অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেইচবুক একাউণ্ট, টুইটাৰ (বৰ্তমান ‘X’) আদি সামাজিক মাধ্যমবোৰৰ জৰিয়তে ধৰ্মগ্ৰন্থ ‘গীতা’ৰ উদ্ধৃতিৰে ব্ৰাহ্মণ্যবাদ তথা বৰ্ণবাদৰ পোষকতা কৰাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে।
দলটোৱে লগতে মুখ্যমন্ত্ৰীৰ অতীতমুখী-পশ্চাৎপদ চিন্তা তথা বীভৎস ৰাজনৈতিক দৰ্শন বর্জনৰ বাবে জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।
পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধুনিক সভ্যতা, গণতান্ত্ৰিক আৰু মানৱীয় প্ৰমূল্য সকলো বিসৰ্জন দি সমাজক ভাগ ভাগ কৰাত ব্যস্ত হৈ পৰিছে। তেওঁ কেৱল সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প বিয়পাই সমাজত ঘৃণা-বিদ্বেষ আৰু সংঘাতৰ বীজ সিঁচা নাই, এতিয়া ব্ৰাহ্মণ্যবাদৰো প্ৰবক্তা হৈ আধুনিক ভাৰতবৰ্ষত চতুৰ্বৰ্ণ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে উন্মাদপ্ৰায় হৈ পৰিছে। ‘হিন্দুত্ববাদ’ৰ নামত ক্ষমতাৰ খকত বলীয়া মুখ্যমন্ত্ৰী শৰ্মাই উদ্ধৃত কৰিছে গীতাৰ শ্লোক আৰু শূদ্রসকলক পৰামৰ্শ দিছে ব্ৰাহ্মণৰ সেৱাত নিযুক্ত হ’বলৈ।
চিপিআই(এম) দলে বিবৃতিটোত লগতে উল্লেখ কৰে যে বৰ্ণবাদী ব্যৱস্থাৰ প্ৰতি মুখ্যমন্ত্ৰী শৰ্মাৰ আনুগত্যক ধিক্কাৰ দিয়াৰ ভাষা নাই।
এয়া বিজেপিৰ শাসনত সমাজক অতীতৰ পিনে টানি নিয়াৰ ঘৃণ্য অপচেষ্টা মাথোন! অসমৰ দৰে ৰাজ্যত তথাকথিত ‘শূদ্ৰ’সকলক বৈদিক যুগৰ ৰীতিমতে ‘ব্ৰাহ্মণ’ আৰু ‘ক্ষত্ৰিয়’ৰ সেয়াত নিযুক্ত হ’বলৈ পৰামৰ্শ দিয়াৰ সহজ অৰ্থ হ’ল, অনুসূচিত জাতি-জনজাতিসহ ৰাজ্যৰ বিপুল সংখ্যক জনগণক তুচ্ছজ্ঞান কৰা আৰু আধুনিক সভ্যতা আৰু সমাজত তেওঁলোকৰ অধিকাৰবোৰ হৰণ কৰা।
এয়াই বিজেপি-আৰএছএছৰ ৰাজনৈতিক দৰ্শন। ইয়াক প্ৰতিহত কৰা প্ৰয়োজন। কাইলৈ এইজন মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সংবিধানৰ পৰিৱৰ্তে ‘মনু-সংহিতা’ৰ প্ৰতি অধিক আনুগত্য প্ৰকাশ কৰি ‘সতীদাহ’ প্ৰথাৰো পোষকতা কৰিব পাৰে।
সেয়ে সামাজিক ন্যায় প্ৰতিষ্ঠা আৰু সমতাৰ ভিত্তিত আধুনিক সমাজ নিৰ্মাণ তথা অগ্ৰগতিৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ববাদী আৰু বিভাজনবাদী ৰাজনীতিৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰি চিপিআই(এম) দলে মুখ্যমন্ত্ৰী-আৰএছএছ-বিজেপিৰ সাম্প্ৰদায়িক আৰু বিভাজনবাদী ৰাজনীতি প্ৰতিহত কৰিবলৈ ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।





