নাগৰিকত্ব সংশোধনী আইন (CAA), ২০১৯ ৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদনৰ শুনানি অহা ১৯ মাৰ্চত অনুষ্ঠিত হ’ব। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়।
জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে বিষয়টো উল্লেখ কৰাৰ পাছত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে অহা সপ্তাহত বিষয়টো তালিকাভুক্ত কৰা হ’ব। আজি আই ইউ এম এলৰ হৈ আদালতত হাজিৰ হৈছিল কপিল ছিবাল।
তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ২০১৯ চনত গৃহীত হোৱা CAA আইনখন নিৰ্বাচনৰ ঠিক আগতে কিয় অৱগত কৰা হৈছে। ছিবালে কয় যে নাগৰিকত্ব এবাৰ লাভ কৰিলে আইনৰ অধীনত ইয়াক সলনি কৰিব নোৱাৰি। গতিকে তেওঁ অন্তৱৰ্তীকালীন শুনানিৰ বাবে আবেদন জনায়।
লগতে পঢ়কঃ নিৰ্বাচনী বণ্ডৰ সম্পূৰ্ণ তথ্য দিয়া হোৱা নাই! SBIক জাননী ক্ষুব্ধ উচ্চতম ন্যায়ালয়ৰ
চৰকাৰী পক্ষই অহা শুকুৰবাৰে শুনানি অনুষ্ঠিত হোৱাটো বিচাৰিছিল। ছলিচিটৰ জেনেৰেলে লগতে কয় যে চৰকাৰে কাক নাগৰিকত্ব প্ৰদান কৰে সেই কথা কোৱাৰ কোনো অধিকাৰ আবেদনকাৰীৰ নাই।
মুখ্য ন্যায়াধীশগৰাকীয়ে অহা মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব বুলি কয়। দাখিল কৰা ২৩৭খন আবেদনৰ সকলোবোৰ একেলগে তালিকাভুক্ত কৰা হ’ব। মুখ্য ন্যায়াধীশে একেবোৰ কথাৰ যাতে পুনৰাবৃত্তি নহয় তাৰবাবে আটাইকেইজন অধিবক্তা লগ হৈ একেলগে গোচৰটো যুঁজাৰ বাবে আহ্বান জনায়।
২০১৯ চনৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা অমুছলমান শৰণাৰ্থীক দ্ৰুত নাগৰিকত্ব প্ৰদানৰ বাবে CAAৰ বিভিন্ন ধাৰাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ২০১৯ চনৰ পৰা দাখিল কৰা ২০০ৰো অধিক আবেদন হৈছে। অসমৰ পৰা আছুৱেও কা-ৰ বিৰুদ্ধ শীৰ্ষ আদালতত আবেদন জনাইছে।
লগতে পঢ়কঃ মহানগৰীত ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহঃ গ্ৰেপ্তাৰ লিভ ইন সংগীক
২০১৯ চনৰ ডিচেম্বৰ মাহত যদিও সংসদে CAA গৃহীত কৰিছিল, কিন্তু সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে নিয়ম জাৰি কৰিছিল।এই আইনখনৰ অধিসূচনাই বিৰোধী নেতাসকলৰ সমালোচনাৰ সন্মুখীন হৈছে। তেওঁলোকে দাবী কৰিছে যে অধিসূচনা জাৰি কৰা নিয়মসমূহ অসাংবিধানিক, বৈষম্যমূলক আৰু সংবিধানত সন্নিৱিষ্ট নাগৰিকত্বৰ “ধৰ্মনিৰপেক্ষ নীতিৰ” উলংঘা কৰা হৈছে।
কেন্দ্ৰই অৱশ্যে কয় যে CAA ৰ উদ্দেশ্য হৈছে নাগৰিকত্ব প্ৰদান আৰু দেশৰ কোনো নাগৰিকেই নাগৰিকত্ব নেহেৰুৱায়।
লগতে পঢ়কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতাৰ বিৰুদ্ধে নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগ!
বৃহস্পতিবাৰে এক সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ‘কা’ কেতিয়াও প্ৰত্যাহাৰ কৰা নহ’ব আৰু বিজেপি নেতৃত্বাধীন চৰকাৰে এই সন্দৰ্ভত কেতিয়াও আপোচ নকৰে।