• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে ভগৱানৰ দূত হৈ জনম লোৱা বুলি কিয় ক’লে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 28, 2024 12:17 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনটো শেষ হ’লেই যেন ৰক্ষা! বৰ আমনি লাগিছে।বিশেষকৈ দিনক দিনে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণবোৰ শুনিব নোৱৰা হৈ আহিছে। ক্ৰমান্বয়ে সেইবোৰ আগতকৈ বেছি বিষাক্ত আৰু আজৱ হৈ আহিব ধৰিছে।তেওঁৰ শেহতীয়াকৈ  তিনিটা ভাষণত তেওঁ  সম্ভ্ৰম আৰু শালীনতাৰ সকলো সীমা যেন অতিক্ৰম কৰি গৈছে।নিজৰ দেশৰ প্ৰধানমন্ত্ৰী এজনৰ বিষয়ে এনেকৈ ক’বলৈ ভাল নালাগে। কিন্তু উপায় নাই। ক’বই লাগিব। আজি কেইদিনমান আগতে তেওঁ কৈছে যে সাধাৰণ মানুহৰ দৰে এক জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁৰ জন্ম হোৱা নাই। এই বিষয়ে তেওঁ কোৱা কথাখিনি আপোনালোকে শুনকচোন! দেখিলে। মোদী ভগৱানৰে অংশ।এক অৱতাৰী পুৰুষ। অজৈৱিক প্ৰক্ৰিয়াৰে তেওঁৰ ধৰাতলত আবিৰ্ভাৱ হৈছে।ভগৱানে তেওঁক তেওঁৰ দূত হিচাপে পৃথিৱীলৈ পঠিয়াইছে।এতিয়া আপুনি কি ক’ব? এইটো এটা আলোচনাযোগ্য বিষয়নে? কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে। আপুনি কথাটো উলাই কৰিবও নোৱাৰে।মানুহৰ ওপৰত তাৰ প্ৰভাৱ পৰিব। ভাৰতবৰ্ষ  অশিক্ষিত, অৰ্দ্ধ-শিক্ষিত আৰু অন্ধ-সংস্কাৰাচ্ছন্ন লোকেৰে ভৰি আছে।দেশৰ মুখিয়াল মানুহজনে যদি তেনে কথা কয়, তেওঁলোক তাৰ দ্বাৰা নিশ্চিতৰূপে  প্ৰভাৱিত হ’ব। পতিয়ন যাব। কিন্তু প্ৰধানমন্ত্ৰীৰ এই দাবীৰ প্ৰতি সাধাৰণভাৱে শিক্ষিত মানুহ এজনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেউতাকৰ নাম আছিল দামোদাৰদাস মুলচান্দ মোদী। তেওঁৰ  ১৯৮৯ চনত মৃত্যু হৈছে। তেওঁৰ  মাকৰ নাম আছিল হীৰাবেন মোদী। তেওঁৰ ২০২২ চনৰ ৩০ ডিচেম্বৰৰ দিনা মৃত্যু হৈছে। প্ৰধানমন্ত্ৰীৰ এখন পাছপোৰ্ট আছে। তাত তেওঁৰ জন্মদিনটো উল্লেখ আছে।প্ৰধানমন্ত্ৰীৰ পৰিয়ালত কোন কোন আছে আমি  জানো।তেনেহ’লে তেওঁ কিয় এনে অদ্ভূৎ কথা এটা কৈছে? তাৰ এটাই ব্যাখ্যা হ’ব পাৰে- তেওঁ নিজকে দৈৱিক শক্তিৰ পৰা উদ্ভৱ হোৱা বুলি এই কাৰণেই কৈছে যাতে ভাৰতৰ অশিক্ষিত, অৰ্দ্ধ-শিক্ষিত আৰু অন্ধ-সংস্কাৰাচ্ছন্ন লোকসকলে তেওঁৰ প্ৰতি অচলা ভক্তি প্ৰদৰ্শন কৰে আৰু তেওঁক সৰ্বশক্তিমান বুলি স্বীকাৰ কৰি লয়। আৰু তেওঁ যি কৰে তেওঁলোকৰ ভালৰ কাৰণেই কৰে বুলি মানি লয়। মানে নৰেন্দ্ৰ মোদীয়ে কেতিয়াও কোনো ভুল কৰিব নোৱাৰে । কিয়নো তেওঁ মানৱ নহয় অতি মানৱ। তেওঁ এক ঐশ্চৰিক শক্তি। এতিয়া আহোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা আন দুটা কথালৈ।বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই সেইদিনা মোদী ডাঙৰীয়াই তেজস্বী যাদৱৰ বিষয়ে বক্ৰোক্তি কৰি কি কৈছিল শুনি লওকচোন! চাওক, নিৰ্বাচনী প্ৰচাৰৰ মাজত কোৱা এইটো কেনে কথা? এতিয়া হেলিকপ্তাৰত ঘূৰি লোৱা, তাৰ পিছত তোমাক জেললৈ পঠিয়াম। প্ৰধানমন্ত্ৰী এজন ইমান তললৈ নামিব পাৰেনে? 

মুজৰা। ৰাজদৰবাৰত বা সামন্ত প্ৰভুৰ অন্দৰমহলত বাইজীবোৰে ৰজাৰ বা সামন্ত প্ৰভুৰ মনোৰঞ্জনৰ বাবে পইছালৈ কৰা নৃত্যক মুজৰা বোলে। প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰক তেওঁলোকে ভোট বুটলিবলৈ মুজৰা কৰা বুলি কৈছে। ইয়াৰ আগতেও তেওঁ হিন্দুৰ সম্পত্তি কংগ্ৰেছে ‘বেছি সন্তান জন্ম দিয়া আৰু অনুপ্ৰবেশকাৰী মুছলমানক’ গটাই দিব বুলি কৈছিল।হিন্দু মহিলাৰ মংগলসূত্ৰ আৰু মহৰ কথা কৈছিল।প্ৰথম কথা, প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত প্ৰধানমন্ত্ৰীয়ে কিয় এনে কথা ক’বলৈ আৰম্ভ কৰিছিল? যোৱা দহ বছৰত তেওঁ কি কৰিলে জনসাধাৰণক তাৰ খতিয়ান দি ভোট বিচৰাৰ সলনি তেওঁ বিৰোধীৰ বিষয়ে এনে বিষাক্ত কথা কৈ জনসাধাৰণৰ পৰা কিয় ভোট বিচাৰিছে? শলঠেকত পৰিলে বা হতাশাত ভুগিলে মানুহে যি কোনো কথা কয়। প্ৰধানমন্ত্ৰী মোদীৰো তেনে অৱস্থা  হৈছে নেকি? সকলো শিক্ষিত আৰু সচেতন লোকে প্ৰধানমন্ত্ৰীয়ে  কোৱা কথা আৰু তেওঁ ব্যৱহাৰ কৰা  ভাষাক  একমুখে  গৰিহণা দিছে।সেইটো ডাঙৰ কথা নহয়।কিন্তু ডাঙৰ কথা হ’ল প্ৰধানমন্ত্ৰীৰ এই কথাবোৰ সম্পৰ্কে তেওঁৰ দলৰ মানুহবোৰে বা তেওঁৰ মন্ত্ৰীসকলে, ৰাজনাথ সিং বা নীতিন গাডকাৰীয়ে কি ভাবে? কি তেওঁলোকেও মোদীক অৱতাৰী পুৰুষ বুলি ভাবে নেকি? আৰু মোদীয়ে তেজস্বী যাদৱ সম্পৰ্কে কোৱা কথা, মুজৰা, এইবোৰ কথা তেওঁলোকে সমৰ্থন কৰেনে? নে বিজেপিত দল বুলি একো নাই, মোদীয়ে সকলো? বৰ বিপজ্জনক কথা।আৰু মোদীয়ে নিজকে ঈশ্চৰবংশী বুলি কোৱা কথাটোৰ দ্বাৰা তেওঁ ভাৰতৰ সংবিধান উলংঘন কৰা নাইনে? ভাৰতৰ সংবিধানত বৈজ্ঞানিক মানসিকতাৰ কথা কোৱা হৈছে। সেয়েহে নিজকে অৱতাৰী পুৰুষ বুলি কোৱাটো  দেখ দেখকৈ অবৈজ্ঞানিক আৰু সংবিধান উলংঘন নহয়নে? নিৰ্বাচন চলি থকা সময়ত তেজস্বী যাদৱক তেনেকৈ ধমকি দিয়াৰ অধিকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আছেনে? বা বিৰোধীক মুজৰা কৰা বুলি কোৱাৰ অধিকাৰ তেওঁৰ আছেনে? এই ক্ষেত্ৰত ভাৰতৰ নিৰ্বাচন আয়োগৰ কৰিবলগীয়া একো নাই নেকি? এইবোৰ নিৰ্বাচনী আচৰণ বিধিৰ  উলংঘণ নহয়নে? এইবোৰ দেখি শুনিও নিৰ্বাচন আয়োগ কিয় মনে মনে আছে? নিৰ্বাচন আয়োগে নিজৰ পদমৰ্যাদা আৰু কিমান তললৈ নিব? আৰু নিৰ্বাচন আয়োগে যদি এইবোৰ দেখিও নেদেখাৰ ভাও জোৰে তেওঁলোকৰ হুচ আনিবলৈ উচ্চতম ন্যায়ালয়ে একো এটা নকৰিবনে? সাধাৰণ শিক্ষিত সমাজৰ বাহিৰে নিৰ্বাচন আয়োগ বা উচ্চতম ন্যায়ালয়ে এই বিষয়ে কিয় একো কোৱা নাই? মোদীয়েতো ভুল কৰিছেই।মোদীৰ এই ভুলৰ বাবে মোদীৰ লগতে ভাৰতীয় জনতা পাৰ্টিও জগৰীয়া। কিয়নো এই বিষয়ে তেওঁলোকে একো কোৱা নাই।তাৰপিছত জগৰীয়া হ’ল নিৰ্বাচন আয়োগ।কিয়নো তেওঁলোকে মোদীক এতিয়ালৈ এই বিষয়ে জবাবদেহি কৰা নাই। আৰু নিৰ্বাচন আয়োগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে তেওঁলোকক জবাবদেহি নকৰাৰ বাবে জগৰীয়া উচ্চতম ন্যায়ালয়। কিন্তু সাংবিধানিক আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি অনুগত সকলো লোকেই এনে অনাচাৰৰ বিৰোধিতা কৰিবই লাগিব।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd