• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথিৱীৰ ক’তো সংবিধান বিৰোধী আইন নাই : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2018 6:29 pm
TarunGogoiPressMeet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ অসমতে জুই জ্বলি আছে, সেই সময়ত সোণোৱালে চাৰ্টাৰ বিমান লৈ বিদেশ ভ্ৰমণত যোৱাটো যুক্তিসংগত নহয় তথা এয়া তেওঁ নিজৰ দায়িত্বজ্ঞানহীনতাই দেখুৱাইছে।”

আজি কইনাধৰাত এখন সংবাদমেল আয়োজন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এনেদৰে কয়। নিজে চৰকাৰৰ মুৰব্বী হৈ থাকোতে, নেপালৰ ভূমিকম্প হোৱাৰ সময়ত তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণ বাদ দিছিল বুলি গগৈয়ে উল্লেখ কৰে।

Apply Now

আনহাতে সৰ্বানন্দ সোণোৱালৰ ভিয়েটনাম ভ্ৰমণক এক ভেঁকো-ভাওনা আখ্যা দি কয়, “বিজেপিয়ে মোক হেলিকপ্টাৰ লোৱাৰ বাবে সমালোচনা কৰিছিল। তেওঁ নিজেই চাৰ্টাৰ ফ্লাইট লৈ ভিয়েটনাম ভ্ৰমণ কৰিছে। তেৱেঁই অসম বুৰঞ্জীত প্ৰথম মুখ্য মন্ত্ৰী যি বিদেশ ভ্ৰমণত চাৰ্টাৰ ফ্লাইট ব্যৱহাৰ কৰিছে। লগতে নিৰাপত্তাৰক্ষী বেছিকৈ নলওঁ বুলি কৈয়ো তাৰ ওলোটাটোহে কৰিছে।”

বিজেপিৰ নেতাসকলে ভোগ-বিলাসিতাৰে জীবন অতিবাহিত কৰা বুলি কটাক্ষ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, “ভিয়েটনাম ভ্ৰমণ হৈছে ধনৰ অযথা অপচয়। নমামি বৰাক-ব্ৰহ্মপুত্ৰ পাতি মিছাকৈ ধনৰ অপচয় কৰিলে। বানপানী-গৰাখহনীয়া ৰোধ কৰিব নোৱৰা চৰকাৰখনে কৃষিৰ উন্নয়নৰ বাবে ভিয়েটনাম যোৱাৰ কি প্ৰয়োজন? তাতকৈ খেতিৰ নিদৰ্শন চাবলৈ পঞ্জাব-হাৰিয়ানালৈকে যোৱাটো ভাল।”

আনহাতে কৃষি বিভাগ বিজেপি দলৰ হাতত নাই বুলি উল্লেখ কৰি গগৈয়ে কয়, “ভিয়েটনামলৈ বিজেপিৰ বিধায়ক নিয়াৰ বিপৰীতে অন্য দলৰ বিধায়কক নিনিলে কিয়?”

” ভিয়েটনাম যোৱাৰ আগতে মুখ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সম্পাদকসকলৰ সন্মুখত অসমৰ স্বাৰ্থ বিঘ্নিত হ’লে পদত্যাগ কৰিম বুলি ঘঁৰিয়ালৰ চকুপানী টুকিলে। বিলখন অনাৰ সময়তে তেওঁলোকে বিৰোধিতা নকৰিলে কিয়? বিজেপি দলে অসমখন ধ্বংস কৰিবলৈ বাকী নাই।” গগৈয়ে এনেদৰে কয়।

আনহাতে বৰাকৰ কংগ্ৰেছী নেতাসকলে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰা সন্দৰ্ভত মন্তব্য কৰি কয় যে ভাষা আন্দোলনৰ সময়তো ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছীসকলে অসমীয়া ভাষাৰ প্ৰতি সমৰ্থন জনোৱাৰ বিপৰীতে বৰাক কংগ্ৰেছীয়ে বঙালী ভাষা লাগে বুলিহে কৈছিল।

অলপতে ৰঞ্জিত দাসে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাৰ পিছত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত স্থিতি প্ৰকাশ কৰিম বুলি মন্তব্য কৰাক কেন্দ্ৰ কৰি গগৈয়ে কয়, “এন আৰ চি হৈ যোৱাৰ পিছত এইবোৰ কৰিলে বৰষুণ যোৱাৰ পিছত জাপি লোৱাৰ লেখীয়া কথা হ’ব।”

আজি কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে সোধাত গগৈয়ে কয়, “হিন্দুত্ববাদৰ ভিত্তিত বিজেপিয়ে সমগ্ৰ দেশখনকে নিজৰ দখললৈ আনিছে। হিন্দুত্ববাদৰ ধাৰাৰ বাবেই সমগ্ৰ দেশতে বিজেপি জয়ী হৈছে। লগতে টকা হিচাপ নোহোৱাকৈ খৰচ কৰিছে বিজেপিয়ে। সংখ্যালঘু এলেকাত বহুতে ভীতিগ্ৰস্ত হৈ বিজেপিক ভোট দিছে। ৰাজনীতিত হিন্দুত্বই বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে।” নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত তেওঁ কয়, “পৃথিৱীৰ ক’তো সংবিধান বিৰোধী আইন নাই।”

তদুপৰি কেন্দ্ৰীয় চৰকাৰে বান সাহায্যৰ বাবদ ৪৮০.৮৭ কোটি টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, “অনুমোদনহে কৰিছে, প্ৰদান কৰাতো নাই। এয়া ঘোষণাতে সীমাবদ্ধ। অসম চৰকাৰে ২৩০০ কোটি টকা বিচাৰিছিল। এতিয়া আকৌ বাৰিষা আহিলেই। এতিয়া প্ৰদান কৰি কি লাভ?”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd