• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিমাশ্চৰ্য্যম!

আবু নাছাৰ চাঈদ আহমদ by আবু নাছাৰ চাঈদ আহমদ
May 4, 2024 4:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মিঞাৰ ভোট নালাগে।’ এই বক্তব্যটো আমি সংবাদ মাধ্যমৰ বিভিন্ন মঞ্চত বিগত 20২১চনৰ পৰা বাৰাম্বাৰ শুনিবলৈ পাই আহিছোঁ। সিমানেই নহয় অসমত বাস কৰি অহা পূৰ্ব বংগ মূলৰ কেইবা লাখ নাগৰিকক ‘মিঞা’ বুলি তুচ্ছ-তাচ্ছিল্য আৰু অনেক সময়ত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ বা-বাতৰি আমি পাই আহিছোঁ। তেওঁলোকৰ বাসস্থলী বুলডজাৰ লগাই উচ্ছেদ কৰি গৃহহীন কৰাৰ অলেখ জীয়া ছবিও দেখিবলৈ পালোঁ। সন্দেহজনক নাগৰিক বুলি ডিটেনশ্চ্যন কেম্পত বছৰৰ পাছত বন্দী কৰি ৰখা আৰু এন আৰচিৰ নামত হাৰাশাস্তি কৰাৰ কাহিনীৰে মুঠতে কুৰি লাখতকৈ অধিক এইখিনি মানুহক নির্যাতন কৰাৰ দস্তাৱেজ সচেতন নাগৰিকৰ হাতত নথকা নহয়। এইখিনি মানুহৰ মাজত এক বুজন সংখ্যক ভোটদাতাই অতি কমেও ২৩টা বিধান সভা আৰু ৪টা লোক সভাৰ সমষ্টিৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব পাৰে।

সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰি তেওঁলোকৰ ভোটৰ প্ৰভাৱ হ্ৰাস কৰাৰ যি কচৰ‍ কৰা হ’ল; তাৰ পাছতো ‘মিঞা’ ভোটদাতাৰ প্ৰভাৱ যেন কমাব পৰা নগ’ল। গতিকে শাসকীয় দল ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) এতিয়া মিঞা তোষামোদ নীতি আৰম্ভ কৰিবলৈ বাধ্যত পৰিছে। বিগত পাঁচটা বছৰত অসমৰ মুখ্য মন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ কল্যাণৰ হকে নানা আঁচনি হাতত লোৱাৰ কথা কৈ তেওঁলোকৰ পাঁচটা জনগোষ্ঠীৰ বাবে কল্যাণ পৰিষদ পাতি দিলে। এনেকুৱা কল্যাণ পৰিষদ এইসকল পূর্ব বংগীয় মুছলমানৰ বাবে কৰা নহ’ল। তেনেকুৱা এখন পৰিষদৰ বাবে পৰামৰ্শ বিচাৰি আহ্বান কৰা এখন সভালৈ মোক মাতিছিল। তাত মহ এইসকল জনগোষ্ঠীক চৰকাৰী কল্যাণ আঁচনিৰ পৰা বাদ দি ৰখা কথাটো উত্থাপন কৰোঁতে উক্ত সভাৰ সভাপতিগৰাকীয়ে ক’লে যে অনতিপলমে তেওঁলোকৰ বাবেও এক কল্যাণ পৰিষদ গঠন কৰি দিয়া হ’ব। মাহৰ পাছত মাহ আৰু বছৰৰ পাছত বছৰ পাৰ হ’ল। আজিলৈকে একোকে কৰা নহ’ল। এতিয়া তেওঁলোকৰ পৰা ভোট বিচাৰি স্বয়ং মুখ্য মন্ত্ৰীয়ে মিঞা অধ্যুষিত অঞ্চলত কল্যাণৰ জয়গান গাবলৈ ধৰিছে। ভাবিলে আচৰিত হ’ব নালাগেনে ?

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সুৰতে সুৰ মিলাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি দিলে যে আমাৰ দেশৰ সীমান্ত পাৰ হৈ এটাও চৰাই আমাৰ দেশলৈ সোমাই আহিব নোৱাৰে। এয়া অতি-উৎসাহী দেশ প্ৰেমিকসকলৰ মন মুহি ভোট লাভ কৰা এক অবাস্তৱ মন্ত্ৰব্যৰ বাহিৰে একোকে নহয় । উৰণীয়া পৰিভ্ৰমী চৰায়ে নিতৌ আন্তঃৰাষ্ট্ৰীয় সীমাৰ ওপৰেদি নানা দেশ অক্ৰিম কৰি গন্তব্যস্থানলৈ গতি কৰে। কোনোবাই জানো বাধা দিব পাৰে? নিষ্ঠুৰ চিকাৰিৰ হাতত সিহঁতৰ দুই এটা মৰিব পাৰে৷ কিন্তু জাক পাতি অহা পৰিভ্ৰমী চৰাই পাৰ হৈ যায় নদ-নদী, পৰ্বত-পাহাৰ অতিক্ৰম কৰি। সেই কথা সকলোৱে জানে। সি যি কি নহওক, শেহতীয়াকৈ কেন্দ্ৰীয় ভূ-বিজ্ঞান আৰু খাদ্য প্রস্তুত দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে যোৱা ২২ এপ্ৰিলত ঘোষণা কৰি দিলে যে তেওঁৰ গৃহ ৰাজ্য অৰুণাচল প্ৰদেশত বসবাস কৰি অহা পাঁচ লাখ চাকমা-হাজং শৰণাৰ্থীক অসমত নাগৰিকত্ব সংশোধনী আইনৰ সহায়ত সংস্থাপন দিবলৈ দিহা কৰা হৈছে আৰু এই দিশত তেওঁ অসমৰ মুখ্য মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হৈছে বুলিও কৈ দিলে।

কোৱা বাহুল্য যে চাকমা-হাজং শৰণাৰ্থীসকল বিভিন্ন সময়ত বৰ্তমানৰ বাংলাদেশৰ পৰা আহিছিল আৰু অৰুণাচলৰ বিভিন্ন সংগঠন আৰু জনগোষ্ঠীয়ে তেওঁলোকৰ ৰাজ্যত এইসকল মানুহক সংস্থাপন কৰাটো বিচৰা নাই আৰু তাকে কেন্দ্ৰ কৰি সেই ৰাজ্যখনত এক সামাজিক সংঘাত হৈ আছে। এনে পৰিস্থিতিত সংঘাত আৰু উত্তেজনা উপশম কৰিবলৈকে বোধহয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বোধকৰো এইসকল মানুহক অসমৰ মাটিত সংস্থাপন কৰিব বুলি আৰু তাৰ কাৰণে আমাৰ মুখ্য মন্ত্ৰীগৰাকীৰ সৈতে কিবা এটা বুজাপৰাত উপনীত হৈছিল।

মূল কথাটো হৈছে, হয় কিৰেন ৰিজিজুৱে কিবা এটা সঠিক তথ্যৰ ভিত্তিত উক্ত মন্তব্য দিছিল, নহয় তেওঁ অসত্য কথাৰে মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল। আনহাতে অসমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে যে কিৰেন ৰিজিজুৰ সৈতে গোপনে কিবা এটা বুজাপৰা কৰিছিল সেইটো প্ৰকট হৈ পৰিছে। তেওঁৰ কথাবিলাক বিসংগতিপূর্ণ যেন লাগিছে। কোনোবা এটা সাক্ষাতকাৰত তেওঁ কিৰেণ ৰিজিজু কি দপ্তৰৰ দায়িত্বত আছে সেই কথাটোকে নাজানে বুলি কোৱা কথাষাৰে সন্দেহৰ অৱকাশ ৰাখি দিছে। মুঠৰ ওপৰত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু আনহাতে আমাৰ ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে দেশখনৰ কল্যাণৰ কথা চিন্তা কৰিব নে তেওঁলোকৰ দলৰ স্বাৰ্থক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব? এই সমগ্র বিষয়টোৱে নাগৰিকত্ব আইন সংশোধনী আইনখন অসমৰ জনতাৰ বাবে কিমান ভয়ানক, সেই কথাটো জল্-জল্ পট্-পকৈ ওলাই পৰিছে। এই সর্বনাশী আইনখন মনত ৰাখি অসমৰ ভোটদাতাসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব।

একেদৰে অসমৰ জনসাধাৰণে আগন্তুক নির্বাচনত বিবেকক সুধি ভোটাধিকাৰ সাব্যস্ত কৰিব নে চকুমুদি শাসকদলক জিকাবলৈ নিজৰ বহুমূলীয়া ভোট দিব? সর্বনাশী এখন আইনৰ সহায়ত বিদেশীক অসমত নাগৰিকত্ব দিবলৈ যো-জা চলোৱাটো কিমান ভয়ানক বিষয়। এইবিলাক কথা পৰিষ্কাৰ ধৰণেৰে চিন্তা আৰু নির্মোহভাবে বিচাৰ নকৰি ভোটদান কৰি আমি জানো হাতৰ কুঠাৰ ভৰিত মাৰিম? কেৱল ক্ষমতা দখল কৰিবলৈ বুলি কথাৰ চাতুৰি মাৰি অসমৰ ভৱিষ্যতক ধ্বংস কৰাৰ ষড়যন্ত্র সাধাৰণ নাগৰিকে ভোটদানৰ যোগেদি বোধিব লাগিব।

আবু নাছাৰ চাঈদ আহমদ

আবু নাছাৰ চাঈদ আহমদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd