• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ধৰাশায়ী ‘চাহাব’ৰ বাজবলঃ ভাৰতীয় দলৰ ‘অমৃত কাল’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2024 5:04 pm
India vs England
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম টেষ্টত পৰাজয়ৰ গ্লানি; ইয়াৰ পিছতে ঘটিল ৰাজকীয় প্ৰত্যাৱৰ্তন। ক্ৰিকেট বিশ্বত চমক তোলা ইংলেণ্ডৰ বাজবল শৈলীৰ ওপৰত বিস্তাৰ কৰিলে আধিপত্য। আৰু দুৰন্ত প্ৰদৰ্শনেৰে আজি অন্তিম টেষ্টত ইনিংছ ব্যৱধানত জয়েৰে ৪-১ ব্যৱধানত শৃংখলা দখল কৰিলে ভাৰতে।

ধৰমশালাত শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্টত আজি তৃতীয় দিনাই এক ইনিংছ আৰু ৬৪ ৰাণত জয়ী হয় ঘৰুৱা দল ভাৰত। কেৰিয়াৰৰ শততম টেষ্ট খেলা অভিজ্ঞ তাৰকা ৰবিচন্দ্ৰন অশ্বিনৰ স্পীন ঘূৰ্ণীৰ পিছতে বুমৰাহ, জাদেজা আৰু কুলদীপে ধৰাশায়ী কৰে ইংৰাজ বাহিনীক।

Apply Now

কালি দ্বিতীয় দিনাৰ স্ক’ৰ ৮ উইকেটত ৪৭৩ ৰাণৰ পৰা আজি ইনিংছ আৰম্ভ কৰি মাত্ৰ চাৰি ৰাণ যোগ দিয়েই ৪৭৭ ৰাণত ইনিংছ সমাপ্ত কৰে আৰু ইংলেণ্ডৰ প্ৰথম ইনিংছৰ স্ক’ৰ ২১৮তকৈ ২৫৯ ৰাণৰ বিশাল অগ্ৰগতি লাভ কৰে। কালিৰ দুই অপৰাজিত বেটাৰ কুলদীপ আৰু বুমৰাহে ক্ৰমে ৩০ আৰু ২০ ৰাণ সংগ্ৰহ কৰি বিদায় লয়।  

ইফালে এনে বৃ্হৎ ব্যৱধানৰ হেঁচা লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা ইংলেণ্ডক প্ৰাৰম্ভিক অৱস্থাতে বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়ে অশ্বিনে। মাত্ৰ দুই ৰাণৰ স্ক’ৰত ডাকেটক আৰু ২১ ৰাণৰ স্ক’ৰত আনজন অপেনাৰ ক্ৰলীক অশ্বিনে পেভিলিয়নৰ পথ দেখুৱায়।  

স্বকীয় বাজবল শৈলীৰে প’পে (১৯) ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা কৰিলেও ৩৬ ৰাণৰ স্ক’ৰত অশ্বিনে প’পকো বিদায় দি ইংৰাজ শিবিৰত আন এক আঘাত হানে। অৱশ্যে চতুৰ্থ উইকেটত ৰুট আৰু বেয়াৰষ্ট’ৱে ৫৬ ৰাণ যোগ দি দলীয় স্ক’ৰ ৯২ লৈ আগবঢ়াই নিয়ে।

আক্ৰমণাত্মক বেটিঙেৰে বেয়াৰষ্ট’ই কিছুসময় ভাৰতীয় বলিং লাইন আপক সমস্যাত পেলালেও কুলদীপে বেয়াৰষ্ট’ৰ (৩৯) উইকেট দখল কৰি এই চিন্তা দূৰ কৰে। ব্যৰ্থ হয় অধিনায়ক ষ্ট’কছ (২) আৰু ফ’কছ (৮)। এই দুই খেলুৱৈৰ উইকেট দখল কৰি অশ্বিনে ইনিংছটোত পাঁচ উইকেট সম্পূৰ্ণ কৰে।

১১৩ ৰাণতে ৬ টাকৈ উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ গ্ৰাসত পৰা দলটোক সাময়িক সকাহ দি ৰুটে আৰু হাৰ্টলীয়ে ১৪১ ৰাণলৈ আগবঢ়াই নিলেও বুমৰাহে হাৰ্টলীক (২০) বিদায় দি এই যুটীও ভংগ কৰে। একেটা অভাৰতে মাৰ্ক উডো (০) বুমৰাহৰ চিকাৰ হয়।  

নৱম উইকেটত ৰুট আৰু বাছিৰ (১৩)ৰ মাজত যোগ হয় ৪৮ ৰাণৰ। অৱশ্যে দুই স্পিনাৰ জাদেজা আৰু কুলদীপে অন্তিম দুটা উইকেট দখল কৰি ইংলেণ্ডৰ দ্বিতীয় ইনিংছ ১৯৫ ৰাণত অৱসান ঘটায়। তাৰ মাজতে ৰুটে অকলেই যুঁজ দি ৮৪ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে।

টেষ্টখনৰ প্ৰথম ইনিংছত ৫টা আৰু দ্বিতীয় ইনিংছত দুটা উইকেটৰ লগতে বেটিঙতো ৩০ ৰাণ সংগ্ৰহ কৰা কুলদীপ যাদৱক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচনা কৰা হয়। আনহাতে তিনিটা অৰ্ধশতক আৰু দুটা দ্বিশতকেৰে সৰ্বমুঠ ৭১২ ৰাণ সংগ্ৰহেৰে শৃংখলাটোত উজলি উঠা যশস্বী জয়ছোৱাল শৃংখলাৰ শ্ৰেষ্ঠ বিবেচিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd