ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত বুধবাৰৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থিত ফাৰ্ম গেটত আৰম্ভ হৈছে ‘শিল্প সমাগম মেলা ২০২৬’। অহা ২৮ অক্টোবৰলৈকে চলিবলগীয়া এই মেলাত উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশৰ শিল্পীসকলে অংশগ্ৰহণ কৰি ভাৰতৰ চহকী হস্ততাঁত আৰু হস্তশিল্পৰ নিদৰ্শন দাঙি ধৰিছে।
মেলাখনত ৩১ গৰাকী মহিলাকে ধৰি মুঠ ৭৫ গৰাকী শিল্পীয়ে প্ৰায় ৪০ বিধ বিভিন্ন ধৰণৰ হস্ততাঁত আৰু পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে। এই অনুষ্ঠানে শিল্পীসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ দৰ্শনাৰ্থীৰ আগত প্ৰত্যক্ষভাৱে প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ এক উপযুক্ত মঞ্চ প্ৰদান কৰিব, যাৰ জৰিয়তে তেওঁলোকে গ্ৰাহকৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰি নিজৰ জীৱিকাৰ পথ অধিক প্ৰশস্ত কৰাৰ সুযোগ লাভ কৰিব।
মন্ত্ৰালয়ৰ অধীনত কাৰ্যক্ষম তিনিটা ৰাষ্ট্ৰীয় নিগম, ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্ত আৰু উন্নয়ন নিগম, ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু উন্নয়ন নিগম আৰু ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগমৰ হিতাধিকাৰী তথা শিল্পীসকলক বজাৰৰ সুবিধা প্ৰদান কৰাই হৈছে এই মেলাৰ মূল লক্ষ্য। অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু চাফাই কৰ্মচাৰীসকলৰ দক্ষতা আৰু উদ্যোগিক সম্ভাৱনাক আগুৱাই নিয়াৰ লগতে মন্ত্ৰালয়ৰ বিভিন্ন কল্যাণমূলক আৰু আৰ্থিক সাহায্য আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰাতো এই মেলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
গুৱাহাটী সংস্কৰণৰ এই মেলাখনত ‘ভাৰত-টিউলিপ’ নামৰ এক বিশেষ পদক্ষেপৰো প্ৰচাৰ চলোৱা হ’ব। এই কাৰ্যসূচীৰ জৰিয়তে পিছপৰা শ্ৰেণীৰ শিল্পীসকলৰ সামগ্ৰীসমূহ ভৌতিক বিপণী আৰু ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে বজাৰলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ দ্বাৰা বজাৰৰ সংযোগ সুদৃঢ় কৰা, গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰা আৰু পৰম্পৰাগত কলা-সংস্কৃতি সংৰক্ষণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
দৰ্শনাৰ্থীসকলৰ বাবে এই মেলা ভাৰতৰ বৈচিত্ৰ্যময় কলা, সংস্কৃতি আৰু পৰম্পৰাগত শিল্পকৰ্মক ওচৰৰ পৰা জনাৰ এক সুন্দৰ সুযোগ। এনে উদ্যোগৰ জৰিয়তে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে লক্ষ্য নিৰ্ধাৰিত সম্প্ৰদায়সমূহক ব্যৱসায়িক সুবিধা প্ৰদান আৰু বহনক্ষম জীৱিকাৰ বাট মুকলি কৰি সৱলীকৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে।





