চৰ্ত, জি পি সিঙে পশ্চিমা-দক্ষিণ-পূৱ-এছিয়া (WeSEA) অঞ্চলৰ যিসকল থলগিৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলক ব্যৱহাৰ কৰি আহিছে, সেইসকলক ঠাইত CRPF বা ভাৰতীয় সেনা বাহিনীক ব্যৱহাৰ কৰিব লাগে।

দ্বিতীয়তে চৰ্ত অনুসৰি, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক মাত্র এসপ্তাহ গুৱাহাটীত মুকলিকৈ তহল দি দেখুৱাবলৈ প্ৰত্যাহ্বান জনায়। এই দুই চৰ্তৰ বিনিময়ত জি পি সিঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু আলফা (স্বাধীন)।

সংগঠনটোৰ দাবী, এটা দশৰ পূৰ্বে সংগঠনে অসম আৰক্ষীৰ থলগিৰি বিষয়া/সদস্যৰ লগতে ৱেছিয়া অঞ্চলৰ থলগিৰি সামৰিক বিষয়া/সদস্য সকলৰ সৈতে সংঘৰ্ষত লিপ্ত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিগত সময়ত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আৰ কে সিঙৰ সৈতে সংঘৰ্বত বহুকেইগৰাকী থলগিৰি বিষয়া/সদস্যই মৃত্যুবৰণ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি আলফাই প্ৰকাশ কৰে।

এতিয়া আকৌ জি পি সিঙে পুনৰ সেই ভাতৃঘাটি সংঘৰ্ষৰ ৰূপ দিবলৈ বাৰে বাৰে চেষ্টা চলাইছে বুলি সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা (স্বাধীন)- এ অভিযোগ কৰিছে।

এই চৰ্ত গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সাহস নাই বুলিও দাবী কৰি আলফাই তেওঁৰ কেৱল মাথো ‘স্বাধীনতা ফুকন’ৰ দৰে নিৰস্ত্ৰ যুৱৱক নিশা শোৱাপাটিত পৰা উঠাই নি শীতল মস্তিষ্কৰে হত্যা কৰাৰহে সাহস আছে বুলি দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd