• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অশনি সংকেত! ভোটদানৰ হাৰ কমিলেই ক্ষমতা হেৰুৱায় গেৰুৱা বাহিনীয়ে; কি কয় তথ্য প্ৰমাণে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2024 2:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে `অৱ কী বাৰ ৪০০ পাৰ’ শ্লোগানে দৃশ্যপটৰ পৰা মুখ লুকুৱাইছে।  বিৰোধীয়ে মোডী ব্ৰিগেডক ২০০ আসনৰ ওপৰত যোৱাৰ কথা মানি লব  নোখোজে। সচেতন নাগৰিকসকলেও বিজেপিৰ এইবাৰৰ যাত্ৰা যে কঠিন বাটেৰে আগবাঢ়িছে সেয়া বিশ্বাস কৰি লৈছে। আৰু এই বিশ্বাস কেৱল অপপ্ৰচাৰ নহয়, তথ্য-পৰিসংখ্যাই ইয়াক প্ৰমাণ কৰে।

প্ৰথম দুটা পৰ্যায়ত ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ ফলত বিজেপিৰ উদ্বেগ বৃদ্ধি পাইছে। তাতোকৈ ডাঙৰ কথাটো হ’ল এই ধাৰাটো বিশেষকৈ হিন্দী বলয়ত দেখা গৈছে। যোৱা পাঁচটা লোকসভা নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰিলে এই ধাৰণাটোৰ ৰূপৰেখা পোৱা যাব।

বিশেষজ্ঞসকলে কয়, ‘ভাৰতত সাধাৰণতে দুই ধৰণৰ ভোটদানৰ হাৰ দেখা যায়- হয় ৫২-৬২ শতাংশ নহ’লে ৬২ শতাংশতকৈ অধিক। আশ্চৰ্যজনকভাৱে যদি ভোটাৰৰ হাৰ ৬২ শতাংশতকৈ অধিক হয় তেন্তে বিজেপিয়ে সুবিধা পাইছে। কিন্তু ভোটাৰৰ হাৰ যদি ৬২ শতাংশতকৈ কম হয় তেন্তে সুবিধা হৈছে কংগ্ৰেছৰ।

Apply Now

লগতে পঢ়কঃ মোডীৰ সৈতে বাঢ়িল দূৰত্ব! ভাৰত ভ্ৰমণ বাতিল কৰি চীনলৈ গ’ল ইলন মাস্ক

১৯৯৯ চনৰ নিৰ্বাচনত কাৰ্গিল যুদ্ধৰ আৱেগত বিজেপি ক্ষমতালৈ আহিছিল। সেইবাৰ প্ৰায় ৬০ শতাংশ ভোটদান হৈছিল। কংগ্ৰেছে ১১৪খন আসনত জয়লাভ কৰে। আনহাতে, অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপিয়ে ১৮২ খন আসন লাভ কৰে। চাৰি বছৰৰ পাছত ২০০৪ চনৰ নিৰ্বাচনত বাজপেয়ীয়ে ‘ইণ্ডিয়া ছাইনিং’ বা ‘ভাৰত উদয়’ শ্লোগানেৰে প্ৰচাৰ চলাইছিল। বিদগ্ধ বিশেষজ্ঞসকলে কৈয়েই দিছিল যে বাজপেয়ীৰ ক্ষমতালৈ ঘূৰি অহাটো মাথোঁ সময়ৰ অপেক্ষা।

কিন্তু সেইবাৰ দুই শতাংশত কমকৈ ভোটদান হয়। সামগ্ৰিকভাৱে কংগ্ৰেছে ১৪৫খন আসন লাভ কৰে। কিন্তু বিজেপিৰ দখলত  থাকে ১৩৮ খন আসন। সেইবাৰ ইউপিএ মিত্ৰতা গঢ়ি কংগ্ৰেছ ক্ষমতালৈ আহিছিল। ২০০৯ চনৰ লোকসভা নিৰ্বাচনতো সেই ধাৰা অব্যাহত আছিল। ভোটাদানৰ হাৰ আছিল ৫৮.২০ শতাংশ। কংগ্ৰেছে ২০৬ খন আসন লাভ কৰে। আনহাতে, ১১৬ খন আসন দখল কৰিলে এল কে আদৱানীৰ নেতৃত্বত বিজেপিয়ে। মনমোহন সিঙৰ নেতৃত্বত দ্বিতীয়খন ইউপিএ চৰকাৰ গঠন হয়।

২০১৪ চনৰ নিৰ্বাচন সকলোপিনৰ পৰাই গুৰুত্বপূৰ্ণ আছিল। এফালে বিজেপিৰ নতুন পোষ্টাৰ বয় নৰেন্দ্ৰ মোদীয়ে ইউপিএ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ধৰ্মযুদ্ধৰ আহ্বান জনাইছিল। ভাৰতীয় জনসাধাৰণেও সঁহাৰি দিছিল। ভোটাৰৰ ভোটদানৰ হাৰ আঠ শতাংশতকৈ অধিক বৃদ্ধি পাইছিল। শতিকা পুৰণি কংগ্ৰেছৰ ফলাফল ইতিহাসৰ ভিতৰতে সৰ্বনিম্ন আছিল। তেওঁলোকে মাত্ৰ ৪৪খন আসনহে পাইছিল। আৰু মোডী ঢৌৰ সৈতে বিজেপিয়ে ২৮২খন আসন লাভ কৰিছিল।

লগতে পঢ়কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ! আপত্তিজনক ভিডিঅ’ক লৈ আৰম্ভ তদন্ত

ইয়াৰ পাঁচ বছৰৰ পাছত ২০১৯ চনৰ নিৰ্বাচনত আটাইতকৈ বেছি চৰ্চা চলে ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ। পাকিস্তানৰ বালাকোটত বায়ুসেনাৰ আক্ৰমণৰ কাহিনীয়ে জনসাধাৰণৰ ওপৰত প্ৰবল প্ৰভাৱ পেলাইছিল। ভোটাৰৰ ভোটদানৰ হাৰো ৬৭ শতাংশতকৈও অধিক বৃদ্ধি পায়। বিজেপিয়েও হাতে হাতে তাৰ ফলাফল পাইছিল। ৩০৩খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহে মোডী। আৰু কংগ্ৰেছে মাত্ৰ ৫২ খন আসনতে ৰৈ গ’ল।

চলিত নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ অন্ত পৰিছে। প্ৰথম পৰ্যায়ত ১০২টা সমষ্টিত ৬২.৪ শতাংশ ভোটদান হৈছে। যোৱাবাৰ এই আসনত গড় ভোটাদানৰ হাৰ আছিল ৬৯.৪৩ শতাংশ। অৰ্থাৎ প্ৰায় সাত শতাংশ হ্ৰাস। আৰু দ্বিতীয় পৰ্যায়ত ৮৮টা সমষ্টিত ভোটদান হৈছে। মোডী-শ্বাহৰ আহ্বান আৰু চৰকাৰী প্ৰচেষ্টা সত্ত্বেও এই পৰ্যায়ত ভোটাৰৰ হাৰ প্ৰায় ৬২ শতাংশ। এই পৰ্যায়তো ভোটাৰৰ ভোটদানৰ হাৰ প্ৰায় ৪ শতাংশ হ্ৰাস পাইছে।

আটাইতকৈ আমোদজনক কথাটো হ’ল যে যিবোৰ ৰাজ্যত বিজেপিয়ে অধিক আসনৰ আশা কৰিছে, অৰ্থাৎ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু গুজৰাটত ভোটদানৰ হাৰ বহু কম হৈছে। য’ত দুই শতাংশ ভোটৰ হেৰফেৰ হ’লেই চৰকাৰ সলনি হয়, তাত উত্তৰ প্ৰদেশত ৭ শতাংশ, বিহাৰত ৫ শতাংশ, মধ্যপ্ৰদেশত ৯ শতাংশ ভোটদান কম হৈছে।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীক ‘সমালোচনা’ কৰি ৰাজৰোষত সাংবাদিক; ভাৰত এৰি যাব লগা হ’ল গুচি!

এই তথ্যই বিজেপিৰ উদ্বেগ বৃদ্ধি কৰিছে। ভোট দিবলৈ এতিয়াও বহুকেইটা পৰ্যায় বাকী আছে। কিন্তু ভোটদানৰ হাৰৰ এই ধাৰা অব্যাহত থাকিলে দেশত পুনৰবাৰ ভোটদানৰ হাৰ ৬০ শতাংশৰ তললৈ নামিব। এই তথ্য কিন্তু বিজেপিৰ বাবে ক্ষমতাত তিকি থকাৰ ক্ষেত্ৰত অতি বিপদজনক ইংগিত। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd