তামিলনাডুত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এগৰালী ট্ৰাক চালকৰ অবাঞ্চিত টোপনিয়ে পাঁচজনকৈ লোকলৈ কঢ়িয়ালে অনাকাংক্ষিত মৃত্যু।
এই ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ পুডুক্কোট্টাই জিলাত। চিমেণ্টৰ বেগ কঢ়িয়াই অনা এখন ট্ৰাকৰ খুন্দাত ৫জন লোকে প্ৰাণ হেৰুৱাইছে।
এই দুৰ্ঘটনাত লগতে ১৯জন লোক আহত হৈছে। শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা।
প্ৰকাশিত খবৰ অনুসৰি, নিয়ন্ত্ৰণহীন ট্ৰাকখনে খুন্দা মাৰে পথৰ কাষৰ এখন চাহৰ দোকানৰ লগতে ৰখাই থোৱা কেইখনমান বাহনত।
সেইসময়ত দোকানখনত চাহ খাই আছিল সবৰীমালা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে যাত্ৰা কৰা কেইবাজনো তীৰ্থযাত্ৰীয়ে।
ট্ৰাকখনৰ খুন্দাত চাহ খাই থকা অৱস্থাতে পাঁচজন লোকৰ মৃত্যু হয় আৰু প্ৰায় ১৯জন লোক আহত হয়।
এই দুৰ্ঘটনাত চাহ দোকানখনৰ সমীপতে ৰখাই থোৱা এখন গাড়ী আৰু আন দুচকীয়া বাহনৰো ক্ষতিসাধন হয়।
প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে সদৰী কৰা মতে, ট্ৰাকখনৰ চালকজনে গাড়ী চলাই থকাৰ সময়তে টোপনি যোৱাৰ সলত নিয়ন্ত্ৰণ হেৰাইছিল ট্ৰাকখনৰ।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰিয়ালুৰৰ পৰা শিৱগংগাইলৈ গৈ আছিল বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।