ছৌদি আৰবৰ শ্বায়বাহ তৈলক্ষেত্ৰৰ সমীপত ড্ৰোণৰ ধ্বংসাৱশেষে সৃষ্টি কৰা এক অগ্নিকাণ্ডত এজন ভাৰতীয় নাগৰিক আহত হোৱাৰ লগতে দুজন বিদেশী শ্ৰমিক নিহত হৈছে। পাৰস্য উপসাগৰীয় অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পোৱা নিৰাপত্তাজনিত ভাবুকি আৰু উত্তেজনাৰ মাজতে এই ড্ৰোণ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
ছৌদি আৰবৰ শক্তি মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে পুৱা ৰাষ্ট্ৰীয় তেল কোম্পানী ‘ছৌদি আৰামকো’ৰ পূব প্ৰদেশত থকা শ্বায়বাহ তৈলক্ষেত্ৰৰ এক প্ৰকল্পক লক্ষ্য কৰি অহা এটা ড্ৰোণ আকাশমাৰ্গতে ধ্বংস কৰা হয়। অৱশ্যে ড্ৰোণটোৰ ধ্বংসাৱশেষ প্ৰকল্পটোৰ বাহিৰত থকা ঠিকাদাৰৰ এখন বাহনৰ ওপৰত পৰাৰ ফলত জুইৰ সূত্ৰপাত হয়। এই ঘটনাত এগৰাকী নেপালী আৰু এগৰাকী ফিলিপাইনৰ নাগৰিক নিহত হোৱাৰ বিপৰীতে এজন ভাৰতীয় আৰু এজন পাকিস্তানী নাগৰিক আহত হয়। কৰ্তৃপক্ষই তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত তৈলক্ষেত্ৰখনৰ স্বাভাৱিক কাম-কাজত কোনো ব্যাঘাত জন্মা নাই বুলি মন্ত্ৰালয়ে স্পষ্ট কৰিছে। লগতে মন্ত্ৰালয়ৰ তৰফৰ পৰা নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হৈছে।
ইফালে, সমগ্ৰ অঞ্চলটোত বৃদ্ধি পোৱা নিৰাপত্তাজনিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই ছৌদি আৰবকে ধৰি কেইবাখনো দেশৰ পৰা নিজৰ দূতাবাসৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক উভতি যোৱাৰ নিৰ্দেশ দিছে। সংবাদ সংস্থা ‘এছ’চিয়েটেড প্ৰেছ’ৰ এক সূত্ৰ অনুসৰি, ছৌদি আৰবৰ উপৰি সংযুক্ত আৰব এমিৰেটছ, জৰ্ডান, কাটাৰ আৰু বাহৰেইনত থকা আমেৰিকান কূটনীতিবিদসকললৈ একেই প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে।
সংযুক্ত আৰব এমিৰেটছৰ সীমান্তৰ সমীপত অৱস্থিত শ্বায়বাহ তৈলক্ষেত্ৰত সংঘটিত এই ঘটনাই মধ্যপ্ৰাচ্যৰ শক্তি খণ্ডৰ আন্তঃগাঁথনি আৰু বিদেশী শ্ৰমিকসকলৰ নিৰাপত্তাক লৈ পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ৭ অক্টোবৰতো পূব প্ৰদেশত আৰামকোৰ দ্বাৰা পৰিচালিত এটা প্ৰশাসনিক ভৱনত আক্ৰমণৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।





