• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ইন্দোৰত জয়ছোৱাল-ডুবেৰ বেটিং তাণ্ডৱঃ শৃংখলা নিশ্চিত ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2024 9:30 am
India vs Afghanistan Shivam Dube Yashasvi Jaiswal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাগত দ্বিতীয় জয়েৰে আফগানিস্তানৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলা দখল কৰিছে ভাৰতে। কালি ইন্দোৰত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে ৬ উইকেটত সহজ বিজয় সাব্যস্ত কৰে।

আফগান বলিং আক্ৰমণক তচ্নচ্ কৰি ভাৰতৰ জয়ৰ নায়ক হৈ পৰে দুই বাওঁহতীয়া বেটাৰ য়ছস্বী জয়ছোৱাল আৰু শিৱম ডুবে। দুয়ো মাৰমুখী বেটিঙেৰে ১৫.৪ অভাৰতে লক্ষ্য অতিক্ৰমি বিজয় কঢ়িয়াই আনে।

Apply Now

ইন্দোৰৰ বেটিং সহায়ক পিট্ছত টছত জয়ী হৈ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। আফগান অপেনাৰ গুৰবাজে আক্ৰমণাত্মক শৈলীৰেই আৰম্ভ কৰিছিল ইনিংছ।

কিন্তু ইনিংছৰ তৃতীয় অভাৰৰ দ্বিতীয় বলত বিষ্ণৈয়ে গুৰবাজক (১৪) দেখুওৱায় পেভিলিয়নৰ পথ। ইয়াৰ পিছত ক্ৰীজলৈ অহা অভিজ্ঞ আফগান তাৰকা গুলবদীন নাইবেও লয় বিধ্বংসী ৰূপ।

নাইবে আক্ৰমণাত্মক বেটিঙেৰে দলীয় স্ক’ৰ ৫৩ ৰাণলৈ নিয়াৰ সময়তে তেওঁৰ সহযোগী তথা দলৰ অধিনায়ক ইব্ৰাহিম জড্ৰানক (৮) বিদায় দিয়ে অক্ষয় পেটেলে। ক্ৰীজত বেছি সময় নিটিকে আজমাতুল্লাহ ওমৰজায়ো।

দ্লীয় স্ক’ৰ ৬০ত আজমাতুল্লাহক (২) বিদায় দিয়ে ডুবেই। ইয়াৰ মাজতে অৱশ্যে নাইবে ৩৫ বলত ৪ টা ছয় আৰু ৫ টা চাৰিৰে ৫৭ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে। নবীয়ে ১৪ আৰু নাজিবুল্লাহে ২৩ৰাণৰ অৱদান আগবঢ়ায়।

শেষলৈ কৰিম জন্নতে ২০ আৰু মুজিবে ২১ ৰাণৰ খৰতকীয়া ইনিংছেৰে দলীয় স্ক’ৰ ১৭২ত উপনীত কৰায়। ভাৰতৰ হৈ অৰ্শদীপে ৩ টা, অক্ষৰ আৰু বিষ্ণৈয়ে ২ টাকৈ আৰু ডুবেই এটা উইকেট লাভ কৰে।

১৭৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে প্ৰথম অভাৰতেই খায় উজুটি। কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে বিদায় লয় অধিনায়ক ৰোহিত শৰ্মাই। ইয়াৰ পিছতে অৱশ্যে জয়ছোৱাল আৰু কোহলী হৈ পৰে অতি বিস্ফোৰক।

দুয়ো বিধ্বংসী বেটিঙেৰে মাত্ৰ ৫.৩ অভাৰতে দলীয় স্ক’ৰ ৬২ত উপনীত কৰায়। ১৬ বলত ৫ টা চাৰিৰে ২৯ ৰাণ সংগ্ৰহ কৰি বিদায় লয় কোহলীয়ে। তাৰ পিছতে ক্ৰীজত আৰম্ভ হয় জয়ছোৱাল-ডুবেৰ বেটিং তাণ্ডৱ।

দুয়ো আফগান বলাৰক হেলাৰঙে প্ৰহাৰ কৰি ইন্দোৰত দেখুৱায় ছয়-চাৰিৰ ফুলজাৰি। জয়ছোৱালে ৩৪ বলত ৬ টা ছয় আৰু ৫ টা চাৰিৰে ৬৮ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি বিদায় ল’লেও অপৰাজিত থাকে ডুবে।

প্ৰথম মেচতো অৰ্ধশতকীয় ইনিংছেৰে জয়ৰ ভেটি গঢ়া ডুবেই ৩২ বলত ৪ টা ছয় আৰু ৫ টা চাৰিৰে ৬৩ ৰাণৰ মেচ বিজয়ী ইনিংছ উপহাৰ দিয়ে। জিতেশ শৰ্মা (০) ব্যৰ্থ হ’লেও ৰিংকু সিং (৯) অপৰাজিত থাকে।

মিতব্যয়ী বলিঙেৰে ৪ অভাৰত মাত্ৰ ১৭ ৰাণ খৰচ কৰি ২ টা উইকেট দখল কৰা অক্ষৰ পেটেল মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। শৃংখলাৰ অন্তিম মেচ অহা ১৭ জানুৱাৰীত বাংগালুৰুত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd