মঙলবাৰে ৰাজধানী নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত বোমা বিস্ফোৰণ সংঘটিত হৈছে। দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চাণক্যপুৰী অঞ্চলত ইজৰাইলৰ দূতাবাসৰ সমীপত বোমা বিস্ফোৰণ সংঘটিত হৈছে।
ইজৰাইলৰ দূতাবাসৰ এগৰাকী মুখপাত্ৰই নিশ্চিত কৰিছে যে সন্ধিয়া প্ৰায় ৫ বজাৰ অঞ্চলটোত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা গৈছে।
মুখপাত্ৰগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, “হয়, এটা বিস্ফোৰণ সংঘটিত হৈছিল। আমি এতিয়াও নিশ্চিত নহয় যে সেয়া আচলতে কি… আৰক্ষী আৰু আমাৰ নিৰাপত্তাৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে।”
ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে এই ঘটনাত কোনো দূতাবাসৰ কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱা নাই আৰু ভাৰত আৰু ইজৰাইলৰ সংস্থাসমূহে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।





