নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। ইয়াৰ পূৰ্বে ডেম’ক্ৰেট দলৰ আভ্যন্তৰীণ সমীক্ষা মতে বাৰাক ওবামাৰ পত্নী মিচেল ওবামাই জো বাইডেনক পৰাস্ত কৰাৰ সম্ভাৱনা আছে।
আমেৰিকাৰ বুজন পৰিমাণৰ নাগৰিকে আগন্তুক নিৰ্বাচনত মিচেল ওবামাক ৰাষ্ট্ৰপতি হিচাপে চাব বিচাৰে।
ৰাছমুচেনৰ এক সমীক্ষা অনুসৰি ৪৮ শতাংশ ডেম’ক্ৰেটে জো বাইডেনৰ ঠাইত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নতুন মুখ বিচাৰিছে। আকৌ এই ৪৮ শতাংশ ডেম’ক্ৰেটৰ ২০ শতাংশই বিচাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পত্নী মিচেল ওবামাক।
ইয়াৰ উপৰিও বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। সমীক্ষা মতে ১৫ শতাংশ ডেম’ক্ৰেটে সমৰ্থন কৰিছে কমলা হেৰিছক।
ইপিনে ১২ শতাংশই হিলাৰী ক্লিণ্টনক পছন্দ কৰে। এনাডৰ উপৰিও কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমও ডেম’ক্ৰেটৰ প্ৰিয় তালিকাত আছে।
একেটা সমীক্ষাতে দেখা গৈছে যে ৩৮ শতাংশ ডেম’ক্ৰেটে ৮১ বছৰীয়া জো বাইডেনক পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে চাব বিচাৰে।





