সমগ্ৰ দেশ মাত্ৰাধিক প্ৰদূষণে আৱৰি ধৰিছে। কেউফালে কেৱল ধূলি আৰু ধোৱাময় পৰিৱেশ। এনে প্ৰদূষণে সৃষ্টি কৰিব পাৰে ভয়ানক স্বাস্থ্যজনিত সমস্যা। হাওফাওঁৰ পৰা মগজুলৈকে আৰু ছালৰ পৰা চুলিলৈকে বিভিন্ন ধৰণৰ জটিল ৰোগৰ কাৰণ হৈ উঠিব পাৰে প্ৰদূষণ। সেয়েহে পৰিৱেশটো সুস্থ কৰি ৰখাৰ বাবে অৰিহণা যোগোৱাৰ লগতে নিজেও প্ৰদূষণৰ পৰা হ’ব পৰা সমস্যাৰ পৰা বাচি থকাতো অত্যন্ত জৰুৰী।
সেয়ে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বায়ু প্ৰদূষণৰ পৰা হ’ব পৰা ৰোগৰ পৰা নিজকে আঁতৰাই ৰখাৰ কেইটামান কিটিপ –
১/ মাস্ক ব্যৱহাৰ কৰক : যদিহে আপুনি গুৱাহাটী বা আন কোনো প্ৰদূষিত অঞ্চলত বাস কৰে তেন্তে ঘৰৰ বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰক। N95 মাস্ক পৰিধান হৈছে প্ৰদূষণৰ পৰা নিজৰ দেহটোক বচাই ৰখাৰ প্ৰধান উপায়। এই মাস্কে বায়ুৰ লগত মিহলি বিভিন্ন বিষাক্ত পদাৰ্থ আপোনাৰ শৰীৰৰ ভিতৰত সোমোৱাত বাধ প্ৰদান কৰিব।
২) বায়ু বিশুদ্ধকৰণ (এয়াৰ পিউৰিফায়াৰ) : প্ৰদূষক পদাৰ্থ নিষ্কাষণ কৰি ঘৰৰ ভিতৰৰ বায়ুৰ মান উন্নত কৰি ৰাখিবলৈ ঘৰ আৰু কৰ্মক্ষেত্ৰত বায়ু বিশুদ্ধকৰণ যন্ত্ৰ (এয়াৰ পিউৰিফায়াৰ) ব্যৱহাৰ কৰক।
৩) ঘৰৰ ভিতৰত থাকক* : আপোনাৰ অঞ্চলৰ বায়ুৰ গুণাগুণ সূচকাংকৰ ওপৰত চকু ৰাখক আৰু প্ৰদূষণৰ মাত্ৰা বেছি হ’লে ঘৰৰ ভিতৰত থাকিবলৈ চেষ্টা কৰক, বিশেষকৈ যান-জঁটৰ শীৰ্ষ সময়ত ঘৰৰ পৰা নোলোৱাটোৱেই শ্ৰেয়।
৪) খিৰিকী বন্ধ ৰাখক : অধিক প্ৰদূষণৰ সময়ত খিৰিকী আৰু দুৱাৰ বন্ধ কৰি ৰাখক যাতে আপোনাৰ ঘৰত প্ৰদূষিত বতাহ প্ৰৱেশ কৰিব নোৱাৰে।
৫) গাড়ীত এয়াৰ ফিল্টাৰ ব্যৱহাৰ কৰক : গাড়ী চলোৱাৰ সময়ত প্ৰদূষকৰ সংস্পৰ্শৰ পৰা বাচিবলৈ আপোনাৰ গাড়ীৰ এয়াৰ ফিল্টাৰ নিয়মিতভাৱে পৰিষ্কাৰ বা সলনি কৰক।
৬) ধূমপান পৰিহাৰ কৰক : যদি আপুনি ধূমপান কৰে তেন্তে ঘৰৰ ভিতৰত বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ ঘৰৰ ভিতৰত ধূমপান বন্ধ কৰাৰ কথা চিন্তা কৰক বা নাইবা ধূমপান পৰিহাৰ কৰক।
৭) প্ৰাকৃতিক চাফাই সামগ্ৰী ব্যৱহাৰ কৰক : কঠোৰ ৰাসায়নিক পদাৰ্থৰ ফলত হোৱা ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ প্ৰাকৃতিক চাফাই সামগ্ৰী বাছি লওক।
৮) ঘৰৰ ভিতৰৰ গছ-গছনি ৰোপণ কৰক* : উদ্ভিদে প্ৰাকৃতিক বায়ু বিশুদ্ধকাৰী হিচাপে কাম কৰে, গতিকে আপোনাৰ ঘৰৰ ভিতৰৰ টাবত আৰু চৌহদত গছ ৰোপন কৰক।
৯) নিয়মীয়াকৈ পৰিষ্কাৰ কৰা : ঘৰৰ ভিতৰত জমা হোৱা ধূলি নিয়মিতভাৱে পৰিস্কাৰ কৰক।
১০) হাইড্ৰেটেড হৈ থাকক : প্ৰচুৰ পৰিমাণে পানী খাওক যাতে আপোনাৰ শৰীৰে বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিব পাৰে আৰু প্ৰদূষিত পৰিৱেশতো আপুনি সুস্থ হৈ থাকে।
১১) গ্লাছ পৰিধান কৰক : ধূলি-মাকতি আৰু বিষাক্ত পদাৰ্থৰ পৰা আপোনাৰ চকুযুৰি বচাই ৰাখিবলৈ চান গ্লাছ পৰিধান কৰিহে বাহিৰলৈ ওলাই যওক।
১২) প্ৰদূষণ সতৰ্কবাণী অনুসৰণ কৰক : স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা প্ৰদূষণ সতৰ্কবাণীৰ প্ৰতি গুৰুত্ব দিয়ক আৰু উপযুক্ত সাৱধানতা অৱলম্বন কৰক।
এই টিপছসমূহ মানি চলিলে আপুনি ধূলি আৰু প্ৰদূষণৰ পৰা আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰিব পাৰে। ইয়াৰ উপৰিও গছপুলি ৰোপন কৰি, পৰিৱেশ সজাগতাৰ লগত জড়িত হৈ, প্ৰদূষণ কম কৰি পৃথিৱী আৰু প্ৰকৃতিৰ ওচৰত ঋণ পৰিশোধ কৰক।