• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে এতিয়াও পোৱা নাই অনুমতিঃ অভিযোগ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2024 9:22 pm
Bharat Jodo Nyay Yatra

প্ৰতিনিধিত্বমূলক ছবি

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ পিছত অহা ১৪ জানুৱাৰীৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা নামৰ আন এক সমদলৰ বাবে সাজু হৈছে কংগ্ৰেছ। অহা ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা।

পিছে যাত্ৰাৰ বাবে মাজত এসপ্তাহতকৈয়ো কম সময় থকা অৱস্থাত আজি দলটোৱে তুলিছে এক অভিযোগ। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে জানিবলৈ দিয়া মতে এই যাত্ৰাৰ বাবে এইপৰ্যন্ত লাভ কৰা নাই অনুমতি।

Apply Now

আজি কংগ্ৰেছ নেতাসকলে মণিপুৰৰ মুখ্য সচিব বিনীত যোশীক সাক্ষাৎ কৰি ভাৰত জোডো ন্যায় যাত্ৰাৰ মুকলি সভাখন ১৪ জানুৱাৰীত ইম্ফল পূৱ জিলাৰ হাপ্তা কংজেইবুং খেলপথাৰত অনুষ্ঠিত কৰাৰ অনুমতি দিবলৈ অনুৰোধ জনায়।

এই অনুমতি প্ৰদানৰ বিষয়ে অতি শীঘ্ৰে অৱগত কৰা হ’ব বুলি মুখ্য সচিবগৰাকীয়ে কংগ্ৰেছ নেতাসকলক আশ্বাস দিয়ে বুলি দলৰ এজন নেতাই কয়। কিন্তু ইতিপূৰ্বেই ২ জানুৱাৰীত যাত্ৰাৰ বাবে অনুমতি বিচাৰি চৰকাৰৰ ওচৰত আৱেদন জনাইছিল বুলিও তেওঁ কয়।

তাৰ পিছতো ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ’বলগীয়া এই ভাৰত জোড়ো ন্যায় যাত্ৰাই অনুমতিৰ বাবে অপেক্ষা কৰি আছে বুলি বেনুগোপালে এক সংবাদ মেলত মন্তব্য কৰে। তেওঁ লগতে এই বিষয়ত বিজেপি চৰকাৰকো আক্ৰমণ কৰে।

এই যাত্ৰা কোনো ৰাজনৈতিক কাৰ্যসূচী বা কোনো নিৰ্বাচনী প্ৰচাৰ নহয় বুলি দাবী কৰি বেনুগোপালে কয় যে ইয়াৰ দ্বাৰা মহিলা, যুৱক-যুৱতী, কৃষক আৰু দৰিদ্ৰসকলৰ ন্যায়ৰ দাবী কৰা হৈছে আৰু এই যাত্ৰাও ঐতিহাসিক হ’ব।

কংগ্ৰেছ নেতাগৰাকীয়ে পৰোক্ষভাৱে বিজেপি চৰকাৰক অনুমতি অস্বীকাৰ কৰি ৰাজনীতি নকৰিব বুলিও সকীয়াই দিয়ে। তেওঁ লগতে দীৰ্ঘ সময় ধৰি মণিপুৰত চলি থকা হিংসাজৰ্জৰ পৰিস্থিতিৰ প্ৰসংগও যাত্ৰাৰ উদ্দেশ্যৰ সৈতে সংযোগ কৰে।

সংবাদ মেলত বেনুগোপালে কয়, “মণিপুৰক ন্যায় লাগে, সেইবাবেই এই ৰাজ্যৰ পৰাই যাত্ৰা আৰম্ভ হ’ব৷ আমি মণিপুৰৰ ভৱিষ্যত নিশ্চিত কৰিব বিচাৰো। ৰাজ্যখনৰ গম্ভীৰ ঘাঁ নিৰাময়ৰ প্ৰয়োজন।”

মণিপুৰ কংগ্ৰেছৰ সভাপতি কেইছম মেঘচন্দ্ৰ সিং আৰু ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ক্ৰম ইব’বি সিঙো এই সংবাদ মেলত কে চি বেনুগোপালৰ সৈতে উপস্থিত থাকে।

উল্লেখ্য যে, মণিপুৰৰ পৰা আৰম্ভ হৈ এই ভাৰত জোড়ো ন্যায় যাত্ৰাই নাগালেণ্ড, অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়লৈ যাব আৰু ১৫খন ৰাজ্যৰ ৬৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি মুম্বাইত উপস্থিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd