• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : চাই লওঁক ভোটদানৰ সবিশেষ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 10:08 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা দেশৰ সাধাৰণৰ নিৰ্বাচন(২০২৪)ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰথমটো পৰ্যায় আজি(১৯ এপ্ৰিল) ৫ বজাত সামৰণি পৰিল। 

প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণ অনুষ্ঠিত হ’ল দেশৰ মুঠ ১৭ খন ৰাজ্য আৰু ৪ খন কেন্দ্ৰীয় শাসিত অঞ্চলত। 

Apply Now

আজি ভোটগ্ৰহণ অনুষ্ঠিত হ’ল – অৰুণাচল প্ৰদেশ, আন্দামান আৰু নিকোবৰ, অসম, বিহাৰ, ছত্তিশগড়, জন্মু-কাশ্মীৰ, লক্ষ্যদ্বীপ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, পুডুচেৰী, ৰাজস্থান, চিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগত।

এই আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা অঞ্চলত আজি অনুষ্ঠিত হ’ল ভোটগ্ৰহণ। ১০২ টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়ালে দেশৰ মুঠ ১,৬২৫ গৰাকী প্ৰাৰ্থীয়ে। এই ১,৬২৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছিল ১,৪৯১ গৰাকী পুৰুষ আৰু ১৩৪ গৰাকী মহিলা।

উল্লেখ্য যে এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে কিৰেজ ৰিজিজু, নীতিন গাডকাৰীসহ মুঠ ৯ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী হ’ল সৰ্বানন্দ সোণোৱাল আৰু বিপ্লৱ কুমাৰ দেৱ।

এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি প্ৰথম পৰ্যায়ত সমগ্ৰ দেশৰ ১০২ টা সমষ্টিত প্ৰায় ৬০ শতাংশ ভোটাৰে ভোটদান কৰিছে।

ভোটদানৰ হাৰৰ ক্ষেত্ৰত ৮০.০৬% শংতাশ ভোটদানেৰে সমগ্ৰ দেশৰ ভিতৰতে শীৰ্ষত আছে ত্ৰিপুৰা।

ঠিক তেনেদৰে ভোটদানৰ হাৰ অৰুণাচল প্ৰদেশত ৬৫.৪৯%, আন্দামান আৰু নিকোবৰত ৫৬.৮৭%, অসমত ৭১.৪৬%, বিহাৰত ৪৭.৭৪%, ছত্তিশগড়ত ৬৩.৪১%, জন্মু-কাশ্মীৰত ৬৫.০৮%, লক্ষ্যদ্বীপত ৫৯.০২%, মধ্যপ্ৰদেশত ৬৩.৫০%, মহাৰাষ্ট্ৰত ৫৫.৩৫%, মণিপুৰত ৬৮.৮১%, মিজোৰামত ৫৪.২৩%, মেঘালয়ত ৭৩.৬৯%, নাগালেণ্ডত ৫৬.৯১%, পুডুচেৰীত ৭৩.৩৭%, ৰাজস্থানত ৫২.২৫%, চিকিমত ৬৮.০৬%, তামিলনাদুত ৬২.২৯%, ত্ৰিপুৰাত ৮০.০৬%, উত্তৰ প্ৰদেশত ৫৭.৯০%, উত্তৰাখণ্ডত ৫৩.৭৭% আৰু পশ্চিমবংগত ৭৭.৫৭%।

উল্লেখ্য যে অসমত প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ। ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, লখিমপুৰ আৰু কাজিৰঙা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৭৬.২০ % ভোটদানেৰে অসমৰ ভিতৰত সৰ্বাধিক ভোটদানৰ হাৰ সৃষ্টি কৰে যোৰহাট সমষ্টিৰ ভোটাৰে। 

প্ৰসংগক্ৰমে, ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে এইবাৰ লোকসভা নিৰ্বাচনত অসমত ১৩টা সমষ্টি দখল কৰিব বুলি দাবী কৰাৰ বিপৰীতে সমগ্ৰ ভাৰতত ৪০০তকৈও অধিক আসন দখল কৰিব বুলি দাবী কৰিছে। কিন্তু যোৱা ২০১৯ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১০২ খন আসনৰ ভিতৰত ৪০ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপি দলে।

(বিঃদ্ৰঃ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পৰ্কে নতুন আৰু অধিক তথ্য লাভ কৰিলে বাতৰিটোত নতুন তথ্য সমূহ সংযুক্ত কৰা হ’ব।) 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd