• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চন্দ্ৰৰ পিছত সূৰ্য জয়! আদিত্য-এল১ মিছনৰ ডাঙৰ আপডেট; অধীৰ আগ্ৰহেৰে অপেক্ষা দেশবাসীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2024 12:04 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

চন্দ্ৰৰ পিছত সূৰ্য জয়ৰ পথত ভাৰত। মিছন আদিত্য এল-১ চূড়ান্ত কক্ষপথত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে। এই অভিযানৰ বাবে সাজু ইছৰো। চন্দ্ৰত সফল অৱতৰণৰ পিছত এতিয়া মহাকাশ অন্বেষণৰ এক নতুন অধ্যায় মুকলি কৰিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। লক্ষ্য এতিয়া সূৰ্যৰ পিনে। যোৱা ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত ইছৰোৰ আদিত্য-এল১ অভিযানে সূৰ্যৰ দিশে উৰা মাৰিছিল।

ভাৰতৰ প্ৰথমটো সৌৰ অভিযান ‘আদিত্য এল-১’য়ে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হ’বলৈ ওলাইছে। ৬ জানুৱাৰী শনিবাৰে সন্ধিয়া ইছৰ’ই আদিত্য এল-১ক চূড়ান্ত কক্ষপথত স্থাপন কৰিব।

আদিত্য-এল-১ লেগ্ৰেঞ্জ পইণ্ট-১ৰ চাৰিওফালে ‘হেলো অৰবিট’ত উপনীত হ’বলৈ ওলাইছে। এই বিন্দুৰ পৰা আদিত্য-এল১ য়ে সূৰ্য্যৰ বিষয়ে সঠিকভাৱে অধ্যয়ন কৰিব পাৰিব। আদিত্য-এল-১ বিন্দু পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত। পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ মুঠ দূৰত্বৰ মাত্ৰ ১ শতাংশ। ইছৰোৰ এজন বিষয়াই কয় যে আদিত্য এল-১ ইতিমধ্যে এল ১ পইণ্টত উপনীত হৈছে, ই ৬ জানুৱাৰীত চূড়ান্ত কক্ষপথত উপনীত হ’ব।

লগতে পঢ়কঃ কম বয়সীয়া নাৰী পছন্দ আছিল বিল ক্লিণ্টনৰ! নাৰী নিৰ্যাতনকাৰী এপষ্টেইনৰ নথিত চাঞ্চল্যকৰ তথ্য

বুধবাৰলৈকে আদিত্য এল-১-য়ে মহাকাশত ১২৪ দিন সফলতাৰে সম্পূৰ্ণ কৰিছে। যাত্ৰাৰ মাত্ৰ ১৬ দিনৰ ভিতৰত ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি আদিত্যই বৈজ্ঞানিক তথ্য সংগ্ৰহ আৰু সূৰ্য্যৰ ফটো তুলিবলৈ আৰম্ভ কৰে। বিজ্ঞানীসকলে এতিয়ালৈকে সৌৰ শিখাৰ আন বহুতো আভাস ধৰা পেলাইছে।

আদিত্য এল-১ত সাতটা পেলোড আছে। ইছৰোৱে যোৱা বছৰৰ ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ প্ৰথমটো সৌৰ অভিযান আদিত্য-এল১ উৎক্ষেপণ কৰিছিল। এতিয়া ই নিজৰ লক্ষ্যত উপনীত হোৱাৰ অন্তিম পৰ্যায়ত উপনীত হৈছে।

চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছত এতিয়া ভাৰতে সূৰ্য জয় কৰাৰ পথত আগবাঢ়িছে। ভাৰতৰ প্ৰথমটো সৌৰ অভিযান এতিয়া নিজৰ লক্ষ্যত উপনীত হোৱাৰ অন্তিম পৰ্যায়ত। ইফালে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) এটা ডাঙৰ তথ্য দিছে। জানিব পৰা মতে অহা ৬ জানুৱাৰীত আদিত্য এল-১-এ সূৰ্যৰ এল-১ পইণ্টত প্ৰৱেশ কৰিব।

লগতে পঢ়কঃ কেপ টাউনত ঐতিহাসিক জয়েৰে টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ শীৰ্ষত টীম ইণ্ডিয়া

ইছৰোৰ মুৰব্বী এছ. সোমনাথে কয় যে ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদিত্য এল-১ সঠিকভাৱে কাম কৰি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। ৬ জানুৱাৰীৰ সন্ধিয়া ৪ বজাত ই হেলো অৰবিট কক্ষপথত লেগ্ৰেঞ্জ-১ পইণ্টত উপনীত হ’ব। 

Recent News

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd