• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ খতিয়ান দাবী, প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে সৰব আম আদমি পাৰ্টী 

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 6, 2024 1:13 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক অসম ভ্ৰমণৰ পূৰ্বে সৰব হৈছে আম আদমি পাৰ্টী। প্ৰধানমন্ত্ৰী মোডীয়ে অসমবাসীক পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহৰ খতিয়ান বিচাৰিছে দলটোৱে। 

দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সাংগঠনিক সম্পাদক ড৹ মানুন ইমদাদুল হক চৌধুৰীয়ে কয় যে মোদী ডাঙৰীয়াক অসমবাসীয়ে বহুত মৰম দিলে। কিন্তু ইয়াৰ বিনিময়ত তেওঁ প্ৰতাৰণাৰ পিছত প্ৰতাৰণাহে কৰি আছে। ২০১৪ চনৰ পূৰ্বে তেওঁ কৈছিল অসমে এখন শুদ্ধ এন আৰ চি পাব। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমে এখন এন আৰ চি পালে হয়, কিন্তু সেইখন শুদ্ধকৈ প্ৰকাশ কৰিব নোৱাৰিলে। ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ প্ৰস্তুত কৰা এন আৰ চি খনক নস্যাৎ কৰি মোডী ডাঙৰীয়াই অসমত ‘কা’ জাপি দিলে। ‘কা’ৰ জৰিয়তে নাগৰিকত্ব পোৱাৰ ২০১৪ চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰা হ’ল। 

Apply Now

একেদৰে অসম চুক্তিৰ ৬নং দফাৰ বাবে গঠন কৰি দিয়া ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে-আখৰে পালন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতিবেদনখন চৰকাৰে গ্ৰহণেই নকৰিলে। 

২০২০ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই অসমৰ বান সমস্যা বিজ্ঞানসন্মতভাৱে সমাধানৰ বাবে নীটি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত উত্তৰ পূৰ্বাঞ্চল জল ব্যৱস্থাপনা প্ৰাধিকৰণ গঠন কৰা হ’ব বুলি কৈছিল। কিন্তু এই North East Water Management Authority বা NEWMA এতিয়ালৈকে গঠন হোৱা নাই কিয়? প্ৰতি বছৰে হৈ থকা বান-খহনীয়া ৰোধ কৰিবৰ বাবে মোডী ডাঙৰীয়া আগ্ৰহী নহয় নেকি? 

মোডী ডাঙৰীয়াই সৰ্বভাৰতীয় পৰ্যায়ত দিয়া প্ৰতিশ্ৰুতি কেতবোৰ অসমৰ বাবেও সমানেই প্ৰযোজ্য যদিও সেইবোৰ প্ৰতিশ্ৰুতিও তেওঁ পূৰণ কৰিব পৰা নাই। 

২০২২ চনৰ ভিতৰত অসমৰ সকলোৱে পকী ঘৰ পালেনে বুলি আপে প্ৰশ্ন কৰে। একেদৰে অসমৰ কৃষকৰ আয় দুগুণ হ’লনে? মোডী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল অসমৰ সকলো কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ’ব। কিন্তু অসমত এতিয়াও মাত্ৰ ৫.৪% কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে বুলি আঙুলিয়াই দি চৌধুৰীয়ে লগতে কয় যে যোৱা বিধানসভাত বিজেপি চৰকাৰে অসমৰ এশ শতাংশ কৃষিভূমিতে জলসিঞ্চন হ’ব নালাগে বুলি ভোট দি প্ৰস্তাৱ গ্ৰহণ কৰিলে। 

বাৰে বাৰে ভুৱা প্ৰতিশ্ৰুতি দিয়া মোডী ডাঙৰীয়াক কোনেও এতিয়া বিশ্বাসত নলয়। 

প্ৰতিবছৰে ২ কোটি নিবনুৱাক চাকৰি দিব নোৱাৰিলে, ক’লাধন ওভটাই আনিব নোৱাৰিলে, প্ৰত্যেকৰ একাউন্টত ১৫ লাখ টকাকৈ দিব নোৱাৰিলে, ১০০ খন স্মাৰ্ট চিটী সাজিব নোৱাৰিলে, ভাৰতীয় টকাৰ মূল্য হ্ৰাস ৰোধ কৰিব নোৱাৰিলে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd