• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভোগৰ সম্ভাৰ লৈ ৰীতি-পৰম্পৰাৰে অসমীয়াৰ আনন্দ আৰু সম্প্ৰীতিৰ ভোগালী

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
January 14, 2024 7:01 am
Bhogali Bihu
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি উৰুকা। উৰুকা নিশাৰ ভোগৰ ভোজ খাই এতিয়া মেজিৰ জুইত সংকল্প লোৱাৰ সময়। অসমীয়াৰ বাপতি সাহোন তিনিটি বিহুৰ অন্যতম এই মাঘ বিহু বা ভোগালী বিহু। শীতৰ আমেজৰ মাজত ভোগৰ অফুৰন্ত সম্ভাৰেৰে ধনী-দুখীয়া সকলোৱে পালন কৰা এই  বিহু জাতীয় জীৱনক চেনেহৰ এনাজৰীৰে একত্ৰিত কৰাৰো উৎসৱ। সেয়ে, আমি অসমীয়াই বিহু বুলিলে আনন্দিত হোৱাৰ দৰে গৌৰৱান্বিত হোৱাৰ থলো আছে। কিয়নো ভূপেন দা-ই কোৱাৰ দৰে ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’।

ভোগালী বিহুৰ পৰম্পৰা কেবল খোৱা-বোৱাতে শেষ নহয়। শীতৰ এই দিনকেইটা পৰম্পৰাগতভাৱে অসমীয়াৰ ভোগালীৰ সময়। খেতি-বাতি উঠাৰ পিছত গাঁৱৰ কৃষক সমাজে অতীজৰে পৰা পিঠা-পনা খোৱা, বিভিন্ন থলুৱা সম্ভাৰেৰে ভাতসাজ খোৱা বা কোমল চাউল-দৈ আদিৰে জলপান খোৱাৰ পৰম্পৰা চলি আহিছে। উৰুকাৰে আৰম্ভ হৈ পুহৰ সংক্ৰান্তিৰ পৰা কেইবাদিনো ধৰি, ক’বলৈ গ’লে গোটেই মাঘ মাহটো অসমীয়াৰ বাবে ভোগালীৰ দিন।

সংস্কৃতিৰ ইটো সিটো(- নিতুল বৰা) - সাহিত্য ডট অৰ্গ

Apply Now

অসমীয়া মানুহে ভোগালী বিহুত মেজিৰ জুইৰ উত্তাপ লৈ বহু সামাজিক সিদ্ধান্তৰো মোখনি মাৰে। লগে ভাগে এসাঁজ খাই সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰে। বিহুৰ বতৰত ভোগৰ সমান্তৰালকৈ মনবোৰো সজীৱ হৈ পৰে আৰু এই সময়ত সকলো কথাই যেন ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত গৈ সামাজিক কল্যাণৰ দিশে আগবাঢ়ে। সেয়ে, ভোগালী বিহুৰ সময়ত সকলোৱে ডাঙৰক সন্মান, সৰুক আদৰ আৰু সমনীয়াক সদ্ভাৱনাৰে আকোঁৱালি লয়।

ভোগালী বিহুত পৰাম্পৰাগত খেল-ধেমালিৰেও একতাৰ বাৰ্তা প্ৰেৰণ কৰা হয়। অসমৰ গাঁৱসমূহত ভোগালী বিহুৰ সময়ত পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰা হয়। এই খেলসমূহত মহিলা, শিশুকে ধৰি সকলোৱে ভাগ লয়। মনৰ আনন্দ, শাৰীৰিক অনুশীলনৰ কথাতো আছেই, লগতে আছে সম্প্ৰীতি-সদ্ভাৱনাৰ গুৰুত্ব। ক’বলৈ গ’লে এই পৰম্পৰাগত খেল-ধেমালিয়ে অসমীয়া কৃষ্টি-সংস্কৃতিকে প্ৰতিনিধিত্ব কৰে। কেতিয়াবা বহু পুৰণি মতানৈক্য বা অসূয়া-অপ্ৰীতিৰো ইয়াৰ জৰিয়তে সমাপ্তি ঘটে।

Magh Bihu 2022: Here is the Compilation of the Best Meji of 2022 -  Sentinelassam

ভোগালী বিহুত অসমীয়া মহিলাসকলৰ ব্যস্ততাৰ অন্ত নাই। ঘৰত ঢেকী দিয়াৰ পৰা পিঠা-পনা প্ৰস্তুত কৰা, জুতি লগাই ৰন্ধাবঢ়া কৰাই নহয়, সামাজিক ৰীতি-নীতি ৰক্ষাৰো গুৰু দায়িত্বও অসমীয়া মহিলাই পালন কৰি আহিছে। দেশৰ বাকী অংশৰ তুলনাত নিজৰ কৃষ্টি-সংস্কৃতি ৰক্ষাত অসমীয়া মহিলাৰ ভূমিকা স্বতন্ত্ৰ, দায়িত্বশীল আৰু নেতৃত্বমুখী। অসমীয়া মহিলাসকলৰ বাবেই যে অসমীয়া পৰম্পৰাগত সংস্কৃতি ইমান বৰ্ণাঢ্য আৰু ইমান জীপাল, সেয়া নক’লেও চলে।

uruka fish market huge crowd seen in bongaigaon tamronga wetland – News18  অসমীয়া

সময়ৰ পৰিৱৰ্তন হৈছে। পৰিৱৰ্তিত পৰিস্থিতিয়ে ভোগালী বিহুৰ পৰম্পৰাকো যে চুই যোৱা নাই সেইটো কোৱা টান। সাম্প্ৰতিক আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে অসমীয়াৰ ভোগালীক বহু পৰিমানে স্পৰ্শ কৰিছে। ভোগৰ ভোগালীয়ে  নহয়, মনৰ পৰাও ভোগালী যেন কিছু আঁতৰিছে। পৰিয়ালসমূহৰ মাজত দূৰত্ব বাঢ়িছে। সম্পৰ্কত স্থৱিৰতা আহিছে। কিন্তু তাতোকৈ ডাঙৰ কথা ৰাজনৈতিক পৰিস্থিতিটোৱে সামাজিক সম্পৰ্কতো প্ৰভাৱ পেলাইছে।

মাঘ বিহুৰ সময়ত পৰম্পৰাগত ম'হ যুঁজ আৰু চৰাই যুঁজ অনুষ্ঠিত কৰাৰ বাবে  মানসম্পন্ন কাৰ্যবিধি জাৰি চৰকাৰৰ

বৰ্তমান মূল্যবৃদ্ধিয়েও ভোগালীক প্ৰভাৱিত কৰিছে। সাধাৰণ ৰাইজক মুকলি মনেৰে, অন্তৰ খুলি ভোগালীৰ উত্তাপ লোৱাত যেন বাধা দিছে। কিন্তু, তথাপি অসমীয়াই নিজৰ পৰম্পৰাগত সংস্কৃতি ৰক্ষাৰ যুঁজত হাৰ মনা নাই। যিমানেই চৰকাৰী হেঁচা থাকিলেও, ভোগালীক আদৰাত অসমীয়াই কৃপনালি কৰা নাই!

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm
মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

June 4, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd