নিউজক্লিক পৰ্টেল গোচৰৰ তদন্তৰ বাবে অধিক সময় বিচাৰি পাটিয়ালা হাউছ কোৰ্টৰ কাষ চাপিছে দিল্লী আৰক্ষীয়ে। মঙলবাৰে দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত পাটিয়ালা হাউছ ক’ৰ্টৰ বিশেষ ন্যায়াধীশ হৰদীপ কৌৰক আবেদন জনায়। অহা ২২ ডিচেম্বৰত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।
মন কৰিবলগীয়া যে অহা ২২ ডিচেম্বৰত নিউজক্লিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু সংস্থাটোৰ মানৱ সম্পদৰ মুৰব্বী অমিত চক্ৰৱৰ্তীৰ ন্যায়িক কাৰ্যকাল শেষ হ’ব।
নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদনৰ ভিত্তিত যোৱা ৩ অক্টোবৰত নিউজক্লিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু সংস্থাটোৰ মানৱ সম্পদৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।
নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত অভিযোগ কৰা হৈছিল যে নিউজক্লিক পৰ্টেলে চীন সমৰ্থকৰ পৰা অপপ্ৰচাৰৰ বাবে ধন লাভ কৰিছিল। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে নিউজক্লিকে।
শেহতীয়াকৈ প্ৰবীৰ পুৰকায়স্থৰ পৰা জব্দ কৰা ইলেক্ট্ৰনিক সামগ্ৰীসমূহ বিষয়টোৰ তদন্তৰ বাবে মুকলি কৰি দিবলৈ কৰা আবেদন আদালতে নাকচ কৰে। এই পৰ্যায়ত আবেদনৰ অনুমতি দিবলৈ পৰ্যাপ্ত ন্যায্যতা নাই বুলি উল্লেখ কৰি ন্যায়াধীশে আবেদন খাৰিজ কৰে।
ইয়াৰ পূৰ্বে ১ ডিচেম্বৰত দিয়া আদেশত আদালতে প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা ২২ ডিচেম্বৰলৈ বৃদ্ধি কৰিছিল।
প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তী দুয়োজনে আৰক্ষীয়ে জব্দ কৰা বৈদ্যুতিন সামগ্ৰী ঘূৰাই দিবলৈ আৰু জামিন বিচাৰি আদালতত আবেদন দাখিল কৰিছিল।
১৭ নৱেম্বৰৰ শুনানিৰ সময়ত অমিত চক্ৰৱৰ্তীৰ অধিবক্তাই যুক্তি দিছিল যে কোম্পানীটোত তেওঁৰ মাত্ৰ ০.০৯ শতাংশ অংশীদাৰিত্ব আছে আৰু সাংবাদিকতা বা পৰিচালনাৰ ক্ষেত্ৰত তেওঁৰ কোনো ভূমিকা নাই।
তাৰ পিছত ২৫ অক্টোবৰত বিশেষ ন্যায়াধীশে আৰক্ষীৰ আবেদনৰ ভিত্তিত তেওঁলোকক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে আদালতত কয় যে সাক্ষী আৰু উদ্ধাৰ হোৱা ইলেক্ট্ৰনিক সামগ্ৰীৰ লগতে প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীক ক্ৰছ–একজামিন কৰাৰ প্ৰয়োজন আছে।
আৰক্ষী বিষয়া অতুল শ্ৰীবাস্তৱে আদালতত কয় যে এতিয়াও জেৰা চলি থকাৰ বাবে তেওঁলোকক জিম্মাত লোৱাৰ প্ৰয়োজন আছে।
যোৱা ৩ অক্টোবৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰিছিল পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক। গ্ৰেপ্তাৰৰ এদিন পিছত ৪ অক্টোবৰত বিশেষ ন্যায়াধীশে তেওঁলোকক সাত দিনীয়া আৰক্ষী জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত দুয়োজনেই আৰক্ষীৰ জিম্মাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ যায় আৰু উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।
আৰক্ষীৰ জিম্মাক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰাৰ বিৰুদ্ধে পুৰকায়স্থ আৰু চক্ৰৱৰ্তী দুয়োজনেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ১৯ অক্টোবৰত এই আবেদনৰ আধাৰত উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক জাননী জাৰি কৰিছিল।
প্ৰবীৰ পুৰকায়স্থৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে উচ্চ ন্যায়ালয়ত কয় যে “সকলো অভিযোগ মিছা আৰু চীনৰ পৰা এটকাও অহা নাই”।





