• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

হায়দৰাবাদত দৰ্পচূৰ্ণ ৰোহিত বাহিনীৰঃ হাৰ্টলীৰ স্পিন ঘূৰ্ণীয়ে ইংলেণ্ডক দিলে আকাংক্ষিত জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2024 10:02 pm
IND vs ENG
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক নিশ্চিত জয়ৰ দিশত গতি কৰিও যুঁজাৰু ইংলেণ্ডৰ সমুখত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল ভাৰত। অভিষেককাৰী টম হাৰ্টলীৰ স্পিন ঘূৰ্ণীত ঘৰৰ মাটিতে মুখথেকেচা খাই পৰাজয় সহিবলৈ বাধ্য হ’ল ভাৰতীয় দল।

ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত আজি চতুৰ্থ দিনা পৰাজয় স্বীকাৰ কৰে ভাৰতে। ২৩১ ৰাণৰ সহজ লক্ষ্য অনুসৰণ কৰি বেটাৰৰ চৰম ব্যৰ্থতাৰ বাবে ২০২ ৰাণতে ইনিংছ সামৰে ভাৰতে আৰু ২৮ ৰাণত পৰাস্ত হয়।

Apply Now

ভাৰতীয় ইনিংছত খহনীয়াৰ সৃষ্টি কৰা অভিষেককাৰী টম হাৰ্টলীয়ে ৭ টাকৈ উইকেট দখল কৰি ভ্ৰমণকাৰী দলটোলৈ এক অবিস্মৰণীয় বিজয় কঢ়িয়াই আনে। দলটোৰ এই জয়ত হাৰ্টলীৰ লগতে আন এক নায়ক হৈ পৰে অ’লী প’প।

উল্লেখ্য যে, টেষ্টখনৰ প্ৰথম ইনিংছত ইংলেণ্ডে ২৪৬ ৰাণত ইনিংছ সামৰাৰ পিছত ভাৰতে ৪৩৬ ৰাণ সংগ্ৰহ কৰি ১৯০ ৰাণৰ বিশাল অগ্ৰগতি লাভ কৰিছিল। এনে পৰিস্থিতিত ভাৰতৰ জয় প্ৰায় নিশ্চিত বুলিয়েই ধৰি লৈছিল সকলোৱে।

কিন্তু দ্বিতীয় ইনিংছত ইংলেণ্ডে যুঁজাৰু মানসিকতাৰ পৰিচয় দি প্ৰতিহত কৰে ভাৰতীয় বলিং আক্ৰমণক আৰু ৪২০ ৰাণৰ স্ক’ৰ থিয় কৰি ভাৰতৰ সমুখত ২৩১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। দলৰ এই প্ৰত্যাৱৰ্তনৰ মূলতে আছিল প’পৰ মাৰাথান ইনিংছ।

কালি তৃতীয় দিনাৰ খেল সামৰণিলৈকে ১৪৮ ৰাণত অপৰাজিত থকা প’পে মাত্ৰ ৪ ৰাণৰ বাবে দ্বিশতকৰ পৰা বঞ্চিত হ’লেও ১৯৬ ৰাণৰ চমৎকাৰী ইনিংছটোৰে ইংলেণ্ডক মেচখনলৈ ঘূৰাই আনে। প’পৰ এই ইনিংছটোৱেই হৈ পৰে দলটোৰ জয়ৰ আধাৰ।

প’পৰ লগতে ডলটোৰ নিম্নক্ৰমৰ বেটাৰ ৰেহান আহমেদ আৰ হাৰ্টলীয়েও ক্ৰমে ২৮ আৰু ৩৪ ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। দলটোৱে ৪২০ ৰাণত দ্বিতীয় ইনিংছ সামৰে। ভাৰতৰ হৈ বুমৰাহে চাৰিটা আৰু অশ্বিনে তিনিটা উইকেট দখল কৰে।

ইফালে ২৩১ ৰাণৰ লক্ষ্য আগত লৈ ভাৰতীয় অপেনিং যুটী ৰোহিত-জয়ছোৱালে সাৱধানে ইনিংছ আৰম্ভ কৰে যদিও হাৰ্টলীয়ে একেটা অভাৰতে জয়ছোৱাল (১৫) আৰু গিলক (০) বিদায় দি ভাৰতক বেকফুটলৈ ঠেলি দিয়ে। ইয়াৰ পিছতে ভাৰতীয় ইনিংছত খহনীয়াৰ সৃষ্টি হয়।

দললৈ ৰোহিতে সৰ্বাধিক ৩৯ ৰাণৰ অৱদান আগবঢ়ায়। ১১৯ ৰাণতে ভাৰতে ৭টাকৈ উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ গৰাহত পৰে। অৱশ্যে তাৰ মাজতে অশ্বিন আৰু ভৰতে ৫৭ ৰাণৰ এক যুটী বান্ধি দ্লক উদ্ধাৰৰ চেষ্টা চলায় যদিও হাৰ্টলীয়ে ভৰতক (২৮) বিদায় দি সেই আশা ভংগ কৰে।

হাৰ্টলীয়ে নিজৰ পিছৰটো অভাৰতে অশ্বিনকো (২৮) বিদায় দি দলৰ জয় প্ৰায় নিশ্চিত কৰি তোলে। অন্তিম উইকেটত বুমৰাহ-চিৰাজে কিছু যুঁজ দিয়ে যদিও বাউণ্ডেৰী কোবোৱাৰ চেষ্টাত হাৰ্টলীৰ বলত বিট হয় চিৰাজ আৰু ইংলেণ্ড উইকেটৰক্ষক ফ’কছে কোনো ভুল নকৰি এক সহজ ষ্টাম্পিঙেৰে ভাৰতীয় ইনিংছৰ অন্ত পেলায়।

হাৰ্টলীৰ লগতে ৰুট আৰু লীচে ভাৰতীয় ইনিংছৰ আন দুটা উইকেট দখল কৰে। ১৯৬ ৰাণৰ মেচ নিৰ্ণায়ক ইনিংছটোৰ বাবে প’প মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। এই জয়েৰে ইংলেণ্ডে শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে। শৃংখলাৰ দ্বিতীয়খন মেচ অহা ২ ফেব্ৰুৱাৰীৰ পৰা বিশাখাপট্টনমত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd