• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৰ্ষান্ত বিশেষঃ বৰ্ষটোত ভাৰতীয় ক্ৰীড়াৰ ইটো সিটো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2023 7:06 pm
Indian sports in 2023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ২০২৩ বৰ্ষৰ অন্তিমটো দিন। পোৱা-নোপোৱা, আশা-নিৰাশাৰ মাজেৰে আজি বিদায় ল’ব ২০২৩ বৰ্ষই। ভাৰতীয় ক্ৰীড়াও এই বৰ্ষত সাক্ষী হ’ল বহু উত্থান-পতনৰ। আজিৰ এই বিদায় ক্ষণত বিদায়ী বৰ্ষটোত ভাৰতীয় ক্ৰীড়াৰ এনে কিছু খবৰ উভতি চাওঁ আহকঃ

১/ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ

২০২৩ বৰ্ষত ভাৰতীয় ক্ৰীড়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দৃশ্য আছিল দেশৰ তাৰকা মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ। বিশ্বৰ ক্ৰীড়া মানচিত্ৰত দেশৰ নাম উজ্জলাই তোলা দেশৰ গৌৰৱ মল্লযুঁজাৰুসকলে বৰ্ষটোৰ আৰম্ভণিতেই গঢ়ি তোলে এক বৃ্হৎ আন্দোলন। ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ৰাজপথত নামি পৰে দেশৰ শীৰ্ষ মল্লযুঁজাকৰুসকল।

Apply Now

অলিম্পিকৰ পদকজয়ী সাক্ষী মালিক আৰু বজৰং পুনিয়া, বিনেশ ফ’গাটকে ধৰি তাৰকা মল্লযুঁজাৰুসকলে ন্যায়ৰ দাবী তুলি দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণাত বহে। বছৰৰ মাজভাগত পুনৰ ৰাজপথলৈ ওলাই আহে প্ৰতিবাদী মল্লযুঁজাৰুসকল। ৰাজপথৰ পৰা মালিক, ফ’গাট, পুনিয়াকে ধৰি প্ৰতিবাদী মল্লযুঁজাৰুসকলক আৰক্ষীয়ে চোঁচোৰাই নিয়াৰ দৃশ্যই আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জানত কৰিছিল দেশক।

পৰৱৰ্তী সময়ত কেন্দ্ৰৰ সৈতে আলোচনাত মল্লযুঁজাৰুসকলে কেইবাটাও চুক্তিৰ আধাৰত প্ৰতিবাদ সামৰে যদিও অভিযুক্ত ব্রিজ ভূষণৰ বিৰুদ্ধে কেৱল অভিযোগনামা দাখিলতে দায়িত্ব সামৰে দিল্লী আৰক্ষীয়ে। তদুপৰি চুক্তি ভংগ কৰি ফেডাৰেচনৰ সভাপতি হিচাপে ব্রিজ ভূষণৰ ঘনিষ্ঠ সহায়ক সঞ্জয় সিঙৰ নিৰ্বাচনে পুনৰ ক্ষোভিত কৰি তোলে মল্লযুঁজাৰুসকলক।

এই ক্ষোভত অৱসৰ ঘোষণা কৰে সাক্ষী মালিকে। বিনেশ ফ’গাটে ঘূৰাই দিয়ে খেলৰত্ন আৰু অৰ্জুন সন্মান। একেদৰে বজৰং পুনিয়া আৰু বীৰেন্দ্ৰ সিঙে ঘূৰাই দিয়ে পদ্মশ্ৰী সন্মান। ইয়াৰ ফলশ্ৰুতিতে ক্ৰীড়া মন্ত্ৰালয়ে ফেডাৰেচনৰ নতুন কমিটীখন নিলম্বিত কৰে আৰু ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে নিযুক্তি দিয়ে এখন তদাৰকী সমিতি।

২/ মহিলা ক্ৰিকেটাৰলৈ সমতাৰ স্বীকৃতি

চলিত বৰ্ষতে দেশৰ মহিলা ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰত বৰ্ষজোৰা অসমতা তথা পক্ষপাতিত্বৰ অন্ত পৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) পে পেৰিটি মডেল ঘোষণা কৰে, যাৰ দ্বাৰা দেশৰ পুৰুষ আৰু মহিলা ক্ৰিকেটাৰসকলে সম-মেচ মাচুল লাভৰ পথ সুগম হয়। তদুপৰি ২০২৩ বৰ্ষতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দৰে আৰম্ভণি ঘটে ৱ’মেন প্ৰিমিয়াৰ লীগৰ।

এনে যাত্ৰাৰ মাজতে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰাৰ লগতে শেহতীয়াকৈ টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জয়ৰ ইতিহাস ৰচনা কৰে।

৩/ মহিলা বক্সাৰৰ বিশ্বজয়ী গতি

২০২৩ চনৰ আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত উজ্জলি উঠে ভাৰতীয় মহিলা বক্সাৰসকল। দেশৰ চাৰিগৰাকী ভাৰতীয় মহিলা খেলুৱৈয়ে চেম্পিয়নশ্বিপত অৰ্জন কৰে শ্ৰেষ্ঠত্ব। নিখাত জাৰিণ, নিতু গাংঘাছ, ছুইতি বৰা আৰু লাভলিনা বৰগোহাঁয়ে নিজ নিজ শাখাত স্বৰ্ণ পদক লাভ কৰে এই প্ৰতিযোগিতাত।

৪/ ভাৰতীয় ফুটবলৰ উত্থান-পতন

এই বৰ্ষত ভাৰতীয় ফুটবল দলে সামগ্ৰিকভাৱে আগবঢ়ায় মিশ্ৰিত প্ৰদৰ্শন। বছৰটোত ভাৰতীয় দলে ট্ৰাই-নেচন ছিৰিজ, ইন্টাৰকন্টিনেণ্টেল কাপ আৰু ছাফ চেম্পিয়নশ্বিপৰ খিতাপ দখলেৰে উজলি উঠে। কিন্তু ইয়াৰ পিছতে পৰৱৰ্তী সময়ত ভাৰতে পাঁচ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ১০০ৰ তলৰ ফিফা ৰেংকিং লাভ কৰে।

৫/ অদিতিৰ উদিত ভৱিষ্যত

বৰ্ষটোত আন এগৰাকী ভাৰতীয় মহিলা খেলুৱৈয়ে ক্ৰীড়া বিশ্বত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰে। নাম তেওঁৰ অদিতি গোপিচন্দ স্বামী। চমকপ্ৰদ প্ৰদৰ্শনেৰে মাত্ৰ ১৭ বছৰীয়া অদিতিয়ে বাৰ্লিনত অনুষ্ঠিত ২০২৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি সৰ্বকনিষ্ঠ ছিনিয়ৰ আৰ্চাৰী বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয়।

৬/ ন-ভৱিষ্যতৰ ইঙ্গিতেৰে উত্থান প্ৰাগনানন্ধাৰ

এসময়ত দবা বিশ্বত চলিছিল ভাৰতীয় মহাতাৰকা বিশ্বনাথন আনন্দৰ কৌশলী ৰাজত্ব। কিন্ত আনন্দৰ পিছত এই ক্ষেত্ৰত ভাৰতৰ আছিল এক দীৰ্ঘদিনীয়া শূন্যতা। কিন্তু এই শূন্যতা আঁতৰাই দবা বিশ্বত ৰাজকীয় পদাৰ্পণৰ ইঙ্গিত বহন কৰি উত্থান ঘটে আন এজন ন-দবা তাৰকাৰ। দবা বিশ্বত ন-ভৱিষ্যতৰ ইঙ্গিতেৰে ভাৰতৰ কিশোৰ তাৰকা প্ৰাগনানন্ধাই দবা বিশ্বকাপৰ ফাইনেলত উপনীত হৈ ইতিহাস ৰচে।

মাত্ৰ ১৮ বছৰ বয়সতে বাকুত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰাগনানন্দাই এই কৃতিত্ব অৰ্জন কৰা আটাইতকৈ কনিষ্ঠ তাৰকা হিচাপে ইতিহাসত নিজৰ নাম সন্নিৱিষ্ট কৰে। অৱশ্যে ফাইনেলত কঠিন প্ৰতিদ্বন্দিতা আগবঢ়ায়ো অৱশেষত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনৰ হাতত পৰাস্ত হয় কিশোৰ তাৰকাগৰাকী।

৭) গ’ল্ডেন বয় নীৰজৰ বিশ্বজয়

ক্ৰীড়া বিশ্বত সম্প্ৰতি ভাৰতীয় ক্ৰীড়াৰ মুখ হৈ পৰিছে জেভলিনৰ অঘোষিত সম্ৰাট নীৰজ চোপ্ৰা। ইখনৰ পিছত সিখনকৈ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জনেৰে নীৰজ এতিয়া দেশৰ গ’ল্ডেন বয়। কিন্তু ইয়াৰ পিছতো যেন অসম্পূৰ্ণ হৈ আছইল নীৰজৰ কেৰিয়াৰ, খিতাপৰ তালিকাত সন্নিৱিষ্ট হোৱা নাছিল বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ স্বৰ্ণ।

অৱশেষত এই বৰ্ষত অৱসান ঘটে এই অপেক্ষাৰ। বুডাপেষ্টত অনুষ্ঠিত ফাইনেলত ৮৮.১৭ মিটাৰ থ্ৰ’ৰে নীৰজে চুম্বন দিয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ স্বৰ্ণত আৰু পূৰ্ণতা দিয়ে কেৰিয়াৰক।

৮) হাংঝ’ত সম্পূৰ্ণ মিছন ১০০

এক অতুলনীয় অভিযানেৰে ভাৰতে সামৰণি পেলায় ২০২৩ চনৰ এছিয়ান গেমছ। হাংঝ’ত ভাৰতে সম্পূৰ্ণ কৰে মিছন ১০০। এছিয়াডত শতকৰ ম্হা আকাংক্ষিত লক্ষ্য হাংঝ’ত সম্পূৰ্ণ হয় ভাৰতৰ। ২৮টা স্বৰ্ণ, ৩৮টা ৰূপ আৰু ৪১টা ব্ৰঞ্জৰ পদকেৰে ভাৰতে হাংঝ’ত লাভ কৰে মুঠ ১০৭টা পদক।

৯) অদম্য সাত্বিক-চিৰাগ

ভাৰতীয় ক্ৰীড়াৰ মহাতাৰকা হৈ এই বৰ্ষত অদম্য ৰূপত জিলিকি উঠে সাত্বিক-চিৰাগ। দুৰন্ত প্ৰদৰ্শনেৰে বৰ্ষটোত চমক সৃষ্টি কৰা সাত্বিকছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টী ক্ৰীড়াবিশ্বত সাত্বিক-চিৰাগ নামেৰে হৈ পৰে বহুল জনপ্ৰিয়। সাত্বিক-চিৰাগ যুটীয়ে শেহতীয়াকৈ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ (বি ডব্লিউ এফ) তিনিটা খিতাপ ক্ৰমে, ছুইছ অ’পেন, ইণ্ডোনেছিয়া অ’পেন আৰু কোৰিয়া অ’পেন দখল কৰিছে।

অক্টোবৰ মাহত এই যুটিয়ে ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত বি ডব্লিউ এফ ৰেংকিঙত বিশ্বৰ প্ৰথম স্থান দখল কৰা প্ৰথমটো ডাবলছ যুটি হিচাপে পৰিগণিত হয়। এনে ধাৰাবাহিকতা সূত্ৰে এই যুটীটোক ২৩ চনৰ দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্ব্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত কৰে।

১০) বিশ্বজয়ৰ স্বপ্নভংগ

২৩ চনৰ ১৯ নৱেম্বৰ দিনটোক কোনগৰাকী ভাৰতীয়ই পাহৰিব পাৰিব! সেইদিনাই যে আহমেদাবাদত ভংগ হৈছিল দেশবাসীৰ পৰম আকাংক্ষিত স্বপ্ন! ক্ৰমাগত ১০ খন মেচত চমকপ্ৰদ জয়েৰে অপৰাজেয় ভাৰতে ফাইনেলত শিৰনত কৰে অষ্ট্ৰেলিয়াৰ সমুখত আৰু বিশ্বজয়ৰ আকাংক্ষিত স্বপ্ন চূৰ্ণ হোৱাৰ যন্ত্ৰণাত দগ্ধ হয় দেশ। সেই একেই প্ৰতিদ্বন্দী, অৰ্থাৎ অষ্ট্ৰেলিয়াৰ বিপক্ষেই জুনত ভাৰতে পৰাজয়ৰ যন্ত্ৰণা দহে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত।

১১) দ্য আনষ্ট’পেবল কোহলি শ্ব’

বিশ্বজয়ৰ যন্ত্ৰণাত দেশ দগ্ধ হ’লেও ২০২৩ৰ বিশ্বকাপত কোহলীৰ মহাপৰাক্ৰমে দেশৰ লগতে সমগ্ৰ ক্ৰিকেট বিশ্বক মোহিত কৰে। এই বিশ্বকাপত ১১ খন মেচত মুঠ ৭৬৫ ৰাণ সম্পূৰ্ণ কৰি কোহলীয়ে তেণ্ডুলকাৰক অতিক্ৰম কৰি বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰূপে পৰিগণিত হয়। লগতে বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে দৰ্শনীয় শতকেৰে বিৰাট কোহলীয়ে এদিনীয়া ফৰ্মেটৰ ইতিহাসত ৫০টা শতক অৰ্জন কৰা প্ৰথমজন বেটাৰ হিচাপে পৰিগণিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd