• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিলাসী কোঠাত জাৰৰ উমাল নিশা কটোৱা মুখ্যমন্ত্ৰীয়ে কি বুজিব দুখীয়াৰ পঁজাৰ যন্ত্ৰণা!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 16, 2024 7:26 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিমানেই যি নহওঁক ৰজাই ৰাজ আতিথ্যতেই থাকিব। ৰজা জানো দুখীয়াৰ ভঙা পঁজাত থকাৰ অভ্যাস আছে! এনিশা কি এঘণ্টা ওৱলি যোৱা পঁজা এটাত এঘন্টা কটাব পাৰিব নে? বিজেপিৰ গাওঁ চলো অভিযান চলি আছে। গাঁওৰ ৰাইজৰ ইমানেই কুশল মঙ্গল হৈছে যে মুখ্যমন্ত্ৰী-মন্ত্ৰী সকলোৱে গাঁওত জাৰৰ নিশাৰ আমেজ লৈ কটোৱাৰ চিন্তা কৰিছে। বাৰু সেইখিনিলৈকে ভাল কথা। কিন্তু আমি আপোনালোকক এটা গৃহ দেখুৱাই আছো। সাধাৰণ গৃহ ক’লে ভুল হ’ব, এটা দুমহলীয়া অট্টালিকা। এইটো প্ৰধান মন্ত্ৰী আৱাস যোজনা অধীনৰ বাসগৃহ হ’ব পাৰে নে? তাতকৈয়ো ডাঙৰ কথা অট্টালিকাটোৰ গৰাকী হৈছে এগৰাকী লোকনিৰ্মাণ বিভাগৰ অভিযন্তা।

Apply Now

সকলো কথা খোলোচাকৈ ক’ম। তাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰথমে লিখা এই ফেচবুক পোষ্টটোলৈ চাওক, “জাৰৰ নিশা উমাল আতিথ্যৰ মাজেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী শ্ৰীভাস্কৰ শ্যাম গোহাঁইৰ বাসগৃহত কিছু ধুনীয়া সময় অতিবাহিত কৰোঁ। ৰজাপুখুৰী শ্যামগাঁওবাসীৰ সৈতে ভগাই লোৱা সময়খিনিত মোদী চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে হোৱা সুপৰিৱৰ্তনৰ প্রভাৱ সম্পর্কে তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা জনাৰো সুযোগ পালোঁ। এনে ইতিবাচক পৰিৱৰ্তনেৰে স্থানীয় সম্প্রদায়সমূহৰ জীৱনধাৰণৰ মান উন্নীত কৰাত সফল হোৱা মাননীয় প্রধানমন্ত্রী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগন্তুক যাত্ৰাৰ বাবে এয়া যে আশীৰ্বাদ স্বৰূপ, তাক আকৌ এবাৰ অনুধাৱন কৰিলোঁ।”

কিন্তু আমাক বিশেষ সূত্ৰই জনোৱা অনুসৰি ভাস্কৰ শ্যাম গোহাঁই লোক নিৰ্মাণ বিভাগৰ ইঞ্জিনিয়াৰ আৰু এটা পেট্ৰ’ল পাম্পৰো মালিক হেনো! জানিব পৰা মতে মুখ্যমন্ত্ৰীয়ে নিশা কটোৱা ৰজাপুখুৰী শ্যাম গাঁওৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তিগৰাকীয়ে ভাস্কৰশ্যাম গোহাঁই। পৰিয়ালৰ কোনোবা এগৰাকী হেনো চিকিৎসকো। কি আচৰিত!! ইমান হাইপ্ৰফাইল হিতাধিকাৰী!! পেছাত অভিযন্তা হৈয়ো তেওঁ PMAYৰ গৃহ লাভ কৰিবলৈ সক্ষম হ’ল? অৱশ্যে কোনোবাই ভুলটো শুধৰাই দিয়াত সম্বিত ঘূৰাই পাই পোষ্টটো এডিট কৰিলে মুখ্যমন্ত্ৰীৰ ফেইচবুক পোষ্টত। নিজেই কি গৃহত আছিল তাকো নাজানে নেকি মুখ্যমন্ত্ৰীয়ে?

এটা কথা স্পষ্ট যে, মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা কোনোধৰণৰ PMAY আঁচনিৰ অধীনত লাভ কৰা গৃহত নিশাটো কটোৱা নাছিল। হয়তো মুখ্যমন্ত্ৰীয়ে কটাব পৰাকৈ PMAYৰ বাসগৃহটো উপযুক্ত নহয়। গতিকে ৰাজ আতিথ্যৰে অট্টালিকাতে জাৰৰ উমাল নিশাটো কটালে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই। প্ৰশ্ন হৈছে, এনে ৰাজ আতিথ্যৰ মাজত নিশাটো কটালে প্ৰকৃততে দুখীয়াৰ ভগা পঁজাৰ দুখ মৰ্ম বেদনা বা ঠাণ্ডাত কঁপি কঁপি কটোৱা কষ্টকৰ নিশাৰ কথা অনুভৱ কৰিব পাৰিব নে? এনেদৰে হাইপ্ৰফাইল ব্যক্তিৰ গৃহত নিশাটো কটালে দৰিদ্ৰ লোকে তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা মুখ্যমন্ত্ৰীৰ আগত খুলি ক’বলৈ সুযোগ পাব নে?

মুখ্যমন্ত্ৰী যাব বুলিয়েই চূণ তেল সানি, একে নিশাৰ ভিতৰত লাচিতে গড় নিৰ্মাণ কৰাৰ দৰে চিকচিকিয়া কৰি তোলা হ’ল ৰজাপুখুৰী শ্যাম গাঁও। অৰ্থাৎ মুখ্যমন্ত্ৰীক দেখুওৱা নহ’ল সৰুপথাৰ সমষ্টিৰ গাঁও অঞ্চলৰ প্ৰকৃত ছবিখন বা দৰিদ্ৰ লোকৰ দুখ দুৰ্দশাসমূহ। এতিয়া আমি মুখ্যমন্ত্ৰীক দেখুৱাম দৰিদ্ৰতাৰ আচল ছবিখন বা PMAYৰ গৃহ লাভ নকৰা লোকৰ কেঁচা গৃহসমূহ। সমষ্টি সৰুপথাৰ নহয়, কাষৰীয়া বোকাখাত সমষ্টি। কিন্তু জিলা একেখনেই। কৃষিমন্ত্ৰী অতুল বৰাৰ এই বোকাখাত সমষ্টিৰ অন্তৰ্গত গেলেকা বালিজান গাঁৱৰ এজন বাসিন্দা মঙ্গল বৰাইক। তেওঁৰ গৃহৰ দুৰৱস্থা চাওঁকচোন…..

মঙ্গল বৰাইক ককাই কেনেদৰে নিশাটো ঠাণ্ডাৰ মাজত পাৰ কৰাই সেই অভিজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল’ব পাৰিব নে? যিদৰে হাইপ্ৰফাইল ইঞ্জিনিয়াৰৰ আটক ধুনীয়া গৃহৰ ভিতৰত সু সজ্জিত ডাইনিং টেবুলত নানাবিধ সু-স্বাদু ব্যঞ্জন, ৰকম ৰকম ফল মূলৰে উদৰ পুৰাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ সাঙ্গু পাঙ্গুৰে সৈতে ভক্ষণ কৰিলে, ঠিক একেদৰে বোকাখাতৰ মঙ্গল ককাৰ এই জুহালখনত এসাঁজ ৰান্ধি মাটিত লেপেটা খাই বহি নিশাৰ এসাজ গ্ৰহণ কৰি ককাৰ দুখৰ সমভাগি হ’বলৈ সাহস আছে নে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ? তেতিয়াহে হয়তো বিজেপিৰ গাঁও চলো অভিযান সাৰ্থক হোৱা বুলি ভাবো।

গেলেকা বালিজানৰ মঙ্গল বৰাইক ককাই লাভ কৰা নাই PMAY ৰ অধীনৰ এটা গৃহ। PMAY ৰ ঘৰ এটা বিচাৰি বিচাৰি মহ মাইকী গাঁও পঞ্চায়তলৈ তাঁত বাতি ককাৰ। তাঁত বাতি কৰি কৰি ভৰিৰ চেণ্ডেলৰ ফিটা চিঙি যোৱাৰ পাছতো আজিকোপটি গৃহ এটা নাপালে মংগল ককাই। সেয়েহে ৰ’দে বতাহে, ঠেটুৱৈ ধৰা জাৰত এই জৰাজীৰ্ণ ঘৰটোতে অমঙ্গলৰ মাজেৰেই দিন কটাবলগীয়া হৈছে মঙ্গল ককাই।

মুখ্যমন্ত্ৰী মহোদয়, আপুনি যিমানেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্দনাৰে উপচাই পেলাবলৈ প্ৰত্যেক লোকে PMAYৰ অধীনৰ গৃহ লাভ কৰা বুলি আস্ফালন নকৰক কিয় প্ৰকৃত ছবিখন এয়াই। কেৱল মঙ্গল বৰাইক ককাই নহয়, বোকাখাতৰ ম’হমাইকী গাওঁ পঞ্চায়তৰ অধীনৰ প্ৰায় ডেৰশতাধিক শ্ৰমিক পৰিয়ালে বসবাস কৰা কেঁচা ঘৰসমূহ। গেলেকা বালিজান আৰু মুড়াবস্তি নামৰ গাওঁ দুখনত আজিও দৰিদ্ৰ পৰিয়াল সমুহে লাভ কৰা নাই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ। কেৱল ঘৰেই নহয় লাভ কৰা নাই চৰকাৰী উন্নয়নমুলক আঁচনিৰ লাভালাভ।

হয়তো সৰুপথাৰ সমষ্টিতো এনে কেঁচাঘৰ বিচাৰিলে ওলাব। ঠিক সেইদৰে ৰাস্তা ঘাটৰ কথাই যদি কওঁ, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যদি কেনেবাকৈ বাৰিষা কালত গাঁও চলো অভিযানত অংশ ল’লেহেঁতেন আৰু যদি এনেধৰণৰ পথাৰৰ বোকাসদৃশ পথ দেখিলেহেঁতেন তেতিয়া তেওঁ হেলিকপ্টাৰ বা বিলাসী বাহন এৰি একাঠু বোকাত নামিয়েই গাঁওৰ ৰাইজে অতদিনে ভুগি অহা যমৰ যাতনাখিনি অনুধাৱন কৰিলেহেঁতেন নে? এয়া বাৰিষা কালৰে পথৰ দুৰৱস্থা, যিটো তেওঁ খৰালি ভ্ৰমণ কৰি অনুভৱ কৰিব নোৱাৰিলে বা তেওঁ যাব বুলিয়েই ৰাস্তা-ঘাট চিকচিকীয়া কৰাৰ বাবে ৰাইজে ভোগা যন্ত্ৰণাসমূহ তেওঁ অনুভৱ কৰিব নোৱাৰিলে।

আচলতে বিজেপিৰ নেতা কৰ্মীসকলে গাঁও চলো কাৰ্যসূচীতো বাৰিষা কালৰ পৰাই আৰম্ভ কৰিব লাগিছিল তেতিয়াহে হয়তো পথৰ দুৰৱস্থা, বানপানীয়ে নৈপৰীয়াক কৰা দুৰৱস্থা উপলব্ধি কৰিব পাৰিলেহেঁতেন। মুখ্যমন্ত্ৰী মহোদয়, আপুনি বিলাসী কোঠাত নিশাটো কটাই, বিলাসী সু-স্বাদু খাদ্য গ্ৰহণ কৰি প্ৰধান মন্ত্ৰীৰ গুণানুকীৰ্তন কৰিব বিচৰাতকৈ এবাৰ প্ৰকৃতাৰ্থত দৰিদ্ৰতাৰ ছবিখন উপলব্ধি কৰিবলৈ চেষ্টা কৰকচোন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd