চীনৰ পৰা বিনামূলীয়া সামৰিক সাহায্য লাভ কৰিব মালদ্বীপে। ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰিছে দুয়োখন দেশে এই চুক্তি স্বাক্ষৰ কৰাৰ এদিন পিছতে ভাৰতীয় সেনাক মালদ্বীপত নিষিদ্ধ কৰিছে মালদ্বীপ চৰকাৰে।
মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে কয় যে ১০ মে’ৰ পিছত সামৰিক বা অসামৰিক পোছাক পিন্ধা কোনো ভাৰতীয় সৈন্যক মালদ্বীপত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।
দ্বীপ ৰাষ্ট্ৰখনৰ তিনিটা বিমান বন্দৰৰ ভিতৰত এটাৰ দায়িত্ব ল’বলৈ ভাৰতীয় অসামৰিক দল এটা মালদ্বীপত উপস্থিত হোৱাৰ পিছতে মুইজ্জুৱে এই মন্তব্য কৰে।
মালদ্বীপ চৰকাৰে কয় যে ১০ মাৰ্চৰ ভিতৰত ভাৰতীয় সৈন্যৰ প্ৰথমটো গোট ঘূৰাই পঠিওৱা হ’ব আৰু ১০ মে’ৰ ভিতৰত ভাৰতীয় সেনা প্ৰত্যাহাৰৰ কাম সম্পূৰ্ণ হ’ব।
উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা দুখন হেলিকপ্টাৰ আৰু এখন ডৰ্নিয়াৰ বিমান ব্যৱহাৰ কৰি ৮৮ জন ভাৰতীয় সেনাই মালদ্বীপৰ জনসাধাৰণক মানৱীয় আৰু চিকিৎসা সেৱা আগবঢ়াইছে।
২ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ পাছতে মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ভাৰতে ১০ মে’ৰ ভিতৰত মালদ্বীপৰ তিনিটা বিমান প্লেটফৰ্ম পৰিচালনা কৰা সামৰিক জোৱানক প্ৰত্যাহাৰ কৰিব লাগিব আৰু ইয়াৰ প্ৰথম পৰ্যায়ৰ কাম ১০ মে’ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।
চীন সমৰ্থক হিচাপে জনাজাত নেতা মুইজু যোৱা বছৰৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাে সময়ত তেওঁ দ্বীপ ৰাষ্ট্ৰখনৰ পৰা ভাৰতীয় সামৰিক জোৱানক অপসাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।





