যিসময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কংগ্ৰেছ দলটো নিৰ্বাচনী ৰাজনীতিত অবিৰত পতনৰ সন্মুখীন হৈ আছে, অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰা জৰ্জৰিত হৈছে অন্তঃকন্দলত।
যোৱা বেছ কিছুদিন ধৰি চলা অনিল ৰাজা-ৰকিবুল হুছেইনৰ মাজত চলা বাকযুদ্ধ, অভিযোগ তথা স্পষ্টীকৰণৰ জোৱাৰ সাধাৰণ ৰাইজৰ আমোদৰ বিষয় হৈ পৰিছে। দলীয় অনুশাসনৰ সন্মুখীন হ’লেও হাৰ মনা নাই অনিল ৰাজাই। ইটোৰ পিছত সিটো অভিযোগেৰে তেওঁ বিব্ৰত কৰি আহিছে ৰকিবুল হুছেইনক। ফলত তৰণি হেৰাইছে ৰকিবুল হুছেইনৰ।
ইতিপূৰ্বে অনিল ৰাজাৰ অভিযোগৰ ভিত্তিত আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰ চলি আছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে। ৰকিবুল হুছেইনেও ভাবুকি দিছে ৰাজাৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ।
তথাপি ভাগৰা নাই অনিল ৰাজা। ফলত আকৰ্ষণীয় হৈছে যুঁজখন। আজি যদি সংবাদমেল দি ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰাজাই এটা অভিযোগ আনে, তাৰ পিছদিনাই সেই অভিযোগ খণ্ডন কৰিবলৈ একেটা দলৰে ৰকিবুল হুছেইনে সংবাদ মেল আয়োজন কৰে।
উল্লেখযোগ্য যে কালি, অৰ্থাৎ ১৭ মে’ত অনিল ৰাজাই নিজ বাসগৃহতে এখন সংবাদমেলৰ আয়োজন কৰি ৰকিবুল হুছেইনে মাকাওত গৈ কেচিন’ত জুৱা খেলি ক’লা ধন বগা কৰি অনা বুলি গুৰুতৰ অভিযোগ তুলিছিল। ৰকিবুলৰ সৈতে ৰকিবুলৰ পুত্ৰ-কন্যা আৰু ইন্দ্ৰ সিং নামৰ গুৱাহাটীৰ বিখ্যাত ব্যবসায়ী এজনো যোৱা বুলি ৰাজাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল।
এই অভিযোগ খণ্ডন কৰিবলৈ আজি ৰকিবুল হুছেইনে গৌৰীসদনত এখন সংবাদমেল আয়োজন কৰি এই অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰি কয় যে ইন্দ্ৰ সিং কোনো বিখ্যাত ব্যবসায়ী নহয়, তেওঁ গুৱাহাটী মহানগৰ যুৱ কংগ্ৰেছৰ নিৰ্বাচিত কাৰ্য্যালয় সহায়ক আৰু সম্পাদকৰ দায়িত্বতহে আছে। আনহাতে, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে ইন্দ্ৰ সিং মাকাওলৈ যোৱা বুলি অনিল ৰাজাই অনা অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰে।
হুছেইনে অনিল ৰাজাক দালাল আৰু ৪২০ আখ্যা দি কয়, “যদি মোৰ সৈতে তেওঁ মাকাওলৈ গৈছে, তেন্তে প্ৰমাণ কৰিব পাৰিলে মোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। যদি প্ৰমাণিত নহয় তেন্তে যিজনে এই অভিযোগ আনিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হাতত ল’ব লাগে। মানসিকভাৱে হাৰাশাস্তি প্ৰদান কৰি থকা হৈছে মোক।‘’
অনিল ৰাজাই ‘মাকাওলৈ ক’লা ধন বগা কৰিবলৈ যায় আৰু ভাল মানুহ নাযায়’ বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰত ৰকিবুলে কয়, “কংগ্ৰেছৰ নেতা কল্যাণ গগৈৰ ভনীয়েক মধুমিতা গগৈ টেব’ল টেনিছ খেলিবলৈ মাকাওলৈ গৈছিল। মই খেলৰ লগত জড়িত লোক হিচাপে তাত ইণ্ড’ৰ গেইমছৰ হাব আছে বুলি জানো।”
তেওঁ লগতে কয়, “নিৰাপত্তাৰক্ষীয়ে আমাক সকলো তন্ন তন্নকৈ নিৰীক্ষণ কৰিহে যাব দিছিল। মই এটা এজেন্সিৰ পৰা পেকেজ ট’ৰ কৰি গৈছিলো। পেকেজ ট’ৰ অমুসৰি ৫ মে’ আৰু ৬ মে’ত মাকাওত থকা কথা আছিল। ৫ মে’ৰ দিনা সন্ধ্যা ৬ বজাত মাকাওত গৈ উপস্থিত হওঁগৈ। সেইদিনাই খবৰ আহিল যে ৭ মে’ৰ দিনা যুটীয়া সংসদীয় কমিটিৰ শুনানিৰ দিন ধাৰ্য্য কৰা হৈছে। সেই খবৰ পায়েই আমি ৬ মে’ৰ দিনা পুৱা ৬ বজাত ফ্লাইটেৰে অসমলৈ বুলি ৰাওনা হওঁ।”
উল্লেখযোগ্য যে অনিল ৰাজাই কালিৰ সংবাদমেলত অভিযোগ কৰিছিল যে ৰকিবুল হুছেইনৰ পত্নীৰ নামত লখিমপুৰত বৃহৎ পৰিমাণৰ ভূমি আছে আৰু সেই মাটিৰ হিচাপ তেওঁ ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰা নাছিল। লগতে তেওঁ এই বিষয়ক লৈ আয়কৰ বিভাগ আৰু ভাৰতীয় নিৰ্বাচনী আয়োগলৈ এক পত্ৰও প্ৰেৰণ কৰিছিল।
অনিল ৰাজাই প্ৰেৰণ কৰা পত্ৰখনত হুছেইনৰ পত্নী নাজৰিন হুছেইনৰ নামত লখিমপুৰ টাউন কমিটিৰ অন্তৰ্গত ১৪ নং ৱাৰ্ডৰ মধুপম নগৰত দাগ নং ১৩০/পট্টা নং ১৭৮ ৰ ৬ কঠা মাটি আছে যদিও নিৰ্বাচনৰ পূৰ্বে সম্পত্তিৰ তালিকা দাখিল কৰাৰ সময়ত সেই মাটিখিনিৰ হিচাপ দিয়া নাছিল বুলি কোৱা হৈছে। সেয়েহে তেওঁৰ বিধায়কৰ পদতো খাৰিজ কৰিব লাগে বুলি অনিল ৰাজাই চিঠিখনত স্পষ্ট ৰূপত উল্লেখ কৰিছিল।
অনিল ৰাজাই অনা এই অভিযোগকো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে ৰকিবুল হুছেইনে। লগতে তেওঁৰ পত্নীৰ নামত লখিমপুৰৰ তেনেকুৱা ঠাইত কোনো মাটি নাই বুলি সদৰী কৰি তেওঁ কয় যে যদি মাটি আছে বুলি প্ৰমাণিত হয় তেন্তে তেওঁ শাস্তি মূৰ পাতি ল’বলৈও প্ৰস্তুত।