সোমবাৰে কংগ্ৰেছে আৰম্ভ কৰিছিল ড’নেট ফ’ৰ দেশ নামৰ এক অনুদান সংগ্ৰহ অভিযান। সেই ঘোষণাৰ কেইঘণ্টামানৰ ভিতৰতে দেখা গ’ল যে ইতিমধ্যে এই অভিযানৰ নামত মুকলি কৰা হৈছে দুটাকৈ ৱেবচাইট। ইয়াৰে এটা ৱেবছাইট বিজেপিৰ। আনটো অপ ইণ্ডিয়াৰ।
উল্লেখ্য যে ড’নেট ফ’ৰ দেশ অভিযান ঘোষণা কৰাৰ সময়ত ড’নেট ফ’ৰ দেশৰ নামত পঞ্জীয়ন কৰা নাছিল কোনো ৱেবচাইট। তাৰেই সুযোগ লৈ বিজেপিয়ে আগতীয়াকৈ এই নামত ৱেবচাইট পঞ্জীয়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।
কংগ্ৰেছে কৈছে যে বিজেপিয়ে ইচ্ছাকৃতভাৱে তেওঁলোকৰ কাৰ্যসূচীৰ নাম অনুকৰণ কৰি এটা ৱেবছাইট খুলিছে।
কংগ্ৰেছে কয় যে তেওঁলোকৰ অনুদান কাৰ্যসূচীৰ ৱেবছাইট হৈছে donateinc.net। কংগ্ৰেছৰ অভিযোগ যে বিজেপিয়ে তেওঁলোকৰ কাৰ্যসূচীৰ নামত ৱেবছাইট খুলি কংগ্ৰেছ সমৰ্থকক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে।
কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া শাখাৰ মুৰব্বী সুপ্ৰিয়া শ্ৰীনাতে অভিযোগ কৰে যে দলৰ অনুদান কাৰ্যসূচীক লৈ বিজেপিয়ে ভয় খাইছে। গতিকে তেওঁলোকে এই ধৰণৰ ‘ভুৱা ৱেবছাইট’ মুকলি কৰিছে।





