• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দলক আহ্বান বাৰ্নি ছেণ্ডাৰ্ছৰ

কেৱল ড’নাল্ড ট্ৰাম্পৰ বিৰোধিতা কৰাটোৱেই যথেষ্ট নহয় বুলি উল্লেখ কৰি ছেণ্ডাৰ্ছে সাধাৰণ শ্ৰমিক পৰিয়ালসমূহৰ জীৱনযাত্ৰাৰ মান উন্নত কৰিবলৈ ডেম’ক্ৰেটসকলক এক বলিষ্ঠ নীতিনিষ্ঠ কাৰ্যসূচী গ্ৰহণৰ আহ্বান জনাইছে।  

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2026 3:59 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেট আৰু ৰিপাব্লিকান উভয় দলকে একত্ৰিত হ’বলৈ আহ্বান জনাইছে বাৰ্নি ছেণ্ডাৰ্ছে। ডেভিদ জে হেৰিছ জুনিয়ৰৰ এক ছ’চিয়েল মিডিয়া প’ষ্টত উল্লেখ কৰা অনুসৰি, দেশখনৰ জনসাধাৰণ ‘ট্ৰাম্পবাদ’ আৰু স্বাস্থ্যসেৱা ব্যৱস্থা ধ্বংস কৰিব বিচৰা প্ৰশাসনক লৈ অতিষ্ঠ হৈ পৰিছে বুলি ছেণ্ডাৰ্ছে মন্তব্য কৰিছে। নিজৰ বাৰ্তাত বাৰ্ণী ছেণ্ডাৰ্ছে কয়, “সমগ্ৰ দেশৰ মানুহ এতিয়া ট্ৰাম্পবাদক লৈ অতিষ্ঠ আৰু ক্লান্ত হৈ পৰিছে। নিজৰ স্বাস্থ্যসেৱা ধ্বংস কৰিব বিচৰা এখন প্ৰশাসনক লৈ তেওঁলোক অতিষ্ঠ। ডেম’ক্ৰেট আৰু ৰিপাব্লিকানসকললৈ মোৰ বাৰ্তা এয়াই যে আহক আমি সকলোৱে একেলগে থিয় দিওঁ আৰু ট্ৰাম্পক স্পষ্টকৈ কওঁ যে আমি তেওঁৰ এই ধ্বংসলীলা মানি নলওঁ।”  

 

Apply Now

ইয়াৰ পূৰ্বে যোৱা ২৭ ছেপ্টেম্বৰত নিজৰ এক ছ’চিয়েল মিডিয়া প’ষ্টযোগে বাৰ্নি ছেণ্ডাৰ্ছে ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ ইতিহাসৰ ‘আটাইতকৈ বিপজ্জনক ৰাষ্ট্ৰপতি’ বুলি অভিহিত কৰিছিল আৰু তেওঁৰ ভয়াৱহ নীতিসমূহ ওফৰাই পেলাবলৈ ডেম’ক্ৰেটসকলক যথাসম্ভৱ সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। অৱশ্যে কেৱল ট্ৰাম্পক পৰাস্ত কৰাটোৱেই যথেষ্ট নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে দুৰ্দশাগ্ৰস্ত আমেৰিকান জনসাধাৰণে নিজৰ জীৱনত এক অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব পৰা শ্ৰমিক-বান্ধৱ কাৰ্যসূচী বিচাৰে। চহকী শ্ৰেণীক অধিক চহকী কৰা পুৰণি ব্যৱস্থাটোৰ বিৰুদ্ধে গৈ ডেম’ক্ৰেটসকলে অভিজাততন্ত্র, কৰ্প’ৰেট লোভ আৰু দুৰ্নীতিগ্ৰস্ত নিৰ্বাচনী পুঁজি ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সাহস গোটাব লাগিব বুলি তেওঁ মন্তব্য কৰে।

 

গণতন্ত্ৰৰ ওপৰত জনসাধাৰণৰ আস্থা পুনৰ ঘূৰাই আনিবলৈ আৰু চৰকাৰে কেৱল ধনকুবেৰ শ্ৰেণীৰ বাবেই নহয়, সাধাৰণ শ্ৰমিক পৰিয়ালৰ বাবেও কাম কৰিব পাৰে বুলি বিশ্বাস জন্মাবলৈ ডেম’ক্ৰেটসকলে ক্ষমতা ঘূৰাই পালে কেইটামান মূল কাম কৰিবই লাগিব বুলি ছেণ্ডাৰ্ছে উল্লেখ কৰে। ইয়াৰ অধীনত দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে স্বাস্থ্যসেৱাক এক মানৱ অধিকাৰ হিচাপে সুনিশ্চিত কৰি সকলোৰে বাবে ‘মেডিকেয়াৰ’ গৃহীত কৰা, শ্ৰমিকৰ নূন্যতম মজুৰি প্ৰতি ঘণ্টাত ২০ ডলাৰলৈ বৃদ্ধি কৰা আৰু শ্ৰমিকসকলে যাতে সহজেই ইউনিয়নত যোগদান কৰিব পাৰে তাৰ বাবে আইন প্ৰণয়ন কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। লগতে ধনকুবেৰ শ্ৰেণী আৰু বৃহৎ লাভজনক কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহৰ ওপৰত কৰ বৃদ্ধি কৰা, নিম্ন আয়ৰ আৰু সুলভ মূল্যৰ ৭০ লাখ বাসগৃহ নিৰ্মাণ কৰি গৃহ নিৰ্মাণৰ ব্যয় হ্ৰাস কৰা আৰু চৰকাৰী মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰাৰ বাবেও তেওঁ আহ্বান জনায়।

 

ইয়াৰ উপৰি নিৰ্বাচনৰ পৰা ধনকুবেৰৰ দ্বাৰা পুঁজিপ্ৰাপ্ত ‘ছুপাৰ পি এ চি’সমূহক আঁতৰোৱা আৰু জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে শক্তি দক্ষতা তথা বহনক্ষম শক্তিৰ ব্যৱহাৰৰ জৰিয়তে লাখ লাখ নতুন সংস্থাপন সৃষ্টি কৰাৰ সপক্ষে ছেণ্ডাৰ্ছে মত পোষণ কৰে। সমান্তৰালভাৱে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এ আইৰ অস্তিত্বগত আৰু অৰ্থনৈতিক ভাবুকিৰ পৰা আমেৰিকান জনসাধাৰণক সুৰক্ষা প্ৰদান কৰা, সামৰিক ব্যয় হ্ৰাস কৰা, ‘অন্তহীন যুদ্ধ’সমূহৰ অৱসান ঘটোৱা আৰু ইজৰাইললৈ সকলো ধৰণৰ মাৰ্কিন সামৰিক সাহায্য বন্ধ কৰাৰ দৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি তৃণমূল পৰ্যায়ৰ প্ৰগতিশীল আন্দোলনক অধিক সম্প্ৰসাৰিত কৰিবলৈ বাৰ্নি ছেণ্ডাৰ্ছে আহ্বান জনাইছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

October 22, 2026 4:13 pm
ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

October 22, 2026 4:12 pm
ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দলক আহ্বান বাৰ্নি ছেণ্ডাৰ্ছৰ

ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দলক আহ্বান বাৰ্নি ছেণ্ডাৰ্ছৰ

October 22, 2026 3:59 pm
পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 22, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

October 22, 2026 4:13 pm
ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

October 22, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd