দীৰ্ঘদিন ধৰি উত্তৰ ত্ৰিপুৰাৰ বাগপাছা বিধানসভা সমষ্টিৰ অন্তৰ্গত কদমতলা খণ্ডৰ অধীনৰ ইছালাল ছাৰাবাসীয়ে খোৱাপানীৰ সমস্যাত ভূগি আহিছিল যদিও এতিয়া সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে অঞ্চলবাসী।
উল্লেখ্য যে এই অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৱলীৰ বিষয়ে নৰ্থ-ইষ্ট নাও যোগে বাতৰি প্ৰকাশ পোৱাৰ পাছতেই বিভাগীয় কৰ্তৃপক্ষই অঞ্চলবাসীৰ খোৱাপানীৰ সমস্যা দূৰ কৰাৰ অৰ্থে বহুৱাইছে খোৱা পানীৰ পাইপ। এতিয়া অঞ্চলবাসীয়ে উক্ত পানী যোগানৰ বাবে দিনটোৰ ১২ ঘণ্টা কাল লাভ কৰে বিশুদ্ধ খোৱা পানী।
খোৱাপানী ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰত যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে অঞ্চলবাসী। গাঁওবাসীৰ সৰহ সংখ্যকে প্ৰশাসনক অশেষ ধন্যবাদ জ্ঞাপন কৰে। গাঁওবাসীয়ে এতিয়া দৈনন্দিন কাৰ্যত এই পানী ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে বিশুদ্ধ খোৱাপানীৰ সমস্যাৰে ভাৰাক্ৰান্ত বিশ্ববাসী। দীৰ্ঘদিন ধৰি উক্ত সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছিল বাগপাছা বিধানসভা সমষ্টিৰ অন্তৰ্গত কদমতলা খণ্ডৰ অধীনৰ ইছালাল ছাৰা গাঁওবাসী। তেওঁলোকে বছৰ বছৰ ধৰি সেৱন কৰি আছিল কদৰ্যময় নলা-নৰ্দমা, পুখুৰী আদিৰ পানী। যাৰ ফলত উক্ত অঞ্চলৰ লোকসকলে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভূগিবলগীয়া হৈছিল।
মনকৰিবলগীয়া যে উক্ত অঞ্চলটোৰ খোৱাপানী সমস্যা তথা তাৰ বাবে হোৱা বিভিন্ন বেমাৰৰ বাবে বাৰুকৈয়ে সমস্যাত পেলাইছিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক বিজিতা নাথক।
৩০ ঘৰতকৈও অধিক পৰিয়ালে বাস কৰা গাঁওখনত এতিয়া খোৱাপানীৰ ব্যৱস্থা কৰি দিয়াত উক্ত সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব বুলি গাঁওবাসীয়ে মন্তব্য কৰিছে।