গোষ্ঠী সংঘৰ্ষই ছানি ধৰিছে আফ্ৰিকান দেশ নাইজেৰিয়াত। ইতিমধ্যে নাইজেৰিয়াত উগ্ৰপন্থী সংগঠনৰ আক্ৰমণত ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে।
মধ্য নাইজেৰিয়াৰ মালভূমি অঞ্চলৰ কেইবাখনো গাঁৱত ধৰ্মীয় বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ পাছতে এটা সশস্ত্ৰ সংগঠনে সাধাৰণ লোকৰ ওপৰত আক্ৰমণ চলায়।
স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি এই আক্ৰমণত ১১৩ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ৩০০ লোক।
বিগত কেইবছৰমানৰ পৰা নাইজেৰিয়াৰ মালভূমি অঞ্চলত ধৰ্মীয় আৰু জাতিগত উত্তেজনাই বিৰাজ কৰি আহিছে। জানিব পৰা মতে উগ্ৰপন্থী সংগঠনে আক্ৰমণ কৰা অঞ্চলসমূহত বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ে কাষে কাষে বাস কৰে।
স্থানীয় মুছলমান পশুপালক আৰু খ্ৰীষ্টান কৃষক সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে। জানি-বুজি জাতি-জনগোষ্ঠীয় উত্তেজনা সৃষ্টিৰ বাবে এই আক্ৰমণ সংঘটিত হয়।
স্থানীয়ভাৱে এই সশস্ত্ৰ গোটসমূহক ‘ডাকাট’ বুলি জনা যায়। আজিৰ দিনটোতে তেওঁলোকে ২০ টা পৃথক সম্প্ৰদায়ক আক্ৰমণ কৰে। সশস্ত্ৰ সংগঠনে হত্যালীলা চলোৱা উপৰিও এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ বাসগৃহসমূহো জ্বলাই দিয়ে।
এই ধৰ্মীয় সংঘৰ্ষত শতাধিক লোকৰ মৃত্যু হোৱাৰ পাছতে নাইজেৰিয়াৰ বৰ্তমানৰ চৰকাৰখন সমালোচনাৰ সন্মুখীন হৈছে। চলিত বৰ্ষত এনে একাধিক আক্ৰমণত কেবাশ লোকৰ মৃত্যু হৈছে।
ইয়াৰ পাছতো বিহিত ব্যৱস্থা নোলোৱা বুলি নাইজেৰিয়ান নাগৰিকে প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পূৰ্বে নাইজেৰিয়া সেনাৰ ড্ৰোন বিস্ফোৰণত ৮৫ জন সাধাৰণ নাগৰিক নিহত হৈছিল।
চৰকাৰে এই ঘটনাত আক্ষেপ প্ৰকাশ কৰি উগ্ৰপন্থী বিৰোধী অভিযানত হোৱা ভুলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।