• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: নাৰিনৰ শতকেৰে বিশাল স্কোৰ কৰিও RRৰ হাতত পৰাজিত KKR; বাটলাৰৰ অবিশ্বাস্য ইনিংছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2024 7:55 am
ফটো সৌজন্যঃ ৰাজস্থান ৰয়েলছ।

ফটো সৌজন্যঃ ৰাজস্থান ৰয়েলছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ কেই অভাৰৰ আগতে কলকাতা নাইট ৰাইডাৰ্ছে ঘৰুৱা খেলপথাৰত এই মেচখন পৰাস্ত হ’ব পাৰে বুলি ভবা নাছিল। কিন্তু জোছ বাটলাৰে অসম্ভৱক সম্ভৱ কৰি তুলিলে। ইংৰাজ বেটাৰগৰাকীৰ অবিশ্বাস্য ইনিংছত পৰাস্ত হয় কলকাতা। সুনীল নাৰিনৰ শতকৰ উত্তৰ তেওঁ আন এক বিস্ফোৰক শতকৰে দিলে।

নাৰিনৰ অনবদ্য ইনিংছৰ প্ৰত্যুত্তৰত জোছ বাটলাৰে ৬০টা বলত ১০৭ ৰানৰ দুৰ্দান্ত ইনিংছটো খেলে। এই ২ উইকেটত পৰাজিত হৈ কলকাতাই লীগ টেবুলৰ শীৰ্ষস্থানলৈ যোৱাৰ সুযোগ হেৰুৱাবলগীয়া হয়।

ৰাজস্থান ৰয়েলছে টছত জয়লাভ কৰি কেকেআৰক প্ৰথমে বেটিং কৰিবলৈ প্ৰেৰণ কৰে। ফিল ছল্টে বেছি ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। মাত্ৰ ১০ ৰানেৰে উভতি যাবলগীয়া হয় ছল্ট। ইয়াৰ পিছত ইডেনত কেৱল নাৰিনৰ ধুমুহা।

Apply Now
জোছ বাটলাৰৰ অবিশ্বাস্য ইনিংছ। ফটো সৌজন্যঃ আইপিএল।

নাৰিনে ৰাজস্থান ৰয়েলছৰ বলাৰসকলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল। খেলপথাৰৰ চাৰিওফালে শ্বটবোৰ উৰি গৈছিল। মাত্ৰ ৪৯টা বলতে চেঞ্চুৰী। মুঠতে তেওঁৰ ১০৯ ৰানৰ ইনিংছত আছিল ১৩টা বাউণ্ডেৰী, ৬টা ছয়। তেওঁৰ বিস্ফোৰক ইনিংছ আৰু ৰঘুবংশী (১৮ বল ৩০), ৰিংকুৰ (৯ বল ২০)ৰ অৱদানৰ বাবে কেকেআৰে নিৰ্ধাৰিত ২০ অভাৰত ২২৩ ৰান সংগ্ৰহ কৰে।

ৰাজস্থানৰ বাবে লক্ষ্য ২০ অভাৰত ২২৪ ৰান। ইডেনৰ বেটিং পিটচ আৰু সৰু বাউণ্ডেৰীত বৰ্তমানৰ টী-২০ ক্ৰিকেটত এই ৰান একেবাৰেই নিৰাপদ নহয়। সেয়ে, কলকাতাই ভাল বলিং কৰিবলগীয়া হৈছিল। ৰাজস্থানেও জানিছিল যে জয়ী হ’বলৈ হ’লে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক খেলি থাকিব লাগিব। তেওঁলোকে সেইটোৱেই কৰিলে।

সুনীল নাৰিনে খেলিলে দুৰ্দান্ত ইনিংছ। ফটো সৌজন্যঃ আইপিএল।

যশস্বী জয়ছোৱাল, জোছ বাটলাৰে বিস্ফোৰক আৰম্ভণি কৰে। জয়ছৱাল (১৯), চেমছন (১২) আগতীয়াকৈ হৈছিল যদিও বাটলাৰ, ৰিয়ান পৰাগহঁতে ৰান ৰেট লেহেমীয়া হ’বলৈ নিদিলে। পৰাগে ১৪টা বলত ৩৪ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলিলে। মাজতে কে কে আৰৰ দুই স্পিনাৰে ক্ষিপ্ৰতাৰে ৩টা উইকেট দখল কৰি ৰাজস্থানৰ ওপৰত চাপ বৃদ্ধি কৰে।

কিন্তু তাৰ পিছতেই আৰম্ভ হ’ল বাটলাৰৰ অবিশ্বাস্য প্ৰদৰ্শন। ইনিংছৰ শেষৰ চাৰিটা অভাৰত জোছ বাটলাৰে কাৰ্যতঃ এককভাৱে মেচখন কলকাতাৰ হাতৰ পৰা উলিয়াই আনে। এটা সময়ত তেওঁ কোনোমতে ১৩০ ৰানৰ ষ্ট্ৰাইক ৰেটত বেটিং কৰি আছিল। শেষত তেওঁ ধুমুহা তুলি দিলে।

কম বলতে ভাল ইনিংছ খেলে ৰিয়ান পৰাগে। ফটো সৌজন্যঃ আইপিএল।

ৰাজস্থানে ১৪ৰ পৰা ১৯ অভাৰত ৮৭ ৰান সংগ্ৰহ কৰে। শেষৰ অভাৰত মাত্ৰ ৯ ৰানৰ প্ৰয়োজন হৈছিল। বাটলাৰে সেয়া আজুৰি আনিবলৈ বিশেষ কষ্ট কৰিবলগীয়া হোৱা নাছিল। আই পি এলৰ ইতিহাসত এইটোৱেই হৈছে সৰ্বাধিক ৰান চেজ। চলিত আই পি এলত বাটলাৰৰ এয়া দ্বিতীয়টো শতক। এই জয়েৰে ৰাজস্থানে নিজৰ শীৰ্ষ স্থান আৰু দৃঢ় কৰিলে।

ভাল প্ৰদৰ্শন কৰিও পৰাজিত কলকাতা নাইট ৰাইডাৰ্ছ।ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

কেকেআৰঃ ২২৩-৬ (নাৰিন ১০৯, ৰঘুবংশী ৩০)

ৰাজস্থানঃ ২২৪-৮ (জোছ বাটলাৰ ১০৭, পৰাগ ৩৪)

২ উইকেটত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd