• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰে নিজকে দেউলীয়া ঘোষণা কৰাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 15, 2024 7:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটন বিশ্ববিদ্যালয়ে নিজৰ মাটি বন্ধকত দিবলৈ ওলোৱা বিষয়টোৱে চৰকাৰৰ উচ্চ শিক্ষাৰ প্ৰতি কৰা চৰম অৱহেলাৰ কথা স্পষ্ট কৰি দিছে। প্রকৃত পুঁজি আৱণ্টন নিদিয়াৰ বাবেই প্রায় ৮ বছৰ পূৰ্বে স্থাপন হোৱা কটন বিশ্ববিদ্যালয়ে আজি নিজৰ মাটি ষ্টেট বেংক অব ইণ্ডিয়াৰ ওচৰত বন্ধকত থবলৈ বিচাৰিছে।

এই সম্পৰ্কত আজি অসম প্রদেশ কংগ্রেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্রত বৰাই কয় যে চৰকাৰখনে নিজকে দেউলীয়া বুলি ঘোষণা কৰক আৰু কটন বিশ্ববিদ্যায়লক বচাবলৈ অসমৰ ৰাইজ আগবাঢ়ি আহক।

Apply Now

বৰাই কয় যে অমৃত কাল চলি থকাৰ সময়ত চৰকাৰখনে উচ্চ শিক্ষাৰ কথা পাহৰি সুৰাৰ বিপণী আৰু ৰাজহ সংগ্ৰহত গুৰুত্ব দিছে। মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তন কৰি চৰকাৰে এই বিশ্ববিদ্যালয়সমূহক নতুন শিক্ষানীতিৰ আধাৰত নিজৰ ৰাজহ উপাৰ্জন কৰিবলৈ নির্দেশ দিয়াৰ ফলতে আজি কটন বিশ্ববিদ্যালয়ে চূড়ান্ত আত্মঘাতী সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। পৰৱৰ্তী সময়ত এই উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ ওপৰত মাধমাৰ শোধাই মাচুল বৃদ্ধি কৰি বিশ্ববিদ্যালয় চলোৱাৰ ব্যৱস্থা কৰিব। যাৰফলত অসমৰ দুখীয়া মেধা ছাত্র-ছাত্রীয়ে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব।

উচ্চ শিক্ষা ধ্বংসৰ ষড়যন্ত্ৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ধিক্কাৰ দি বৰাই কয় যে উচ্চ শিক্ষাৰ বাবে আৱণ্টিত পুঁজি কিমান আৰু কিমান ধন মোকলাই দিয়া নাই।  তাৰ শ্বেতপত্র সাহস থাকিলে চৰকাৰে প্ৰকাশ কৰক। ডেৰলাখ কোটি টকা ঋণ লোৱা মুখ্যমন্ত্রীয়ে মন গ’লেই অমুকত এহেজাৰ কোটি টকা, তমুকত ৫০০ কোটি টকা আৱণ্টন দিম বুলি ওফাইদাং মাৰি শেষত অসমৰ ঐতিহ্য কটন বিশ্ববিদ্যালয়ক ধ্বংস কৰিব বিচাৰিছে। মুখ্যমন্ত্রীজনে কটন বিশ্ববিদ্যালয় স্থাপন হোৱাৰ সময়ত ঘোষণা কৰিছিল যে এই শিক্ষা প্রতিষ্ঠানখন দক্ষিণ-পূব এছিয়াৰ ভিতৰত সর্বোত্তম এক বিশ্ববিদ্যালয় হিচাপে প্রতিষ্ঠা কৰিবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা চলাব।

মুখ্যমন্ত্ৰীজনে নিজৰ প্রতিশ্রুতি পালন কৰাত কিয় ব্যর্থ হ’ল বুলি প্রশ্ন কৰাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুক ক্ষুৰধাৰ সমালোচনা কৰি বৰাই কয় যে শিক্ষামন্ত্রীজনে নিজৰ আসনৰ মৰ্যাদা সুৰক্ষিত কৰিব পৰা নাই আৰু বাৰে বাৰে শিক্ষাখণ্ডলৈ আহি পৰা অহেতুক বিপৰ্যয়ৰ তেওঁ মোকাবিলা কৰিব পৰা নাই। এনে পৰিস্থিতিত চৰকাৰখনে নিজকে দেউলীয়া বুলি ঘোষণা কৰক। দেউলীয়া চৰকাৰক ৰাইজে সহায় কৰিবলৈ আগবাঢ়ি আহিব।

বৰাই কয় যে ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠানসমূহক ৰঙা দলিছা পাৰি দিবৰ বাবেই চৰকাৰে এক গোপন ষড়যন্ত্ৰ কৰিছে আৰু যাৰ অংশ হিচাপে কটন বিশ্ববিদ্যালয়ে আজি নিজৰ মাটি বন্ধকত দিবলৈ সমিতি গঠন কৰিছে আৰু

এই ৬ জনীয়া কমিটিখনক প্রতিবেদন দাখিল কৰিবলৈ ১৩ মে’ত জাননী জাৰি কৰা হৈছে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি সন্দৰ্ভত সন্দেহ প্রকাশ কৰি বৰাই কয় যে অসমত দুখীয়া মেধাবী ছাত্র-ছাত্রীক চৰকাৰী উচ্চশিক্ষা লাভৰ পৰা বঞ্চিত কৰি ব্যক্তিগত খণ্ডক শিক্ষা ব্যৱস্থা গতাই দিবৰ বাবে বণিয়া গোষ্ঠীৰ লগত বুজাপৰা কৰিছে।

অসম প্রদেশ কংগ্রেছ কমিটিৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই নির্বাচনী প্ৰচাৰৰ নামত ৰাজ্যৰ বাহিৰত মুখ্যমন্ত্রীজনে অসমৰ মৰ্যাদা হানি হ’ব পৰা বক্তব্য প্ৰদান কৰা কাৰ্যক গৰিহণা দিয়ে।

ভুৱা গেৰাণ্টি দিয়া এজন প্রধানমন্ত্রীক যুগপুৰুষৰ লগত তুলনা কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে জগতগুক শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱ, স্বামী বিবেকানন্দক অপমান কৰা বুলি অভিযোগ কৰে। সংবাদমেলত অসম প্রদেশ কংগ্রেছ কমিটিৰ মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক গোপাল শর্মা আৰু সম্পাদক মোস্তাক গোলাম ওছমানি উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd