• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: ধোনীৰ ছত্ৰছায়াত নেতৃত্বৰে ঋতুৰাজৰ সফল অভিযান; ধৰাশায়ী বিৰাট বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2024 7:56 am
ফটো সৌজন্যাঃ আইপিএল।

ফটো সৌজন্যাঃ আইপিএল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ আৰু এতিয়া অধিনায়ক নহয়। কিন্তু তেওঁতো দলত আছে। যোৱাবাৰ তেওঁৰ দল চেম্পিয়ন হৈছিল। মাত্ৰ যোৱাবাৰেই নহয়, পাঁচবাৰকৈ ট্ৰফী আনি দিছে চেন্নাইক। শুকুৰবাৰৰ দিনটোতো মাজে মাজে হাত জোকাৰি চকুৰ ইংগিতেৰে নেতৃত্ব দিছিল। তেওঁ হৈছে মহেন্দ্ৰ সিং ধোনি।

অধিনায়ক ঋতুৰাজ গাইকোৱাডে এইজন ব্যক্তিৰ উজ্জ্বল উপস্থিতিত আত্মবিশ্বাসেৰে চেম্পিয়নৰ দৰে আৰম্ভণি কৰিলে। ঘৰুৱা অনুৰাগীৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক পৰাস্ত কৰি এইবাৰৰ আই পি এল অভিযান আৰম্ভ কৰিলে চেন্নাই ছুপাৰ কিংছে।

চিপকত চেন্নাইৰ মেচ মানে অনুৰাগীৰ ধ্বনিত কাণতাল মৰা পৰিৱেশ। তাতেই প্ৰতিপক্ষই আধা আত্মবিশ্বাস হেৰুৱাই পেলায়। শুকুৰবাৰে আই পি এলৰ ১৭ সংখ্যক ছিজনৰ উদ্বোধনী মেচখনো ইয়াৰ ব্যতিক্ৰম নাছিল।

Apply Now
ফটো সৌজন্যঃ আইপিএল।

বিৰাট কোহলী যিমানেই ক্ৰিকেটপ্ৰেমীৰ বাবে চকুৰ মণি নহওঁক কিয়, ধোনীৰ দলৰ অনুৰাগীৰ বাবে মাথোঁ এগৰাকী প্ৰতিপক্ষৰ বেটছমেন । গতিকে যেতিয়া বাউণ্ডেৰী লাইনত কোহলীৰ শ্বটটো অজিংক্য ৰাহানে আৰু ৰচিন ৰবিন্দ্ৰৰ মসৃন কেচলৈ পৰিণত হ’ল, তেতিয়া চিপকৰ শব্দকম্পই সকলো স্তৰ অতিক্ৰম কৰিলে।

শেষত আৰ চি বি এনে এটা পৰ্যায় পালেগৈ যে অনুজ ৰাৱট আৰু দীনেশ কাৰ্তিকৰ অতি মূল্যৱান অংশীদাৰিত্বইহে তেওঁলোকে যুঁজ দিয়াৰ বাবে স্কোৰ এটাত উপনীত হ’ল। কিন্তু শেষ ৰক্ষা নহ’ল।

ফটো সৌজন্যঃ আইপিএল।

কিন্তু এই দিনটো নিঃসন্দেহে কেৱল চেন্নাইৰে নহয়,বাংলাদেশৰ বাবেও আছিল উদযাপনৰ দিন। কাৰণ অৱশ্যেই মুস্তাফিজুৰ। কোহলি (২১), ডু প্লেছিছ (৩৫), ৰজত পাটিদাৰ (০) আৰু কেমেৰন গ্ৰীনক ১৮ (১৮) নিজৰ নিখুঁত বলিঙৰ জৰিয়তে এজন এজনকৈ পেভিলিয়নলৈ ওভতাই পঠিয়াইছিল মুস্তাফিজুৰ। ৪ অভাৰত ২৯ ৰান দি ৪ টা উইকেট দখল কৰে।

চেন্নাইৰ বাবে বাকী কামখিনি শিৱম ডুবে (৩৪*) আৰু ৰবীন্দ্ৰ জাদেজাই (২৫*) সম্পূৰ্ণ কৰে। ৰাচিনে ৩৭ ৰান কৰি উভতি যোৱাৰ সময়ত চেন্নাই কিছু সময়ৰ বাবে অলপ শিথিল হৈ পৰে। কিন্তু ডুবে আৰু জাডেজাৰ আক্ৰমণাত্মক বেটিঙেৰে চেন্নাইয়ে মেচখন নিজৰ হাতলৈ নিলে।

অনুজ ৰাৱাটৰ আক্ৰমণাত্মক বেটিং।ফটো সৌজন্যঃ আইপিএল।

অৱশ্যে এই দিনটোত চেন্নাইৰ অনুৰাগীৰ এটাই আক্ষেপ, যদিও উইকেটৰক্ষক ধোনীয়ে ২২ গজৰ পুৰণি স্মৃতি ঘূৰাই আনিলে, তথাপিও তেওঁলোকে বেটেৰে ধোনিৰ বিস্ফোৰণ দেখাৰ সুযোগ নাপালে।

টছত জয়ী হোৱাৰ পিছত ডু প্লেছিছে কিয় বেটিং কৰাৰ সিদ্ধান্ত লৈছিল তাৰো প্ৰশ্ন উত্থাপন হৈছে। আন প্ৰতিবাৰৰ দৰে দলটোৰ তাৰকা বেটছমেনসকলে এইবাৰো অভিযানৰ আৰম্ভণিতে নিৰাশ কৰিছিল। স্মৃতি মান্ধনাই মহিলা আই পি এলত আৰ চি বিক চেম্পিয়ন কৰি তুলিলে। কিন্তু উদ্বোধনী মেচত কোহলীৰ পৰাজয়ে পুনৰ বেংগালুৰু অনুৰাগীৰ সপোনত আঘাত হানিলে।

ৰচিন ৰবীন্দ্ৰ অনবদ্য কেচ। ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ১৭৩/৬ (অনুজ-৪৮, কাৰ্তিক-৩৮*)

চেন্নাই ছুপাৰ কিংছ: ১৭৬/৪ (ৰাচিন-৩৭)

চেন্নাই ছুপাৰ কিংছে ৬ উইকেটত জয়লাভ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd