দুটাকৈ ভয়াৱহ বিস্ফোৰণে হত্যালীলা চলালে ইৰাণত। ২০২০ চনৰ আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত নিহত হোৱা শীৰ্ষ সেনাধ্যক্ষ কাছেম ছলেইমানীৰ স্মৃতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত হৈছে এই প্ৰাণসংহাৰী বিস্ফোৰণ।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ইৰাণৰ দক্ষিণ-পূবৰ কেৰমান চহৰত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান।
ছলেইমানীক সমাধিস্থ কৰা কবৰস্থানত হোৱা অনুষ্ঠানটোৰ সময়তে সংঘটিত হয় বিস্ফোৰণ দুটা।
এই বিস্ফোৰণত ৭৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৭০ জন আহত হোৱা বুলি খবৰ।
বিস্ফোৰণত কোনো সন্ত্ৰাসবাদী গোট জড়িত থকা বুলি সন্দেহ কৰা হৈছে।
ছলেইমানীৰ মৃত্যুৰ বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠানটোত শ শ ইৰাণী লোক সমবেত হৈছিল।
বিস্ফোৰণৰ পিছতে ৰেড ক্ৰীচেণ্টৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলায় আৰু আহত লোকসকলক উদ্ধাৰ কৰে।





