পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ স্বপ্ন ভংগ হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। দেশখনৰ আগন্তুক নিৰ্বাচনত খানে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিল কৰিছিল যদিও নিৰ্বাচন আয়োগে আজি তেওঁৰ মনোনয়ন নাকচ কৰে।
বিগত বৰ্ষৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছৰে পৰা ৰাজনৈতিক আৰু আইনী যুঁজৰ জটিলতাত জড়িত হৈ পৰিছিল ৭১ বছৰীয়া প্ৰাক্তন ক্ৰিকেট তাৰকাগৰাকী।
দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে ইমৰাণ খানকঅহা বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে।
কিন্তু তাৰ পিছতো তেওঁ শুকুৰবাৰে নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল। গৃহ চহৰ মিয়ানৱালীৰ লগতে লাহোৰৰ পৰা মনোনয়ন দাখিল কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।
পাকিস্তানৰ নিৰ্বাচন আয়োগে কয় যে ইমৰাণ খান লাহোৰ সমষ্টিৰ পঞ্জীয়নভুক্ত ভোটাৰ নহয়, লগতে তেওঁক আইনী আদালতে দোষী সাব্যস্ত কৰিছে আৰু অযোগ্য ঘোষণা কৰিছে।
সেয়ে ইমৰাণ খানৰ মনোনয়ন নাকচ কৰা হৈছে বুলি দেশখনৰ নিৰ্বাচন আয়োগে উল্লেখ কৰে। খানৰ দলৰ তৰফৰ পৰা এই বিষয়ে সদৰী কৰা হৈছে।
ইফালে ইমৰাণ খানে দেশৰ শক্তিশালী সামৰিক বাহিনীয়ে তেওঁক লক্ষ্য কৰি লৈছে আৰু তেওঁক নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে বুলি অভিযোগ কৰিছে। তেওঁৰ এই অভিযোগ অৱশ্যে সেনাই অস্বীকাৰ কৰে।





