• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আমেৰিকাত পুনৰ উদ্ধাৰ ভাৰতীয় ছাত্ৰৰ মৃতদেহঃ এমাহ ধৰি হৈ আছিল নিৰুদ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2024 10:46 am
Indian Student Found Dead In US

নিহত মহম্মদ আব্দুল আৰফাথ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰত উদ্ধাৰ হৈছে আন এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ। ছাত্ৰগৰাকী প্ৰায় তিনি সপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত আজি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিহত ছাত্ৰজনৰ নাম মহম্মদ আব্দুল আৰফাথ।

২৫ বৰ্ষীয় আব্দুলে অহাইঅ’ৰ ক্লিভলেণ্ড বিশ্ববিদ্যালয়ত তথ্য প্ৰযুক্তি (আই টি)ত স্নাতকোত্তৰ শাখাত অধ্যয়ন কৰি আছিল। যোৱা বৰ্ষত তেওঁ অধ্যয়নৰ বাবে যুক্তৰাষ্ট্ৰলৈ গৈছিল বুলি জানিব পৰা গৈছে। নিউয়ৰ্কস্থিত ভাৰতীয় দূতাবাসে আজি আব্দুলৰ উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে।

Apply Now

দূতাবাসে এক টুইট যোগে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰৰ খবৰ সদৰী কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জনায়। সমান্তৰালভাৱে স্থানীয় সংস্থাসমূহৰ সৈতে যোগাযোগ কৰি ছাত্ৰজনৰ মৃত্যু সন্দৰ্ভত তদন্ত নিশ্চিত কৰা বুলি জানিবলৈ দিয়ে দূতাবাসে।

নিহত আব্দুলৰ মৃতদেহ ভাৰতলৈ অনাৰ বাবে পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলিও দূতাবাসে নিশ্চিত কৰে। উল্লেখ্য যে, যোৱা ৭ মাৰ্চৰ পৰাই আমেৰিকাত নিৰুদ্দেশ হৈ আছিল হায়দৰাবাদৰ ছাত্ৰজন।

আব্দুলৰ পৰিয়ালে জানিবলৈ দিয়া মতে যোৱা ৭ মৰ্চত তেওঁলোকে শেষবাৰৰ বাবে যুৱকজনৰ সৈতে কথা পাতিছিল। তাৰ পিছত তেওঁৰ সৈতে কোনো যোগাযোগ হোৱা নাছিল পৰিয়ালৰ।

ইফালে তেওঁৰ পিতৃ মহম্মদ ছালিমে পুত্ৰৰ নিৰুদ্দেশৰ পাছতে এক অজ্ঞাত নম্বৰৰ পৰা কোনো লোকে এটা গেঙৰ সদস্য বুলি দাবী কৰা ফোনকল লাভ কৰা বুলি উল্লেখ কৰিছিল।

ফোন যোগে ব্যক্তিজনে আব্দুলক অপহৰণ কৰা বুলি দাবী কৰি নিৰাপদে ঘূৰাই দিয়াৰ বাবদ ১২০০ ডলাৰ মুক্তিপণৰ দাবী জনাইছে বুলিও আব্দুলৰ পিতৃয়ে উল্লেখ কৰিছিল।

মুক্তিপণ নিদিলে আব্দুলৰ বৃক্ক বিক্ৰী কৰাৰ ভাবুকি দিয়া বুলিও আব্দুলৰ পিতৃয়ে জানিবলৈ দিছিল। আনহাতে আমেৰিকাত থকা আব্দুলৰ আত্মীয়ই ৮ মাৰ্চত ক্লিভলেণ্ড আৰক্ষী চকীত আব্দুল নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰে।

ছাত্ৰজনৰ পৰিয়ালে কৰা এনেধৰণৰ দাবীয়ে তেওঁৰ মৃত্যুৰ কাৰণক লৈ স্বাভাৱিকতেই ৰহস্যৰ সৃষ্টি কৰিছে। লক্ষণীয়ভাৱে আব্দুল চলিত বৰ্ষত আমেৰিকাত মৃত্যু হোৱা এয়া একাদশ ভাৰতীয়। নিহত সকলৰ ভিতৰত আব্দুলকে ধৰি আঠজন আছিল ছাত্ৰ।

এইদৰে ইটোৰ পিছত সিটোকৈ মৃত্যুৰ খবৰে আমেৰিকাত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ভাৰতত থকা তেওঁলোকৰ পৰিয়ালক চিন্তিত কৰি তুলিছে। নিহত লোকসকলৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত চলোৱা হৈছে যদিও কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd