‘’নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা বাংলাদেশী টালি-টোপোলা বান্ধিব দিয়া আজি ৪ বছৰ সম্পূৰ্ণ হ’ল। মোদীয়ে অসমৰ মানুহক মিছা কথা কলে, অসমৰ মানুহক ঠগিলে। অসমৰ পৰা এজনো বাংলাদেশী খেদিব নোৱাৰিলে। তাৰ বিপৰীতে বিজেপিয়ে বিদেশী সংস্থাপনৰ সুবিধা কৰি দিলে,’’- গুৱাহাটীৰ গান্ধীবস্তীৰ কৃষক মুক্তিৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি আজি অখিল গগৈয়ে এইদৰে কয়।
গগৈয়ে জানিবলৈ দিয়ে যে ৮ চেপ্তেম্বৰ ২০১৫ তাৰিখে চৰকাৰী জাননি যোগে বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা হিন্দু সকলক বিদেশী হিচাপে জ্ঞান কৰা নহয় বুলি পাচপৰ্ট আইন সংশোধন কৰি সিদ্ধান্ত লোৱা হৈছিল। সমান্তৰালভাৱে বিদেশী আইন সংশোধন কৰি বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা হিন্দু, খ্ৰীষ্টান, শিখ, জৈন, পাৰ্চি আৰু বৌদ্ধসকলক বিদেশী বুলি গন্য কৰা নহ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। একেদৰে ১৮ জুলাই ২০১৬’ত আন এক জাননি যোগে বাংলাদেশ আৰু পাকিস্তানৰ লগতে আফগানিস্তানৰ পৰা অহা হিন্দু সকলৰ ক্ষেত্ৰতো একেই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয়।
‘’এই নিৰ্দেশনা সমুহ থকাৰ পাছত অসমীয়া ৰাইজে এটা কথা বুজিব লাগিব যে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব পাৰো বা নোৱাৰো হিন্দু বাংলাদেশীক বহিষ্কাৰ কৰিব নোৱাৰো। সমগ্ৰ অসমবাসী ৰাইজে সমস্যাটোৰ গভিৰতা উপলব্ধি কৰিব পাৰিব লাগিব,’’- কৃষক নেতা অখিল গগৈয়ে এইদৰে মন্তব্য কৰে।
‘’পৰৱৰ্তী সময়ত ৮ জানুৱাৰী ২০১৬’ ত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ এই ধৰণে ভাৰতত প্ৰবেশ কৰা বিদেশী সকলক দীৰ্ঘকালীন ভিচা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পত্ৰ প্ৰেৰণ কৰে। একেদৰে, ২০ আগষ্ট ২০১৬ত পুনৰ এক জাননি যোগে সেইসকল লোকক বেংক একাউন্ট খোলা, সম্পত্তি ক্ৰয় কৰা, থকাৰ সুবিধা, নিয়োজনৰ সুবিধা, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স আদিৰ কৰা সুবিধা কৰি দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ভাৰতৰ যিকোনো ৰাজ্যলৈ যোৱাৰ সুবিধা কৰি দিয়াৰ নিৰ্দেশ দিয়া হয়,’’- কৃষক নেতাগৰাকীয়ে কেন্দ্ৰৰ স্থিতিৰ কথা এইদৰে উদঙাই দিয়ে।
তদুপৰি, গগৈয়ে কয় যে ১৯ জুলাই ২০১৬’ত ৰাজনাথ সিঙে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰিছিল। বিধেয়কখন আইন হোৱাৰ লগে লগেই যাতে বিদেশী হিন্দু সকলক নাগৰিকত্ব দিব পাৰে তাৰ ব্যৱস্থা বিজেপিয়ে আগতেই কৰি লৈছে।
কৃষক নেতা গৰাকীয়ে ইতিহাসৰ খেও ধৰি কয় যে অসমৰ মানুহে বহিৰাগতৰ বিৰুদ্ধে ১৯১৩ চনৰ পৰাই আন্দোলন কৰি আহিছে। অসমীয়া জাতি নিঃশেষ কৰাৰ তিনিটা ডাঙৰ ষড়যন্ত্ৰৰ ভিতৰত ৩ নম্বৰটো বিজেপিয়ে কৰি আছে। প্ৰথম দুটা বৃটিছে চাহ খেতিৰ বাবে মধ্য ভাৰতৰ মানুহ আনি আৰু মৰাপাট খেতিৰ বাবে পূৰ্ববংগৰ মানুহ আনি কৰিছিল।
‘’বিজেপি আৰু আৰএছএছএ অসমীয়াৰ পৰিচয় নাইকীয়া কৰি লুইতপৰীয়া হিন্দু নাম দিব বিচাৰিছে। বিজেপি আৰু আৰ এছ এছৰ দুটা স্বাৰ্থ – হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা আৰু স্থায়ী ভোট বেংক তৈয়াৰ কৰা। তেওঁলোকে অসমীয়াৰ অধিকাৰ আৰু অসমীয়া জাতীয়তাবাদ ধ্বংস কৰিব বিচাৰিছে,’’-গগৈয়ে কয়।
কৃষক নেতা অখিল গগৈয়ে অভিযোগ কৰি কয়, ‘’২০১৯ ৰ নিৰ্বাচনৰ পুৰ্বে জুইয়ে পোৰা ৮৩’ৰ পুনৰাবৃত্তি কৰিব বিজেপিয়ে। ৮৩’ৰ নিৰ্বাচনৰ দৰে এটা নিৰ্বাচন পাতিব বিচাৰিছে আৰএছএছ-বিজেপিয়ে।‘’
২০ মে’ত অমিত শ্বাহ অসমলৈ আহিব। প্ৰতিজন অসমীয়াক অমিত শ্বাহৰ এই ভ্ৰমণৰ বিৰোধিতা কৰাৰ আহ্বান জনাইছে অখিল গগৈয়ে।
গগৈয়ে এন আৰ চিক লৈ বিজেপিয়ে এটা ভয়ংকৰ ষড়যন্ত্ৰ কৰি থকাৰ আশংকা প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন স্তব্ধ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে অসমক এতিয়া বচোৱাৰ একমাত্ৰ উপায় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ আধাৰত বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা।
আনহাতে, অমিত শ্বাহৰ ভ্ৰমণৰ দিনা কৃষক মুক্তিয়ে বিমান বন্দৰ আৰু য’ত য’ত সভা হয় তাত ক’লা পতাকা প্ৰদৰ্শন কৰিব। ‘’সেইদিনা আমি কোনো সংঘাতত লিপ্ত নহওঁ, কেৱল পতাকাহে প্ৰদৰ্শন কৰিম, গতিকে চৰকাৰে আমাক তাৰ বাবে অনুমতি প্ৰদান কৰক,’’-অখিল গগৈয়ে কয়।