বিশ্ব ক্ৰিকেটত শ্ৰেষ্ঠ ফিনিছাৰ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে ভাৰতীয় ক্ৰিকেটৰ মহাতাৰকা মহেন্দ্ৰ সিং ধোনীয়ে। এয়া প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে নিশ্চিত ৰূপে স্বীকাৰ কৰিব।
পিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সমুখলৈ আনিছে ভাৰতীয় ৰাজনীতিৰ ‘শ্ৰেষ্ঠ ফিনিছাৰ’ক। ৰাজনাথ সিঙৰ মতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভাৰতীয় ৰাজনীতিৰ ‘শ্ৰেষ্ঠ ফিনিছাৰ’।
মধ্যপ্ৰদেশৰ সিদ্ধি জিলাত নিৰ্বাচনী সভাত ৰাজনাথ সিঙে ৰাহুল গান্ধীক এই অভিধা দিয়ে। নিজ ভাষণত ৰাজনাথ সিঙে ৰাহুল গান্ধীক এই অভিধা দিয়াৰ আঁৰৰ কাৰণো দাঙি ধৰে।
সিঙে কয়, “ক্ৰিকেটত শ্ৰেষ্ঠ ফিনিছাৰ কোন? ধোনী। কোনোবাই যদি মোক সোধে ভাৰতীয় ৰাজনীতিত কোন শ্ৰেষ্ঠ ফিনিছাৰ, তেন্তে মই ক’ম ৰাহুল গান্ধী।”
ৰাহুল গান্ধীৰ কাৰণেই কেইবাজনো নেতাই কংগ্ৰেছ এৰিছে বুলি কটাক্ষ কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে।
ইয়াৰ পূৰ্বেও আন এক নিৰ্বাচনী সভাত ৰাজনাথ সিঙে কংগ্ৰেছ ‘সমাপ্ত’ নোহোৱালৈকে ৰাহুল গান্ধী ক্ষান্ত নহয় বুলিও কটাক্ষ কৰিছিল।