• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ মনোৰঞ্জন, গুৱাহাটীৰ মীৰালৈ উজনীৰ গৌৰৱ-লুৰীনৰ দৰে মুকলি সমৰ্থন জীপালৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 30, 2024 11:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীপাল কৃষক – শ্ৰমিক সংঘৰ তৰফৰ পৰা বৰপেটা লোকসভা সমষ্টি আৰু গুৱাহাটী লোকসভা সমষ্টিবাসীক সম্বোধন কৰি মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে আজি সংবাদ মাধ্যমৰ আগত বৰপেটা লোকসভা সমষ্টিৰ পৰা সুযোগ্য নেতা মনোৰঞ্জন তালুকদাৰ আৰু গুৱাহাটীৰ পৰা মীৰা বৰঠাকুৰক মুকলিকৈ সমৰ্থন প্ৰকাশ কৰে ৷ অসমত সম্প্ৰতি লোকসভা নিৰ্বাচনৰ বতাহ অত্যন্ত আশাব্যঞ্জক হৈ উঠিছে বুলিও নৰহে উল্লেখ কৰে ৷ দিল্লীৰ মোডীৰ মেজিক এইবাৰ নচলা পইচালৈ ৰূপান্তৰ হৈছে । ইয়াৰ প্ৰতিফলন বিজেপিৰ মোডী-শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখাৱয়ৱত ফুটি উঠিছে। কনফিডেঞ্চ্ লেভেল হেৰাই পেলোৱা দৃশ্য প্ৰায়বোৰ সভাতেই পৰিলক্ষিত হৈছে ।সমগ্ৰ বিজেপি শাসিত ৰাজ্য সমূহত ৰাজনৈতিক পট পৰিৱৰ্তনৰ আশাব্যঞ্জক ঘটনাটোৰ পোহৰলৈ আহিবলৈ লৈছে। এইক্ষেত্ৰত অসম বাসীয়ে নিজকে ৰজিতা খুৱাই আগবঢ়া উচিত বুলি জীপাল কৃষক শ্ৰমিক সংঘই স্পষ্টকৈ উল্লেখ কৰিছে। বিজেপিৰ দৰে এটা ফেচিষ্ট চৰকাৰক যদি তিনিবাৰকৈ শাসনত অধিষ্ঠিত কৰিবলৈ যোৱা যায় তেতিয়াহ’লে তেওঁলোক চূড়ান্ত ভাবে দেশখণত অন্ধকাৰৰ যুগ নমাই আনিব আৰু তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ কাঠামো ভাৰতীয় সংবিধানক পদাঘাত কৰিবলৈ কুণ্ঠাবোধ নকৰিব৷ গতিকে তেওঁলোকৰ হাতোৰাৰ পৰা ভাৰতবৰ্ষক বচাব পৰা একমাত্ৰ সময় এই লোকসভা নিৰ্বাচন ৷ ইয়াত দেখা গৈছে যে বৰপেটা লোকসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ দৰে এজন বৰেণ্য ব্যক্তিক আমি প্ৰাৰ্থী হিচাপে অসমবাসীয়ে লাভ কৰিছে আৰু বৰপেটাবাসীক এটা চ্যেলুট দি অসমৰ ভিতৰতে সবল যুক্তিবাদী নেতা হিচাপে উপহাৰ হিচাপে মনোৰঞ্জন তালুকদাৰক দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
আনহাতেদি গুৱাহাটী লোকসভা সমষ্টিবাসীয়ে বহুবছৰৰ মূৰত এগৰাকী সুদক্ষ নেত্ৰী, দিল্লীৰ মচনদ কঁপাবপৰা এগৰাকী সাহসী স্পষ্টবাদী নেত্ৰী মীৰা বৰঠাকুৰক লাভ কৰাটো জাতিটোৰ বাবেই আশাব্যঞ্জক বতৰা। আপোচহীন -আদৰ্শবাদী নেতা মনোৰঞ্জন তালুকদাৰ যেনেকৈ ভৱিষ্যতৰ নতুন প্ৰজন্মৰ সুস্থ ৰাজনীতিৰ চানেকি অৰ্থাৎ ধ্ৰুৱতৰা স্বৰূপ,থিক তেনেকৈ কা বিৰোধী সংগ্ৰামৰ দিনৰে পৰা আপোচ নকৰাকৈ আজিও অসমৰ বলিষ্ঠ কন্ঠ মীৰা বৰঠাকুৰে সমগ্ৰ অসমবাসীৰ লগতে নাৰীসমাজৰ বাবেও সাহস হিচাপে কন্ঠ হৈ থকাৰ বিশ্বাসত আজি জীপাল কৃষক শ্ৰমিক সংঘই মুকলি সমৰ্থন ব্যক্ত কৰিছে। একেটা বিশ্বাস ৰাখি সংগঠনটোৱে যোৰহাটৰ পৰা গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ৰৰ পৰা লুৰিণজ্যোতি গগৈক নৈতিক আৰু মুকলি সমৰ্থন প্ৰকাশ কৰি আহিছে।

সেয়েহে জীপাল কৃষক শ্ৰমিক সংঘই বৰপেটাৰ পৰা মনোৰঞ্জন তালুকদাৰ আৰু গুৱাহাটীৰ পৰা মীৰা বৰঠাকুৰক ৰাইজে জিকাই নিয়াতো কামনা কৰে।

Apply Now

সম্প্ৰতি আঁঠুলোৱা নেতা বিলাকৰ বিপৰীতে মুৰ তুলি বিতৰ্ক কৰি ক্ষমতা-আঁচনি কাঢ়ি আনিব পৰা তেওঁলোকক
জিকাই নিয়া কিমান জৰুৰী সেই সম্পৰ্কে বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। অত্যাবশ্যকীয় সামগ্ৰী আৰু ঔষধৰ ওপৰত মূল্য বৃদ্ধি, কা আইন বলবৎকৰণৰ মাজেদি অসমক বিদেশীৰ ডাম্পিং গ্ৰাউণ্ড কৰা,কা আন্দোলনত পাঁচজন চফলডেকাক গুলিয়াই মৰা ঘটনা মনত পেলাই বিবেক ভোটৰ আহ্বান জীপালৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহৰ।

মনোৰঞ্জন তালুকদাৰ ৰাতিত বিক্ৰী যোৱা নেতা নহয়৷ কোনো ধন টকা পইচাৰ প্ৰলোভনেৰে মানুহক মোহান্ধ কৰিবলৈ যোৱা এগৰাকী প্ৰৱঞ্চক নেতা নহয়৷তেওঁ এনেকুৱা এজন নেতা নহয় যি সাম্প্ৰদায়িকতা বিশ্বাস কৰে ,তেওঁ এনেকুৱা এজন নেতা নহয় যি ধৰ্ম আৰু জাত-পাতৰ ভিত্তিত ৰাজনীতি কৰিব খোজে ৷ তেওঁ সু শিক্ষিত,আটাইটকৈ ডাঙৰ কথা তেওঁ প্ৰগতিবাদী এগৰাকী সাম্যবাদী নেতা আৰু লগতে পৃথিৱীৰ জনগনক ঐক্যবদ্ধ হোৱাৰ কামনাৰে আৰ্ন্তজাতিক দৰ্শনত বিশ্বাসী এজন ৰাজনৈতিক ভোটা তৰা অসমৰ ৷ আৰু এনে এগৰাকী বৰেণ্য ব্যক্তিক লাভ কৰিছে বৰপেটা সমষ্টিবাসীয়ে৷ গতিকে বৰপেটাবাসীক আমি মৰেল শিক্ষা দিয়াৰ ধৃষ্টতা কৰিবলৈ খোজা নাই কিন্তু মনোৰঞ্জন তালুকদাৰৰ দৰে এগৰাকী বলিষ্ঠ নেতাক মুকলি সমৰ্থন নকৰাকৈ থাকিব নোৱাৰো। যি দৰে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে শক্তিশালী, বাকপটু নেতৃ মীৰা বৰঠাকুৰক সমৰ্থন আগবঢ়াইছোঁ।এই দৰে নৰহে কয়। ৷ গুৱাহাটীৰ অন্তৰ্ভাগত ব্যাপক হাৰত মীৰা বৰঠাকুৰৰ সপক্ষে জোৱাৰ আছে। তেনেকৈ আমি অসমৰ বিৰুধী ঐক্যৰ যিমানখিনি বলিষ্ঠ কণ্ঠ আছে অসমবাসীয়ে এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰি জিকাই নিয়া উচিত ৷ কিয়নো লোকসভাৰ যিগৰাকী নেতা আমি পঠিয়াম স নিমাতি কন্যাৰূপী প্ৰাৰ্থীক পঠিয়াই লাভ নাই ৷লোকসভাত য’ত পলিচি লেভেলট নিৰ্ণায়ক ভূমিকা পালন কৰিবলগা হয় , তেনে ক্ষেত্ৰত নেতা সকলৰ মাজত যদি আমি উপযুক্ত নেতা পঠিয়াব নোৱাৰো পাছত আমি লেইলেইছেইছেই কৰি , পাছত আমি হাবুডুবু খাই কান্দি লাভ নাই৷সেইকাৰণেই আমি কৈছো ক্ৰমাগত ভাবে উজনিৰ পৰা লুৰিজ্যোতি গগৈ, গৌৰব গগৈ যোৰহাট,নগাঁৱৰ প্ৰদ্যুত বৰদলৈ ঠিক তেনেকৈ গুৱাহাটীত মীৰা বৰঠাকুৰ এনেকৈ বৰপেটাত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক আমি জিকাই পঠিওৱাতো নৈতিক দায়িত্ব।অসমৰ কণ্ঠ হিচাপে সৰ্বস্তৰৰ লোকে আচলতে জনসমৰ্থন দিয়া উচিত।কাৰণ পলিচি ডেভলত তেওঁৰ উচ্চ কন্ঠ প্ৰয়োজন। তাতোকৈ ডাঙৰ কথাটো হ’ল যে যিসকল ব্যক্তিয়ে শেহতীয়াকৈ বিৰোধী ঐক্য মঞ্চৰ মুখপাত্ৰ হিচাপে কাম কৰি আছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ ডাঙৰীয়াই নৈতিক সমৰ্থন আগবঢ়াইছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক ৷ ইয়াৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।কিন্তু আমি তাতোকৈ আৰু বেছি আশা কৰাৰ অধিকাৰ আছে বুলি ভাবো যে তেখেতদুজন আহি বিৰোধী ঐক্য মঞ্চৰ সকলো নীতিগত স্থিতিৰ লগত থকাৰ পাছতো মনোৰঞ্জন তালুকদাৰৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰি মুক্ত ভাৱে ,স্বতন্ত্ৰভাৱে তেখেত দুজনে মনোৰঞ্জন তালুকদাৰৰ কাষত থিয় হৈ ৰ’ড শ্ব কৰি বৰপেটাবাসীক ৰাইজক আশ্বস্ত কৰি যোৱাৰ ক্ষেত্ৰত আমাৰ জীপাল কৃষক শ্ৰমিক সংঘই বিনম্ৰতাৰে তেখেত দুজনক আহ্বান জনাই জীপাল কৃষক শ্ৰমিক সংঘই ৷কাৰণ শেহতীয়াকৈ গোটেই ৰাজনৈতিক যি ধুমুহা বলাইছে সেই দুজন ব্যক্তিয়ে এটা মুখ্য ভূমিকা পালন কৰিছে ৷আনহাতেদি কংগ্ৰেছৰ কৰ্ণধাৰ সকলক কত্যাক্ষ কৰি নৰহে কয় যে INDIA ALIENS প্ৰকৃত ধৰ্ম যদি মানি চলিছে তেন্তে গৌৰৱ গগৈ আৰু ভূপেন বৰাই মনোৰঞ্জন তালুকদাৰৰ কাষত থিয় দিয়া উচিত।

বিজেপি পুনৰ চৰকাৰত নাহে৷এই ভ্ৰম জনতাক মনৰ পৰা উলিয়াই অনাৰ আহ্বানেৰে উত্তৰ প্ৰদেশত ৮০% শতাংশ গুজৰাটত ৭০% আসন বিজেপিয়ে হেৰুৱাব বুলিও উল্লেখ কৰে ৷গতিকে আমি জীপালহ কৃষক শ্ৰমিক সংঘই ক’ব খুজিছে যে জনতাৰ সবল নিৰ্মোহ ভোটাধিকাৰে ভাৰতখন সুৰক্ষিত কৰিব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd