‘দিল্লী চলৌ’ কাৰ্যসূচীৰে দেশৰ ৰাজধানী দিল্লী অভিমুখে ৰাওনা হৈছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষক। প্ৰশসানৰ বাধা নেওচি প্ৰতিবাদী কৃষকসকলে অব্যাহত ৰাখিছে আন্দোলন। তাৰ মাজতে আজি শোকাৱহভাৱে মৃত্যুমুখত পৰিছে এগৰাকী বয়োবৃদ্ধ কৃষক।
আজি পুৱাৰ ভাগত দিল্লী-হাৰিয়ানা শম্ভু সীমান্তত ‘দিল্লী চলৌ’ আন্দোলনত অংশ লোৱা গিয়ান সিং নামৰ এগৰাকী ৭৯ বছৰীয়া কৃষকৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হয়। নিহত কৃষকজন পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ চাচেকী নামৰ এখন গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, গিয়ান সিং কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ সদস্য আছিল। শম্ভু সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলে জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ৩ বজাত সিঙে অস্বস্তি অনুভৱ কৰাৰ পিছত প্ৰথমে ৰাজপুৰাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
কিন্তু স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক পাটিয়ালাৰ ৰাজেন্দ্ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, সিঙৰ সংকটজনক অৱস্থাৰ বাবে তেওঁক জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰা হৈছিল যদিও পুৱা প্ৰায় ৬ বজাত তেওঁৰ মৃত্যু হয়।
উল্লেখ্য যে, নূন্যতম সমৰ্থন মূল্য (MSP)ৰ আইন প্ৰণয়ন, কৃষক ঋণ ৰেহাই আৰু স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাকে ধৰি তিনিটা মূল দাবীৰ লগতে আন কিছু আনুসংগিক দাবী উত্থাপনেৰে প্ৰতিবাদী কৃষকসকলে ‘দিল্লী চলৌ’ কাৰ্যসূচী গ্ৰহণ কৰিছে।
এনে দাবীসমূহৰ ভিতৰত আছে বিদ্যুৎ আইন ২০২০ বাতিল, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত নিহত কৃষকক ক্ষতিপূৰণ দিয়া, কৃষকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ আদি। পদযাত্ৰা বন্ধ কৰিবলৈ বিপুল নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে স্থাপন কৰিছে বেৰিকেড।
কেৱল সিমানেই নহয়, পথত গজাল পুতিও কেন্দ্ৰই প্ৰতিবাদী কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰিছে। ইতিপূৰ্বে হাৰিয়ানা আৰক্ষীয়ে পঞ্জাৱৰ সীমান্তৰ শম্ভূত বহুকেইগৰাকী প্ৰতিবাদকাৰী কৃষকক আটক কৰে।
প্ৰতিবাদকাৰী কৃষকসকলে বেৰিকেড ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰাৰ পিছত নিৰাপত্তাৰক্ষীয়ে ড্ৰ’ন ব্যৱহাৰ কৰি কন্দুৱা গেছ নিক্ষেপ কৰিছে কৃষকসকলৰ ওপৰত। নিৰাপত্তাৰক্ষীৰ এনে স্থিতিৰ পিছত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।