• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইজৰাইল-পেলেষ্টাইন যুদ্ধ :  বিগত ৪ মাহত গাজাত নিহত ৯ হাজাৰ মহিলা 

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 10, 2024 9:26 pm
200
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰৰ ৭ অক্টোবৰৰ পৰা চলিত সপ্তাহলৈকে গাজা আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূত ইজৰাইলৰ বাহিনীয়ে হত্যা কৰিছে ৯ হাজাৰৰো অধিক মহিলাক । শনিবাৰে ৰাষ্ট্ৰসংঘই এই কথা প্ৰকাশ কৰে। 

সংস্থাটোৰ তথ্য অনুসৰি বিগত সময়চোৱাত প্ৰতিদিনে গড়ে ৬৩ গৰাকী মহিলাৰ মৃত্যু হৈছিল। 

ৰাষ্ট্ৰসংঘই এই অঞ্চলত প্ৰতিদিনে গড়ে ৩৭ গৰাকী মাতৃৰ মৃত্যু হোৱা বুলিও প্ৰকাশ কৰিছে। যাৰ ফলত তেওঁলোকৰ সন্তান অনাথ হৈ পৰিছে আৰু পৰিয়ালবোৰ দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে। 

গাজা স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি যোৱা অক্টোবৰ মাহৰ পৰা ইজৰাইলৰ আক্ৰমণত গাজাত নিহত লোকৰ সংখ্যা ৩০ হাজাৰ অতিক্ৰম কৰিছে।

মহিলাসকলে লগতে জনাইছে যে যোৱা কেইসপ্তাহমানৰ পৰা প্ৰতিটো পৰিয়ালৰ কমেও ১ জন সদস্যই প্ৰতিদিনে ভোকত থাকিবলগীয়া হৈছে আৰু ৯৫ শতাংশৰ ক্ষেত্ৰত পৰিয়ালটোৰ মহিলাসকলে শিশুসকলক খুৱাই নিজেই ভোকত থাকিবলগীয়া হৈছে।

জানিব পৰা মতে যোৱা কেইসপ্তাহমানৰ পৰা গাজাৰ লোকসকলে উপযুক্ত খাদ্য লাভ কৰা নাই। তেওঁলোকে সম্পূৰ্ণ অনাহাৰৰ দিশে আগবাঢ়িছে।

গাজাৰ বৰ্তমানৰ পৰিস্থিতিত ১০ গৰাকী মহিলাৰ ভিতৰত ৯ গৰাকীয়ে খাদ্যৰ সুবিধা লাভ কৰা নাই। বহু মহিলাই এতিয়া ধ্বংসাৱশেষত খাদ্য বিচাৰিবলৈ চেষ্টা চলাইছে।

ৰাষ্ট্ৰসংঘই লগতে কয় যে তাৎক্ষণিকভাবে যুদ্ধবিৰতি ঘোষণা নকৰিলে অনাগত দিনত অধিক লোকৰ মৃত্যু হ’ব। গাজাত অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ ধ্বংস আৰু বোমা বিস্ফোৰণ বন্ধ হ’ব লাগিব। অৱৰোধ উঠাই মানৱীয় সাহায্য প্ৰেৰণৰ বাবে তৎক্ষণাত গাজালৈ সাহায্য প্ৰেৰণ কৰিব লাগিব।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd