• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

প্ৰস্তাৱিত বান্ধৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ বাবে নিৰাপত্তাৰক্ষীয়ে লাঠী আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ পিছতে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2026 10:09 am
পাছিঘাটত অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি কলিং ময়ং আৰু মৰিয়ং-গেকুৰ বিধায়ক অনি পানয়াঙৰ বাসগৃহ ভাঙি ছিঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে।

পাছিঘাটত অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি কলিং ময়ং আৰু মৰিয়ং-গেকুৰ বিধায়ক অনি পানয়াঙৰ বাসগৃহ ভাঙি ছিঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১১,২০০ মেগাৱাটৰ প্ৰস্তাৱিত ছিয়াং উজনি বহুমুখী প্ৰকল্প (SUMP)ক লৈ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে শনিবাৰে পাছিঘাটত অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি কলিং ময়ং আৰু মৰিয়ং-গেকুৰ বিধায়ক অনি পানয়াঙৰ বাসগৃহ ভাঙি ছিঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে।

শুকুৰবাৰে ১২ ঘণ্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে পাছিঘাটত এন এইচ পি চিৰ এটা কাৰ্যালয়ত বিক্ষোভকাৰীয়ে অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে। প্ৰস্তাৱিত বান্ধৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ বাবে নিৰাপত্তাৰক্ষীয়ে লাঠী আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ পিছতে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

পুৱা ৫ বজাৰ পৰা সমগ্ৰ ছিয়াং, আপাৰ ছিয়াং আৰু পূব ছিয়াং জিলাত বন্ধ আৰম্ভ হয়। প্ৰতিবাদকাৰীসকলে এই প্ৰকল্পৰ বিৰোধিতা কৰি গ্ৰেপ্তাৰ হোৱা ১০ জন কৰ্মীক মুকলি কৰি দিয়াৰ লগতে অঞ্চলটোত নিয়োজিত নিৰাপত্তা বাহিনী প্ৰত্যাহাৰৰ দাবী জনায়।

Apply Now

ছিয়াঙৰ আৰক্ষী অধীক্ষক কামদম ছিখমে জনোৱা মতে, পুৱা প্ৰায় ৭ বজাত আপাৰ ছিয়াং জিলাৰ গেকু আৰু কমকাৰৰ পৰা প্ৰায় ১৫০ৰ পৰা ২০০জন প্ৰতিবাদকাৰীয়ে ছিয়াং জিলাৰ দিটে-ডাইমেত সমবেত হয়।

তেওঁ অভিযোগ কৰে যে তেওঁলোকে আৰক্ষীৰ বেৰিকেডক ক্ষতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিছিল, শিলগুটি নিক্ষেপ কৰিছিল আৰু নিষেধাজ্ঞামূলক আদেশ উলংঘা কৰিছিল, যাৰ ফলত আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰে।

আন এজন আৰক্ষী বিষয়াই কয়, ‘এই সংঘৰ্ষত আহত চাৰিগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে নিৰাপত্তাৰক্ষীয়ে অত্যধিক বল প্ৰয়োগ কৰি তেওঁলোকক ছত্ৰভংগ দিওৱাৰ ফলত কেইবাজনো বিক্ষোভকাৰীয়ে কন্দুৱা গেছৰ গোলাত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে উশাহ-নিশাহ লোৱাত অসুবিধা পাইছে।

আৰক্ষীৰ এই কাৰ্যক লৈ স্বতন্ত্ৰ তদন্তৰ আহ্বান জনাইছে। ছিখোমে অৱশ্যে ছিয়াং জিলাৰ অন্যান্য প্ৰান্তত বন্ধ শান্তিপূৰ্ণভাৱে পাৰ হোৱা বুলি কয়।

পূৱ ছিয়াং জিলাৰ মেবোৰ ৰানাঘাট দলঙৰ সমীপতো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ উপৰি কেইবাজনো লোক আহত হোৱাৰ লগতে কমেও ৭খন বাহনৰ ক্ষতিসাধন হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

স্থানীয় নিউজ চেনেলৰ কেমেৰামেন এজন কন্দুৱা গেছৰ গোলা ভৰিত খুন্দা মৰাত আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীৰ দুখন বাহনতো অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে।

পূব ছিয়াঙৰ আৰক্ষী অধীক্ষক পংকজ লাম্বাই বাৰে বাৰে কৰা ফোনত কোনো সঁহাৰি নিদিয়াৰ বিপৰীতে আপাৰ ছিয়াঙৰ উপ আয়ুক্ত অশোক তাজোৱে কয় যে তেওঁৰ জিলাত বন্ধ শান্তিপূৰ্ণ হৈ আছে।

বন্ধৰ ফলত সমগ্ৰ ছিয়াং আৰু আপাৰ ছিয়াং জিলা আৰু পূব ছিয়াঙৰ কিছু অংশত স্বাভাৱিক জীৱন ব্যাহত হয়, দোকান আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰে আৰু বহু বাসিন্দা ঘৰৰ ভিতৰতে সোমাই থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

October 24, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd