• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনাঞ্চলৰ ভিতৰত বিদ্যালয়, ভোটকেন্দ্ৰ, চাহ বাগিচা; অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে NGTয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2024 2:39 pm
বনাঞ্চলৰ ভিতৰত বিদ্যালয়, ভোটকেন্দ্ৰ, চাহ বাগিচা; অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে NGTয়ে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অসম চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত (NGT) দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি ৰাজ্যত এখন বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাষৰীয়া সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কেইবাখনো বিদ্যালয়, পাঁচ কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ, চাহ বাগিচা, কুঁৱা আৰু ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰা দেখা গৈছে।

শেহতীয়াকৈ এন জি টিয়ে দিয়া এটা নিৰ্দেশত অসমৰ মুখ্য সচিবক বন (সংৰক্ষণ) আইন, ১৯৮০ৰ গুৰুতৰ উলংঘা কৰি ইমান ব্যাপক নিৰ্মাণৰ অনুমতি দিয়া বিষয়াসকলৰ সবিশেষ দি শপতনামা দাখিল কৰিবলৈ কোৱা হৈছিল।

২ মে’ত ন্যায়িক সদস্য ন্যায়াধীশ বি অমিত স্থেলেকাৰ আৰু বিশেষজ্ঞ সদস্য অৰুণ কুমাৰ ভাৰ্মাই দিয়া নিৰ্দেশনাটোত লগতে কোৱা হৈছেল,  “২০১৭ চনৰ পৰা এনে অবৈধ কাৰ্যকলাপ চলাবলৈ দিয়া প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ)ৰ নিষ্ক্ৰিয়তাৰ বিষয়েও শপতনামাত ব্যাখ্যা কৰিব লাগিব।’

এন জি টিয়ে উল্লেখ কৰা গোচৰটো হৈছে অসমৰ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনাঞ্চলত চৰকাৰে আৰু আনৰ অবৈধ বেদখলত বৃহৎ পৰিসৰত নিৰ্মাণেৰে বন (সংৰক্ষণ) আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি যোৱা বছৰ দিলীপ নাথে ন্যায়াধিকৰণত দাখিল কৰা আবেদন।

লগতে পঢ়কঃ হায়দৰাবাদৰ হাতত পৰাস্ত; খেলপথাৰতে খঙত অধিনায়ক ৰাহুলৰ সন্মুখত অসন্তুষ্টি প্ৰকাশ লক্ষ্ণৌৰ মালিকৰ

যোৱা মাহত অসম চৰকাৰে শপতনামা দাখিল কৰি কয় যে এছ আৰ ডব্লিউ এছ আৰু চৰদুৱাৰ সংৰক্ষিত বনাঞ্চল (চি আৰ এফ)ৰ ভিতৰত কেইবাখনো বিদ্যালয় আৰু বনাঞ্চল বিৰোধী কাম-কাজ চলি আছে।

তদুপৰি, উল্লেখ কৰা হৈছে যে এই বিদ্যালয়সমূহৰ পৰিচালনা সমিতিসমূহৰ বিৰুদ্ধে প্ৰথম তথ্য প্ৰতিবেদন (FIR) স্থানীয় বন কৰ্তৃপক্ষই পঞ্জীয়ন কৰিছে।

শপতনামাত আৰু কোৱা হৈছে যে ৰাজ্যৰ জলসিঞ্চন বিভাগে চি আৰ এফৰ ভিতৰত চিলনী নদীত নিয়ম উলংঘা কৰি এখন শ্লুইচ গেট নিৰ্মাণ কৰিছিল। তদুপৰি, এজন ব্যক্তিয়ে আনকি একেখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে এখন চাহ বাগিচাও আৰম্ভ কৰিছিল।

ইয়াৰ উপৰিও এজন ঠিকাদাৰে বন্যপ্ৰাণী (সুৰক্ষা) আইন আৰু বন (সংৰক্ষণ) আইন উলংঘা কৰি এছ আৰ ডব্লিউ এছৰ ভিতৰত পাঁচ কিলোমিটাৰ দীঘল পথ নিৰ্মাণ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়ন কৰা হৈছে।

এন জি টিয়ে পূৰ্বে উল্লেখ কৰিছিল যে “শপতনামা দাখিল কৰা ভালদৰে জনা যুটীয়া সচিবগৰাকীয়ে ইয়াক ভাঙি পেলোৱা হৈছে নে নাই সেই বিষয়ে উল্লেখ কৰা নাই।”

লগতে পঢ়কঃ AHSEC HS Resiult 2024: ফলাফল ওলাল, বিসংগতি নাতৰিল; তথ্য বিভ্ৰাট নে ডিজিটেলৰ ভুত!

এতিয়া ন্যায়াধিকৰণে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক অবৈধ নিৰ্মাণৰ অনুমতি দিয়া বিষয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা আৰু সেইবোৰ আঁতৰোৱাৰ পদক্ষেপৰ কথা উল্লেখ কৰি অহা চাৰি সপ্তাহৰ ভিতৰত  প্ৰত্যুত্তৰ দি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

শেহতীয়াকৈ অসম-নগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলাত বনভূমিৰ অন্য কামলৈ পৰিৱৰ্তনৰ অভিযোগ সন্দৰ্ভত অসম চৰকাৰৰ পৰা পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এক প্ৰতিবেদন বিচাৰিছে।

২০২৪ চনৰ ২৫ এপ্ৰিল তাৰিখে অসমৰ অতিৰিক্ত মুখ্য সচিব (বন)লৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন বিভাগৰ সহকাৰী মহাপৰিদৰ্শক সুনীত ভৰদ্বাজে গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত শিৱসাগৰ জিলাত কমাণ্ডো বেটেলিয়ন শিবিৰ স্থাপনৰ বাবে ২৮ হেক্টৰ মাটি অবৈধভাৱে আৱন্টনৰ অভিযোগ সন্দৰ্ভত বিশদ তথ্যসমৃদ্ধ প্ৰতিবেদন বিচাৰিছে।

লগতে পঢ়কঃ AHSEC HS Resiult 2024: কলা শাখাত শীৰ্ষত বাক্সা, বিজ্ঞানত শীৰ্ষত তামুলপুৰ আৰু বাণিজ্যত শীৰ্ষত শিৱসাগৰ জিলা

মন্ত্ৰালয়ে শ্বিলংস্থিত মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয় আৰু গুৱাহাটীস্থিত শাখা-কাৰ্যালয় দুয়োটাকে অসম চৰকাৰৰ সৈতে সমন্বয় সাধন কৰি অতি সোনকালে মন্তব্যৰ সৈতে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm
‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm
নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

August 21, 2025 4:41 pm
ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm
‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd