বাতৰি অনুসৰি শনিবাৰে লোহিত সাগৰত ভাৰতৰ পতাকাবাহী এখন জাহাজত আক্ৰমণ কৰা হয়। ইয়াৰ পূৰ্বেও হুথি উগ্ৰপন্থীয়ে লোহিত সাগৰত ভাৰত অভিমুখী জাহাজত আক্ৰমণ চলাইছিল। অৱশ্যে ভাৰতৰ পতাকাবাহী জাহাজত এইবাৰ প্ৰথম ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে। এই ঘটনাৰ আঁৰত আছে য়েমেনৰ হুথি উগ্ৰপন্থী সংগঠন।
এই সন্দৰ্ভত আমেৰিকাৰ সেনাই কয় যে লোহিত সাগৰত ভাৰতৰ পতাকা থকা জাহাজখন হুথি উগ্ৰপন্থীৰ আক্ৰমণ বলি হোৱাত সহায়ৰ আহ্বান জনায়। সেই সময়ত সেই অঞ্চলত আমেৰিকাৰ এখন যুদ্ধ জাহাজ আছিল।
লগতে পঢ়কঃ ৰোহিতৰ দৰেই ‘অপমানিত’ হব নেকি ধোনী! ডাঙৰ আপডেট, মুখ খুলিলে CSKৰ CEO-ই
যিখন জাহাজত আক্ৰমণ কৰা হৈছিল সেই জাহাজখনৰ মালিক গাবনৰ এটা কোম্পানী। জাহাজখনৰ নাম – ‘এম ভি সাইবাবা’। ইপিনে, এই আক্ৰমণত জাহাজখনৰ কোনো নাৱিক হতাহত হোৱা নাই বুলি কোৱা হৈছে।
ইয়াৰ পূৰ্বে শুকুৰবাৰে গুজৰাটৰ উপকূলৰ পৰা মাত্ৰ ২০০ কিলোমিটাৰ দূৰত্বত ভাৰত অভিমুখী এখন জাহাজত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়। কিছুদিন পূৰ্বে ভাৰত অভিমুখী এখন জাহাজ য়েমেনৰ হুথি উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল।
লগতে পঢ়কঃবেংকত পৰি আছে দাবীহীন ৪২,২৭০ কোটি টকা; চাই লওক আপোনাৰো আছে নেকি!
শেহতীয়াকৈ আৰব সাগৰত এখন মালবাহী জাহাজত ছোমালি জলদস্যুই আক্ৰমণ কৰে। সেইদৰে, ২৩ ডিচেম্বৰত ভাৰত অভিমুখী এখন টেংকাৰ জাহাজত ড্ৰ’ন আক্ৰমণ কৰা হ’ল। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও এই অঞ্চলত জাহাজ চলোৱা সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে ব্ৰিটিছ সামৰিক বাহিনীয়ে।





