• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইলেক্টৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰকঃ এছ বি আইক কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2024 1:31 pm
Electoral Bonds Supreme Court SBI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইলেক্টৰেল বণ্ডৰ প্ৰসংগত ভাৰতীয় ষ্টেট বেংকক পুনৰ কঠোৰ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে। আজি শীৰ্ষ আদালতে ইলেক্টৰেল বণ্ডৰ শুনানিৰ সময়ত ষ্টেট বেংকক ইলেক্টৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰাৰ লগতে তথ্য ৰাজহুৱাৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰিব নোৱাৰিব বুলি সকীয়্নি দিছে।

উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয়, “সকলো তথ্য ৰাজহুৱা কৰাৰ ক্ষেত্ৰত এছবিআইয়ে পক্ষপাতিত্ব কৰা উচিত নহয়। আমি বিচাৰো যে নিৰ্বাচনী বণ্ডৰ সৈতে জড়িত এছবিআইৰ ওচৰত থকা সকলো তথ্য ৰাজহুৱা কৰা হওক।”

Apply Now

উচ্চতম ন্যায়ালয়ে লগতে কয় যে এছ বি আইক সকলো সবিশেষ প্ৰকাশ কৰিবলৈ কোৱা হৈছিল আৰু ইয়াৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ নম্বৰো অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছিল। ষ্টেট বেংকৰ ওচৰত যি তথ্য উপলব্ধ আছে, সেয়া সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ে কঠোৰ সুৰত নিৰ্দেশনা দিয়ে।

শীৰ্ষ আদালতে লগতে এছ বি আইক সকলো  নিৰ্দেশ মানি চলিবলৈ সকীয়্নি দিয়ে। উল্লেখ্য যে সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ বাবে এছবিআইয়ে নিৰ্বাচনী বণ্ডৰ তথ্য নিৰ্বাচন অয়োগৰ জমা দিবলৈ বাধ্য হৈছিল।

কিন্তু সেই তথ্যত বণ্ডৰ ইউনিকড নম্বৰ আৰু কোনটো ৰাজনৈতিক দলক কোন দাতাই কিমান বণ্ড ক্ৰয় কৰি কিমান ধন চান্দাৰূপে দিছে সেয়া কৌশলেৰে এছবিআইয়ে দাখিল কৰা নাছিল। যাৰফলত ন্যায়ালয়ে এছবিআইক পুনৰ ইউনিকড নম্বৰসমূহ নিৰ্বাচন আয়োগক জমা দিবলৈ কাঢ়া নিৰ্দেশ দিয়ে।

ইফালে সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ পাছত এছবিআইয়ে সকলো তথ্য দিয়া বুলি বুলি জনাইছে। শুনানিকালত এছবিআইক অধিবক্তা হৰিশ ছালভেই উচ্চতম ন্যায়ালয়ত কয় যে আমি নিৰ্বাচনী বণ্ডৰ নম্বৰকে ধৰি সকলো তথ্য দিম। বেংকে নিজৰ হাতত থকা কোনো তথ্য লুকুৱাই ৰাখিব নোৱাৰে।

আনহাতে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে এছ বি আইয়েও কোনো তথ্য লুকুৱাই ৰখা নাই বুলি শপতনামা দাখিল কৰিব লাগিব। ন্যায়ালয়ে অহা ২১ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত এছ বি আইক সকলো তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত কয় যে ক’লা ধন ৰোধ কৰাই চৰকাৰৰ প্ৰধান উদ্দেশ্য আৰু উচ্চতম ন্যায়ালয়েও জ্ঞাত যে এই ৰায় আদালতৰ বাহিৰত কেনে পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ইয়াৰ প্ৰত্যুত্তৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে আদালতে সংবিধান মতে কাম কৰে। আদালতে কেৱল আইনৰ শাসনক উচ্চস্থান দিয়ে আৰু সংবিধান অনুসৰি কাম কৰে বুলি উল্লেখ কৰে চন্দ্ৰচূড়ে।

ভাৰতীয় ষ্টেট বেংকে ২০১৮ চনত আঁচনিখন আৰম্ভ হোৱাৰ পিছৰে পৰা ৩০ টা কিস্তিত ১৬,৫১৮ কোটি টকাৰ ইলেক্টৰেল বণ্ড জাৰি কৰিছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে এছ বি আইক ২০১৯চনৰ ১২ এপ্ৰিলৰ পৰা ক্ৰয় কৰা ইলেক্টৰেল বণ্ডৰ তথ্য নিৰ্বাচন আয়োগক দাখিল দিবলৈ নিৰ্দেশ দিছিল।

এছবিআইয়ে কিছু ইলেক্টৰেল তথ্য বণ্ডৰ কিছু তথ্য দাখিল কৰিলে যদিও কেতবোৰ তথ্য এতিয়াও দাখিল কৰা নাই। সেই তথ্যসমূহ ২১ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত এছবিআইক দাখিল কৰিবলৈ আজি সৰ্বোচ্চ ন্যয়ালয়ে নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd