• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্তানৰ পৰীক্ষাৰ বাবেই ৬ মাহৰ ছুটী ল’লে বিজেপি সাংসদৰ শিক্ষয়িত্ৰী পত্নীয়েঃ তদন্তৰ দাবী আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2024 6:14 pm
BJP AAP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতা সমাজৰ প্ৰতি দায়বদ্ধ নহয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰশাসন যন্ত্ৰ চলোৱাত চুড়ান্তভাৱে ব্যৰ্থ হৈছে। শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি নিজৰ খেয়ালখুচি মতে চলাইছে শিক্ষা বিভাগ। এই অভিযোগ তুলিছে আম আদমী পাৰ্টীয়ে।

আপৰ অভিযোগ মতে, গুৱাহাটীৰ বেহাৰবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী ৰূপে কৰ্মৰত বিজেপি সাংসদ দিলীপ শইকীয়াৰ পত্নী নিজু বৰ্মন শইকীয়াই বিদ্যালয়ৰ প্ৰধান শিক্ষকক অৱগত নকৰাকৈয়ে ৬ মাহৰ ছুটী লৈছে। প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়েই এই অভিযোগ কৰা বুলি আপে দাবী কৰিছে।

Apply Now

প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ এই অভিযোগৰ পিছতে আপে কয় যে নিয়ম অনুসৰি কোনো শিক্ষকে ৬ মাহ CCL ল’ব নোৱাৰে। কিন্তু বিজেপি নেতাৰ পত্নী হোৱাৰ সুযোগ লৈ সকলো নীতি নিয়ম উলংঘা কৰি নিজু বৰ্মন শইকীয়াই বিদ্যালয়খনৰ মুৰব্বীক নজনোৱাকৈ ৬ মাহৰ ছুটী ল’লে বুলি আপে অভিযোগ তুলিছে।

দলটোৱে এক বিবৃতি যোগে কয়, “জানিব পৰা মতে যোৱা ১ ডিচেম্বৰৰ পৰা হেনো তেওঁ নীতিবহিৰ্ভূতভাৱে স্কুলত অনুপস্থিত। আৰু সাংসদ পত্নীয়ে ৬ মাহ পৰ্যন্ত ছুটী লোৱাৰ কাৰণ জানিলে ক্ষোভত ভাঙি পৰিব আপুনি। তেওঁলোকৰ সন্তানৰ মেট্ৰিক পৰীক্ষা আহি থকাৰ বাবেই হেনো ৬ মাহৰ বাবে ছুটী লৈছে সাংসদ দিলীপ শইকীয়াৰ শিক্ষয়িত্ৰী পত্নীয়ে।”

“পিছে নিজু বৰ্মন শইকীয়াই পাহৰি গ’ল তেওঁ কৰ্মৰত বিদ্যালয়ত বৰ্তমান চলি আছে গুণোৎসৱ। এতিয়া কথাটো হ’ল এই গুণোৎসৱৰ সকয়ত সকলো শিক্ষকৰ ছুটী বাতিল কৰা হৈছে যদিও নিজু বৰ্মন শইকীয়াক কোনো বৈধ কাৰণ নোহোৱাকৈ ছুটীত থাকিবলৈ দিয়া হ’ল কিয়? বিজেপিৰ নেতাৰ পত্নী বা আত্মীয় হ’লেই সকলো চৰকাৰী নিয়ম উলংঘা কৰা সুযোগ প্ৰদান কৰে নেকি ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে?”- এই প্ৰশ্ন আপৰ।

আপে লগতে কয়, “সবাতোকৈ ডাঙৰ কথাটো হ’ল বিদ্যালয়খনত ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে যদিও সেই অনুপাতে আজিলৈ শিক্ষক নিযুক্তি দিব পৰা নাই অসম চৰকাৰে। মাত্ৰ ৩-৪ জন শিক্ষকে চলাই আছে বিদ্যালয়খন। যিখন বিদ্যালয়ৰ ছাত্ৰই পঢ়িবলৈ পৰ্যাপ্ত শিক্ষক পোৱা নাই, তেনে ক্ষেত্ৰত চৰম কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দি বিগত এমাহ ধৰি বিদ্যালয়ত নহা কাৰ্যটো গৰিহণাৰ যোগ্য।”

যিগৰাকী শিক্ষকে নিজৰ সন্তানৰ পৰীক্ষাৰ বাবে ৬ মাহ ছুটী ল’ব পাৰিছে, সেইগৰাকী শিক্ষয়িত্ৰীয়ে ১৫০ গৰাকী ছাত্ৰৰ শৈক্ষিক ভৱিষ্যতৰ কথা কিয় নাভাবিলে বুলিও দলটোৱে ক্ষোভ প্ৰকাশ কৰে। আপৰ অভিযোগ, এতিয়া বিজেপি নেতা আৰু নেতাৰ পৰিয়ালৰ হাতৰ মুঠিত চলে চৰকাৰ। যাৰ বাবে সাংসদ দিলীপ শইকীয়াৰ পত্নীক এনেকৈ নিজৰ ইচ্ছামতে ছুটী ল’বলৈ এৰি দিছে ডাক্তৰ ৰণোজ পেগুৰ শিক্ষা বিভাগে।

যিগৰাকী শিক্ষামন্ত্ৰী সততে শিক্ষকৰ বিৰুদ্ধে সৰৱ হৈ থাকে সেইগৰাকী ৰণোজ পেগু এই ভয়ানক কথাটোৰ ক্ষেত্ৰত মৌন বুলিও আপে তীক্ষ্ণ সমালোচনা কৰে। যিগৰাকী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰসানিক সংস্কাৰৰ কথা কৈ নীতি শিক্ষা দি থাকে, সেইগৰাকী মুখ্যমন্ত্ৰীৰ দলৰ নেতাৰ পত্নীয়ে সকলো নিয়মক বুঢ়া আঙুলি দেখুৱাই দৰমহা লৈ আছে বুলি অভিযোগ কৰে দলটোৱে।

তদুপৰি যি বিজেপি দলে প্ৰতি মুহূৰ্ততে দেশ সেৱাৰ কথা কয়, সেই দলৰ নেতাৰ পৰিয়ালে দেশৰ ভবিষ্যত স্বৰূপ শিক্ষার্থীৰ জীৱনকলৈ হেতালি খেলা দেখা গৈছে বুলি অভিযোগ কৰি আপে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, সাংসদ দিলীপ শইকীয়া আৰু সাংসদ পত্নীক স্থিতি স্পষ্ট কৰাৰ তথা এক উচিত তদন্তৰ দাবী জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd