• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চণ্ডীগড়ৰ মেয়ৰৰ নিৰ্বাচনত নিৰ্বাচনী অসৎ আচৰণক গৰিহণা আম আদমি পাৰ্টি অসম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2024 8:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত দেখা পোৱা নিৰ্বাচনী ৰিগিং আৰু অনিয়মৰ বাতৰিৰ বিৰুদ্ধে তীব্ৰ গৰিহণা যোগাইছে আম আদমি পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি ড০ ভবেন চৌধুৰীয়ে।

 ড° চৌধুৰীয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰখাৰ সৰ্বোচ্চ স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে নিৰ্বাচনত এনে যিকোনো ধৰণৰ অসৎ আচৰণে ন্যায্য প্ৰতিনিধিত্বৰ মৌলিক অধিকাৰসমূহক ক্ষতিগ্ৰস্ত কৰে।

Apply Now

শেহতীয়াভাৱে বেলট বাকচৰ লগত হেতালি খেলাৰ এক দৃশ্য, যি ঘটনাত কথিতভাৱে এজন প্ৰিজাইডিং অফিচাৰে অসৎ ভাৱে লিপ্ত হোৱা এটা চিন্তনীয় ভিডিঅৰ যোগে চিত্ৰিত কৰা হৈছে, ই আপ অসমক গভীৰভাৱে অস্থিৰ কৰি তুলিছে। INDIA ব্লকৰ প্ৰাৰ্থীৰ ভোট বাতিল হোৱা ঘটনাই নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু ন্যায্যতাক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি কৰিছে।

ড° চৌধুৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে এনে কাৰ্যই ভাৰতৰ গণতান্ত্ৰিক নীতি-নিয়মক কেৱল উফৰাই পেলোৱাই নহয়, মহাত্মা গান্ধীৰ আদৰ্শকো অসন্মান কৰিছে, কাৰণ ১৯৪৮ চনৰ তেওঁৰ হত্যাকাণ্ডৰ দিনটোতে চণ্ডীগড়ত এনে এক অগনতান্ত্ৰিক কাণ্ড সংঘটিত হয়। গান্ধীৰ অহিংসা আৰু নৈতিক শাসনৰ উত্তৰাধিকাৰী সকলৰ পৰা এনে বিচ্যুতি চণ্ডীগড়ৰ দৰে চহৰত দেখা পোৱাটো অতিকৈ দুৰ্ভাগ্যজনক।

এনে উগ্ৰ কাৰ্যক গৰিহণা দিয়াৰ ক্ষেত্ৰত আপ অসমে দৃঢ়তাৰে সংহতিৰে থিয় দিছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ পবিত্ৰতাৰ সৈতে আপোচ কৰাৰ বাবে দায়বদ্ধসকলৰ বিৰুদ্ধে দ্ৰুত আৰু নিৰ্ণায়ক আইনী ব্যৱস্থা গ্ৰহণৰ জৰুৰী আহ্বান কৰে বিৰোধী দলটোৱে।

তদুপৰি আপ অসমে ভাৰতৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ অখণ্ডতাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি এনে ঘটনাৰ বহল তথা নেতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। গণতন্ত্ৰৰ ৰক্ষাৰ হেতু তথা জনসাধাৰণৰ মতামতক যাতে কোনো বিকৃতি বা হেতালি খেলা নোহোৱাকৈ শুনা যায় তাৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচনৰ নীতি ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ বুলিও মত আগবঢ়াই আপে।

স্বচ্ছতা, জবাবদিহিতা, আৰু নৈতিক শাসনৰ প্ৰতি দায়বদ্ধ দল হিচাপে আপ অসমে নিৰ্বাচনী অখণ্ডতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত দলটোৱে তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰাৰ লগতে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থাৰ পোষকতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

চণ্ডীগড়ৰ শেহতীয়া মেয়ৰ নিৰ্বাচন প্ৰথমে ১৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও প্ৰিজাইডিং অফিচাৰৰ স্বাস্থ্যজনিত সমস্যাৰ অজুহাতত এক বিতৰ্কৰ মাজেৰে ৬ ফেব্ৰুৱাৰী লৈ পিছুৱাই দিয়া হৈছিল। INDIA ব্লকৰ প্ৰাৰ্থীৰ ভোট বাতিল হোৱাৰ পিছতে বিজেপি প্ৰাৰ্থীগৰাকী বিজয়ী হৈ ওলাই অহাৰ পিছতে ৰিগিঙৰ অভিযোগ উত্থাপন হয়।

INDIA ব্লকৰ প্ৰাৰ্থী কুলদীপ সিঙৰ ভোট বাতিল হোৱাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তীব্ৰ শংকা প্ৰকাশ কৰি নিৰ্বাচনী অসৎ ব্যৱহাৰৰ আতংকজনক স্বৰূপক আঙুলিয়াই দিছে। আপৰ সাংসদ ৰাঘৱ চাদ্ধাইও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সুৰতে সুৰ মিলাই এনে প্ৰিজাইডিং অফিচাৰৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় আৰু ভাৰতৰ গণতন্ত্ৰত এনে অসৎ আচৰণৰ বিৰূপ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে ২০২১ চনৰ চণ্ডীগড় পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ১২খন আসন লাভ কৰাৰ বিপৰীতে আপে ১৪ খন আৰু আইএনচিয়ে ৮খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে। আপৰ প্ৰতি স্পষ্ট জনাদেশ থকাৰ পাছতো শেহতীয়া মেয়ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ কথিত হস্তক্ষেপক লৈ আপ অসমে উদ্বেগ প্ৰকাশ কৰিছে, যিয়ে পূৰ্বৰ প্ৰতিদ্বন্দ্বিতাসমূহতো পৰিলক্ষিত হোৱা অনিয়মৰ কথাও মনত পেলাই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd