ড’নাল্ড ট্ৰাম্পে কয় যে নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচন আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন হ’ব। এই মন্তব্যৰে তেওঁ হোৱাইট হাউছলৈ তেওঁৰ যাত্ৰাৰ প্ৰচাৰক দেশৰ বাবে এক সন্ধিক্ষণ হিচাপে তুলি ধৰিছে। শনিবাৰে অহাইঅ’ত অনুষ্ঠিত এক নিৰ্বাচনী সভাত এই মন্তব্য কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে।
ড’নাল্ড ট্ৰাম্পে এই সমাৱেশত সকীয়াই দিয়ে যে যদি তেওঁ নিৰ্বাচিত নহয় তেন্তে “ৰক্তপাত” হ’ব। অৱশ্যে এই বক্তব্যৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে সেয়া স্পষ্ট হোৱা নাই। আমেৰিকাৰ গাড়ী উদ্যোগৰ বিপদৰ বিষয়ে কোৱাৰ সময়তে তেওঁ এই মন্তব্য কৰে।
পৰৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ সম্ভাৱ্য ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন নিশ্চিত কৰাৰ কিছুদিন পিছতে ট্ৰাম্পে এই মন্তব্য কৰে। কালিৰ এই সমাৱেশ অনুষ্ঠিত হৈছিল অহাইঅ’ৰ ভাণ্ডালিয়াত।
লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে ইয়াচিন মালিকৰ জে কে এল এফক আৰু ৫ বছৰৰ বাবে নিষিদ্ধ কৰিলে কেন্দ্ৰই
ৰিপাব্লিকান দলৰ ৭৭ বছৰীয়া নেতাগৰাকীয়ে কয় যে ৫ নৱেম্বৰৰ তাৰিখটো মনত ৰাখিব। মই ভাবো এইটোৱেই হ’ব আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰিখ। এই সময়ত তেওঁ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী জো বাইডেনৰ বিষয়ে সততে উল্লেখ কৰা সমালোচনাত্মক মন্তব্যৰ এক পুনৰাবৃত্তি কৰি কয় যে তেওঁ (বাইডেন) আটাইতকৈ ‘নিকৃষ্ট’ ৰাষ্ট্ৰপতি।
সমাৱেশত ভাষণ দি ট্ৰাম্পে চীনে মেক্সিকোত গাড়ী নিৰ্মাণ কৰি আমেৰিকানক বিক্ৰী কৰাৰ পৰিকল্পনাক সমালোচনা কৰে। মই নিৰ্বাচিত হ’লে তেওঁলোকে গাড়ী বিক্ৰী কৰিব নোৱাৰিব বুলিও কয়।
ট্ৰাম্পে কয়, “এতিয়া মই নিৰ্বাচিত নহ’লে ৰক্তাক্ত হ’ব, এইটো দেশৰ বাবে ৰক্তপাত হ’বলৈ গৈছে। এইটোৱে হ’ব আটাইতকৈ কম ঘটনা। কিন্তু তেওঁলোকে সেই গাড়ীবোৰ বিক্ৰী কৰিব নোৱাৰে।”
লগতে পঢ়কঃ গাড়ীৰ পিছফালৰ আসনৰ যাত্ৰীৰ বাবেও বাধ্যতামূলক কৰা হৈছে ছিট বেল্ট; কিয় কৰা হ’ল এই নিয়ম?
ছ’চিয়েল মিডিয়াত যেতিয়া ট্ৰাম্পৰ এই মন্তব্য বিয়পি পৰে, তেতিয়া ৰাষ্ট্ৰপতি বাইডেনৰ প্ৰচাৰৰ পৰা এক বিবৃতি জাৰি কৰা হয়। ইয়াত ২০২০ চনৰ নিৰ্বাচনত ৰিপাব্লিকান নেতাজনক ‘পৰাজিত’ বুলি উল্লেখ কৰি কোৱা হৈছে যে সেইসময়তো তেওঁ ৰাজনৈতিক হিংসাৰ ভাবুকি দুগুণ কৰিছিল।
বিবৃতিটোত কোৱা হৈছে যে তেওঁ (ট্ৰাম্পে) আৰু ৬ জানুৱাৰী বিচাৰে। কিন্তু এই নৱেম্বৰৰ নিৰ্বাচনত তেওঁক আকৌ এবাৰ পৰাস্ত কৰিবলৈ ওলাইছে আমেৰিকাৰ জনসাধাৰণে। কাৰণ তেওঁলোকে তেওঁৰ উগ্ৰবাদ, হিংসাৰ প্ৰতি আকৰ্ষণ আৰু প্ৰতিশোধৰ প্ৰবল ইচ্ছাক নাকচ কৰে।
উল্লেখ্য যে ২০২০ চনৰ নিৰ্বাচনৰ পিছত ২০২১ চনৰ ৬ জানুৱাৰীত ট্ৰাম্পৰ উগ্ৰ সমৰ্থকসকলে কেপিটেল হিল (আমেৰিকাৰ কংগ্ৰেছ ভৱন)ত অভূতপূৰ্ব আক্ৰমণ চলাইছিল।
লগতে পঢ়কঃ আইৰণৰ অভাৱত ভোগে ৯০ শতাংশ ভাৰতীয় মহিলা; ডাঙৰ ৰোগৰ পৰা হাত সাৰিবলৈ কি কি খাব?
ট্ৰাম্প আৰু বাইডেন দুয়োজনেই চলিত মাহৰ আৰম্ভণিতে প্ৰাইমাৰী আৰু ককাচত নিজৰ নিজৰ দলৰ পঞ্জীয়নভুক্ত ভোটাৰৰ যথেষ্ট সমৰ্থন লাভ কৰি জয়ী হৈ ২০২৪ চনৰ ৰাষ্ট্ৰপতি পদৰ মনোনয়ন নিশ্চিত কৰিছিল। এই পৰিস্থিতিত এই নিৰ্বাচনত দুয়োজনেই ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দলৰ চূড়ান্ত প্ৰাৰ্থী হ’ব আৰু মুখামুখিকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব বুলি ধাৰণা কৰা হৈছে।