• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কা’ৰ বিৰুদ্ধে সমগ্র ৰাজ্যত গণতান্ত্ৰিকভাৱে তীব্ৰ প্রতিৰোধ গঢ়ি তুলিবলৈ আহ্বান অসম বিৰোধী ঐক্যৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 11, 2024 9:05 pm
508
VIEWS
Share on FacebookShare on Twitter

জাতিৰ স্বাভিমানত চূড়ান্ত আঘাত হানি অন্যায়ভাৱে ‘কা’ জাপি দিয়া বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দি ১২ মাৰ্চত ৰাজ্যজুৰি সৰ্বাত্মক হৰতাল কাৰ্যসূচী পালন কৰিবলৈ বিৰোধী ঐক্য মঞ্চই অসমৰ ৰাইজৰ প্রতি আহ্বান জনাইছে। 

এক বিবৃতিত ১৬ টা বিৰোধী দলৰ ঐক্য মঞ্চই আজি স্পষ্ট কৰি দিয়ে যে অসমৰ ৰাইজে আৰু বিদেশীৰ বোজা বহন কৰিব নোৱাৰে। ১৯৭১ চনত হোৱা অসম চুক্তি অনুযায়ী বিষয়টো সমাধান হোৱাতো বিৰোধী ঐক্য মঞ্চই পোষকতা কৰে। 

বিবৃতিটোত লগতে কয় – “আমি বাৰে বাৰে কৈ আহিছোঁ, কোনো কাৰণতে অসমৰ ৰাইজে ‘কা’ মানি নলয় আৰু ইয়াৰ বাবে অসমৰ ৰাইজে সৰ্বাত্মক হৰতাল কৰিবৰ বাবে সাজু হৈ আছে। ‘কা’ই অসমীয়া জাতিৰ ভৱিষ্যত ধ্বংস কৰিব। অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, কৃষ্টি আদিক বিপন্ন কৰিব। অসমীয়া জাতিৰ অসন্তিত্বৰ প্রতি ভাবুকি আহিব। অসম চুক্তিৰ মূল আত্মাত ‘কা’ই আঘাত হানিব।”

এনেধৰণৰ এখন জাতিধ্বংসী, অসাংবিধানিক আইন অসমত প্রযোজ্য কৰা কাৰ্যক বিৰোধী ঐক্য মঞ্চই কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে বিৰোধী ঐক্যই।

অসমৰ সকলো জাতি-জনগোষ্ঠী, সকলো দল-সংগঠনক ইয়াৰ বিৰুদ্ধে সৰ্বাত্মক হৰতাল কৰিবলৈ আজি এক বিবৃতিযোগে বিৰোধী এক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে আহ্বান জনাইছে। 

বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ প্রতিটো দলৰ সকলো কৰ্মীকে ‘কা’ৰ বিৰুদ্ধে সমগ্র ৰাজ্যত গণতান্ত্ৰিকভাৱে তীব্ৰ প্রতিৰোধ গঢ়ি তুলিবলৈকো আহ্বান জনাইছে মঞ্চৰ সভাপতি আৰু সম্পাদকগৰাকীয়ে।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd